[ তৰোৱাল খাপৰ পৰা উলিয়াই বাটতে থৈ আঁতৰ হয় ]
[ ৰেণুৰ প্ৰবেশ আৰু দূৰৈত কাৰেঙৰ গবাক্ষৰ ফালে চাই আহোঁতে
তৰোৱালত উজুটি খাই ভৰি কাটি পৰি যায় ]
ৰেণু—উস্ কোনে এনে শত্ৰু শালিলে? কাৰ মই কি
অনিষ্ট কৰিছিলোঁ।
[ চুৰেং লৰি আহি ৰেণুক ধৰেহি ]
চুৰেং—কি কৰিলোঁ! কি কৰোঁতে কি কৰিলোঁ। মইয়ে
তোমাৰ এই অনিষ্টৰ মূল সুন্দৰী! মোক ক্ষমা কৰা।
ৰেণু—মই অপোনাৰ কি কৰিছিলোঁ কোঁৱৰ! মোক
এইদৰে নেমাৰি সেই তৰোৱাল বুকুত বহুৱাই দি হত্যা নকৰিলে
কিয়?
চুৰেং—মই তোমাৰ ভৰিত ধৰি ক্ষমা খুজিছোঁ সুন্দৰী!
মোৰ অপৰাধ হৈছে মোক ক্ষমা কৰা! কি কৰিলোঁ!
[ চুৰেঙ্গে মূৰৰ পাগুৰী ফালি তাৰে ৰেণুৰ ভৰি বান্ধি দিয়ে ]
ৰেণু—ছি! ছি! কি কৰে কোঁৱৰ? পাগুৰীৰ আগেৰে
এজনী লিগিৰিৰ ভৰি বান্ধি দিব।
চুৰেং—তাত কি? মোৰ নিজৰ মূৰ্খামীতে তোমাৰ এই
অৱস্থা! আৰু ইয়াত কাপোৰকে বা পাওঁ ক’ত?
ৰেণু—নেলাগে, মোৰ এনেয়ে ভাল হব! নেবান্ধিলেও হব।
চুৰেং—নহয়, নেবান্ধিলে তেজ নৰব! বান্ধি দিওঁ।
[ ৰেণুৰ ঘা বান্ধি দিয়ে ]
ৰেণু—উস্ মোৰ যে আজি সৰ্ব্বনাশ হ'ল। মই কি বুলি