শান্তিদায়িনী নিদ্ৰাৰ কোলাত অচেতন হৈ পৰে—আকৌ সাৰ পাই নতুন উদ্যমেৰে বাট বুলিবলৈ লাগি যায়। অবিকল সেই দৰে চাওকো তোমাৰ কি ৰমণীয় ছাঁয়াৰে আবৰি কি মোহত অভিভূত কৰি ৰাখা? পুৱা হলে আকৌ কি উদ্যম কি নতুন উৎসাহ দানি কৰ্ত্তব্যলৈ আগবঢ়াই পঠোৱা! আহা! কি স্বৰ্গীয় এই শান্তি! চিৰদিন থাকিবতো এই শান্তি প্ৰিয়ে!
মূলা—কিয় নেথাকিব নাথ! যিজনে আপোনাৰ মনত এই শান্তি—এই সুখৰ নিজৰা বোৱাই দিছে সেই জনেই তাক চিৰন্তনীয়া কৰি ৰাখিবও।
চাও—কেতিয়াবা এনেই হঠাৎ আহি একোটা ভাব উদয় হয়হি প্ৰিয়ে—কোনোবাই যেন কাণে কাণে কৈ গুচি যায় “চাও, অত সুখ তোৰ ন’সব।” কেতিয়াবা ভয়ত বুকু কঁপি উঠে, কেতিয়াবা অমূলক--মিছা এটা মনৰ ভ্ৰান্তি বুলি উৰাই দিওঁ।
মূলা—সি এটা মনৰ ভ্ৰান্তি নাথ। কিয় এনে মিছা আশঙ্কাত মনলৈ অশান্তি আনে? যিজনে আমাৰ মনত এই শান্তি দিছে সেইজনক মইতো সম্পদে বিপদে কেতিয়াও পাহৰা নাই। তেওঁ সুখ শান্তি ঐশ্বৰ্য্য সম্পদ সকলো দিয়াৰ গৰাকী—। তেৱেঁই দিছে আৰু তেৱেঁই ৰাখিবও।
চাও--ৰাখিব! আহা প্ৰিয়ে, লোকে তেওঁক বিপদত মাতে, আহ আমি সম্পদত মাতোঁ।
পৃষ্ঠা:নগা কোঁৱৰ.djvu/৬৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
[ ২য় অঙ্ক
নগা কোঁৱৰ