পৃষ্ঠা:নগা কোঁৱৰ.djvu/১১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮ম দৃশ্য]
১০৩
নগা কোঁৱৰ

 চুহু—মোৰ পুত্ৰ বিদ্ৰোহী, মোৰ ভাই দেশত্যাগী, মোৰ সেনাপতি মৃত—মই কি কৰোঁ ভাঙৰীয়া? কোনে আজি মোৰ নগা কোঁৱৰক ফিৰাই আনি দিব।
 চাও—আমাৰ এই শঙ্কট কালত কালে এনেকৈয়ে আমাৰ বাহু চিঙি নিলে!
 চুহু—কালে নিয়া নাই ডাঙৰীয়া! ভাইক মোৰ ঈশ্বৰে ৰক্ষা কৰিলে। বৰতিয়ে এই ভয়ানক বাতৰি দিয়াৰ আগে আগে নগা কোঁৱৰে মোৰ গুৰিত বিদায় লবলৈ আহি—সৌৱা ৰাজ পৰিচ্ছদ আৰু অস্ত্ৰ শোধাই দি, নগাৰ সাজ পিন্ধি, মুকলিমূৰীয়া হৈ মুক্ত আকাশৰ তলত বিচৰণ কৰিবলৈ গুচি গ’ল! এতিয়া বুজিছোঁ ডাঙৰীয়া—ভাইয়ে মোৰ—মোৰ ওপৰত অভিমান কৰি মোৰেই পুত্ৰৰ বিপক্ষে মোক গোচৰ দিব লাগে বুলি নিজেই আঁতৰি গল!
 চাও—তেন্তে কিহৰ ভয় স্বৰ্গদেও! জ্বলন্ত অগ্নিৰ পৰা ঈশ্বৰে যেতিয়া তেখেতক ৰক্ষা কৰিছে, দেশৰ এই দুৰ্দ্দিনত ঈশ্বৰে আমালৈকো চকু মেলি চাব। খেদ এৰক স্বৰ্গদেও— নগা কোঁৱৰ বীৰ—ৰাজ্যৰ এনে আসন্ন বিপদৰ কথা শুনিলে কেতিয়াও স্থিৰে থাকিব নোৱাৰে—অৱশ্যে আহিব—চোৰাং চোৱা পঠাওক। কোঁৱৰক মাতিবলৈ মানুহ পঠাওক স্বৰ্গদেও। বন্দীয়ে যাত্ৰাৰ আয়োজন কৰোঁ গৈ। আশীৰ্ব্বাদ কৰক যেন অচিৰে পাঠানক সমুচিত শিক্ষা দি ঘূৰি আহিব পাৰোঁ। বন্দীয়ে সেৱাহে জনালোঁ।