সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮ম দৃশ্য ]
৯৭
নগা কোঁৱৰ

তাৰ ভয় বৰতিয়ে নকৰে স্বৰ্গদেও! হয়তো যন্ত্ৰণাত মোৰ এই জিভাই বিশ্বাসঘাতকতা কৰিব। তাৰে বাট বন্ধ কৰিম স্বৰ্গদেও! এই জিভাই মোৰ কিমানৰ সৰ্বনাশ কৰিছে—আজীৱন মোৰ গোলামী কৰিছে কোনোকালে মোৰ অবাধ্য হোৱা নাই। আজি মোৰ এই জীৱন মৰণৰ সন্ধিস্থলত হয়তো যন্ত্ৰণা সহিব নোৱাৰি মোৰ অবাধ্য হব! নিদিওঁ! নিদিওঁ স্বৰ্গদেও! এইয়া চাওক তাৰ বাট বৰতিয়ে বন্ধ কৰিলে!

[ নিজৰ হাতেৰে জিভা টানি নিজৰ তৰোৱালেৰে কাটি পেলায় ]

 চাও—কি কৰিলি? কি কৰিলি বৰতি! [ স্বগতঃ ] কি সৎসাহস! কি মানসিক বল! [প্ৰকাশ্যে] এনে দৃশ্য জীৱনত এয়ে প্ৰথম দেখিলোঁ। এনে কৰ্মচাৰী পোৱাও পৰম ভাগ্য—আৰু হেৰুৱাও অতি দুৰ্ভাগ্য।

[ চাওদাং আৰু প্ৰহৰীৰ প্ৰবেশ ]

 চাওদাং—[ সেৱা কৰি ] বন্দীৰ প্ৰতি কি আজ্ঞা হয়। স্বৰ্গদেও।
 [ ৰজাই তলমূৰ কৰে। বৰতি চাওদাঙৰ ওচৰ চাপি যায় আৰু হাতেৰে নাক কাণ কাটিবলৈ ঈঙ্গিত কৰে ]
 চাও—চাওদাংক আজ্ঞা দিয়ক স্বৰ্গদেও। নতুবা অনুমতি কৰক সম্প্ৰতি বিদায় দিওঁ।
 চুহু—নহয় ভাঙৰীয়া, এই ৰহস্যৰ ভেদ ভাঙ্গিবই লাগিব। মোৰ মহলৰ ভিত কোন সেই বিদ্ৰোহী! মোৰ প্ৰাণলৈ শান্তি নাহে ডাঙৰীয়া যেতিয়ালৈকে সেই বিদ্ৰোহীক জীৱন্তে