চাও— এৰা আজি বহুতো ৰজাঘৰীয়া লেঠাৰ মীমাংসা কৰোঁতে বেলি প্ৰায় ভাটি দিলে। কিয় সুধিলা? বাস্তবিকেই আমাতকৈ তোমালোকে সময়ৰ বেছি হিচাব ৰাখা। তোমাক সদায় দেখিছোঁ মই অহাৰ এখন্তকৰ পলম হলে তুমি তাকে ধৰা। মই কিন্তু একো ঠিক ধৰিব নোৱাৰোঁ। কেতিয়াবা পলম হলেও আন দিনতকৈ সোনকালহে হৈছে বুলি ভাবোঁ। তোমাৰ ওচৰ পালেহিহে ভুল ভাগে।
মূলা— সন্ধিয়াই ভাবে কেতিয়া নিশা আহিব— বিলৰ পদুম পাহীয়ে ভাবে কেতিয়া দিনমণি আহিব— নিশাৰাণীয়ে ভাবে কেতিয়া উষা আহিব!
চাও—আৰু মোৰ মূলাই ভাবে কেতিয়া চাও আহিব।
মূলা— ইস্; আমি নেভাবোঁ যাওক।
চাও— নিশ্চয় ভাবা, নহলে সন্ধিয়া, নিশা, পদুম, উষা এই বিলাকে কি ভাবে কেনেকৈ জানিলা?
মূল— মই সিহঁতে সময়ৰ হিচাব পোৱাৰ কথাহে কৈছিলোঁ।
চাও— ময়োতো তাকে কৈছোঁ। সময়ৰ হিচাব ইমান ৰাখা দেখিয়েই তো কৈছোঁ তুমিও ভাবা চাও কেতিয়া আহিব?
মূলা— আপোনাৰ আগত কথাকৈ সাৰিব নোৱাৰি।
চাও—জানানে মূলা, ওৰে দিন প্ৰাণপাত পৰিশ্ৰম কৰি আহি তোমাৰ মুখখনি দেখিলেই সকলো দুখ সকলো ভাগৰ এক মুহুৰ্ত্ততে পাহৰি যাওঁ। ভাগৰুৱা পথিকে যেনেকৈ দিনমানৰ শ্ৰম বৰ গছৰ ছাঁয়াৰ তলত মুহুৰ্ত্ততে পাহৰিগৈ