পৃষ্ঠা:নগা কোঁৱৰ.djvu/১১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮ম দৃশ্য]
১০১
নগা কোঁৱৰ

 চুহু—কোনে কৰিব। ৰজা মই—মই কৰিছোঁ। কোৱা তুমি কি বাতৰি আনিছা?
 কটকী—বাতৰি স্বৰ্গদেও—আহোমৰ ভাগ্যাকাশত বিনামেঘে বজ্ৰাঘাত।
 চুহু—মোক পাতনি নেলাগে। লাগে ৰণৰ সংবাদ।
 চাও—স্বৰ্গদেও, অধৈৰ্য্য নহব! বিপদত ধৈৰ্য্যই হে সাৰথি।
 কটকী—কবলৈ বুকু ফাটি যাব খোজে স্বৰ্গদেও, আহোমৰ পাঁচজন সেনাপতি ৰণত পৰিল। আমাৰ সৈন্য ছত্ৰভঙ্গ দিলে। পাঠানৰ যেনি তেনি জয় জয় ময় ময়। স্বৰ্গদেও। বিশ্বাসঘাতক পাঠানে সমুখ ৰণত টিকিব নোৱাৰি ছল কৰি কৰি চোৰাংকৈ আহি আমাৰ এনে সৰ্বনাশ কৰিলে। তথাপিও স্বৰ্গদেও পাঠানৰ এটাও পদাতি নবাবক বাতৰি দিবলৈ নেথাকিলহেঁতেন যদি বুঢ়া গোহাঞী ডাঙৰীয়া আমাৰ গুৰি ধৰিবলৈ থাকিলহেঁতেন! আমাৰ দুৰ্কপাল স্বৰ্গদেও, পাঠানৰ দিন ভাল! নহলেনো কিয় বুঢ়া গোঁহাই ডাঙৰীয়াই সেইদিনা কঁকালৰ বিৰি সোলোকাই ববনৈত গা ধুবলৈ যাব। সেয়ে আমাৰ কাল হ’ল। শেণ অহাৰ দৰে ক’ৰ পৰা নৰকী পাঠানে আহি ডাঙৰীয়াক পানীতে আক্ৰমণ কৰিলেহি। সেই বৃদ্ধ বাহুৰেই শত্ৰুৰ হাতৰ অস্ত্ৰ কাঢ়ি লৈ ডাঙৰীয়াই দেখুৱাই গ'ল আহোমৰ পৰাক্ৰম! পাঠান কেঁচা তেজেৰে নিজৰ দেহ ৰাঙলী কৰি বৰনৈৰ পানী ৰাঙলী কৰিহে বীৰৰ দৰে স্বৰ্গলৈ গুচি গ'ল! সেয়ে আমাৰ