পৃষ্ঠা:নগা কোঁৱৰ.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৪
[ ২য় অঙ্ক
নগা কোঁৱৰ

বাল তাকিছে উনি পালে বাল পাম। কব নালাকে বুবু, তাৰ পালে দেকি নাপাই আমাৰ দুক পাইছে।
 খুণবাও—লুকু, মুৰ দুক তাকি তুৰ দুক দেকি পাইয়ে তাকে মাতিব বাবিছে। তাৰ কিয়ানি এতিয়া তুকে দেকি পালেও চিনি নাপায়!
 লুকু—নালাকে বুবু মুৰ পালে তাৰ চিনি পাব নালাকে!
 খুণবাও—তুৰ মন ৰং নেদেকিলে তুৰ আঁয়ি নেদেকিলে মুৰ যে বুকু পাটি যুৱা অমান দুক পায় লুকু। তাৰ আয়িব জানিলে তুৰ ইমান দিন দিন উকাই যাইছে কিয় লুকু?
 লুকু—আমাৰ ক’ত উকাইছে বুবু! তুৰ অদায় দিন আমাৰ পালে উকাইছে দেকিছে। আমাৰ অলে আকব অমান তাকিছে।
 খুণবাও—মুকে কি পাকি দিবি লুকু, মুৰ পালে কি লুকাই ৰাকিব পাৰিবি লুকু! মই আটাই জানিছে আটাই দেকিছে—তুৰ অউ বুকু বিতৰতে কিমান দুক আমাৰ জানি পুৱা নাই বাবিছ লুকু! আমাৰ পালে তুৰ লুকাই তাকি কনা দেকি পুৱা নাই বাবিছ লুকু!

[ লুকুৱে চকুপানী মছি বাপেকৰ আগৰ পৰা আঁতৰি গুছি যায় ]

 তুৰ বুবু আটাই কতা জানি পায় লুকু, তুৰ মুক দেকি আটাই বুজি পায়। এবাৰ যাই তাকে উদি আয়িম—তুৰ পালে তাৰ কেনে পাঅৰিলে। মুৰ জাতি তাৰ আততে দি বুকু পাতি দিম—জাতি এই বুকুতে বউৱাই দিব কম! চেংলুং! চেংলুং!

[ প্ৰস্থান ]