ষষ্ঠ দৃশ্য
[ ৰজাৰ হাউলীৰ ভিতৰৰ বাগিচা।
চুৰেং কোঁৱৰ অকলে ইফাল সিফাল কৰি থাকে ]
চুৰেং—সমুদ্ৰৰ বুকুত ঢউ উঠে আপুনি মাৰ যায়! মোৰ বুকুৰ ইকি ভয়ানক ঢৌ! ক’ত সি মাৰ যাব দিনে দিনে ডাঙৰ হৈ মোকে তাৰ বুকুত মাৰ নিয়াব খোজে! আজি ইমান দিনে সেই এটা চিন্তা। দিন নাই ৰাতি নাই সপোন নাই দিঠক নাই চিন্তা সেই এখনি মুখৰ! সৌ গবাক্ষত থিয় হৈ আজি ইমান দিন লৰাই জোনটি চোৱাৰ দৰে দূৰৰ পৰা চায়েই মনৰ তৃপ্তি সাধন কৰিছোঁ ধৰিবলৈ হাত মেলোঁ যেন কত দূৰত! বুজা নাইনে মোৰ হিয়াৰ নীৰব যন্ত্ৰণাৰ কথা। কতদিন চাইছে—সেই চোৱা—সেই চকুদুটিত যেন কত কথা লুকাই আছে! কিমান দিন অপেক্ষা কৰিম! কিমান দিন আৰু এই অন্তৰৰ দাৰুণ পোৰণী সহিম! আজি নিশ্চয় সুধিম! আজি আৰু হতাশ অন্তৰে উভতি নেযাওঁ। মোৰ বুকুৰা ভালপোৱা ঢালিদি কৈ চাম, তুমি মোৰ হোৱা! তেতিয়ানো মোক উপেক্ষা কৰিবনে? ইমান নিষ্ঠুৰ হব পাৰিবনে? যাচি দিয়া প্ৰেম ভৰিৰে ঠেলি গুচি যাবনে? এই পিনেই তো আহিব! আহিবৰ সময়ো হৈছে। বাৰু মোৰ তৰোৱাল খনকে বাটত থৈ দিওঁ! পৰি থকা দেখিলে হয়তো বিচাৰ কৰিবও পাৰে কাৰ তৰৱাল! নতুবা খন্তেক ৰবও পাৰে।