বিদায় লবলৈ আহিছোঁ। এই লওক স্বৰ্গদেও, আপুনি অনুগ্ৰহ কৰি দিয়া ৰাজ পৰিচ্ছদ আৰু অস্ত্ৰ। মোক বিদায় দিয়ক।
চুহু—বিদায় দিম! কিয় ভাই—এবাৰ মোক ভাই বুলি মোক তোমাৰ ভ্ৰাতৃত্বৰ দুৰ্ভেদ্য আবৰেণেৰে আৱৰি ধৰি আকৌ কিয় এৰি গুচি যাবলৈ ওলাইছা? কোৱা ভাই, কি হল? হঠাৎ কিয় এই পৰিবৰ্ত্তন—একে ৰাতিতে চেহেৰাৰে ইমান পৰিবৰ্ত্তন।
কণচেং—একো নহয় স্বৰ্গদেও। গোটেই ৰাতি উজাগৰে থকাৰ বাবেই হয়তো অলপ ক্ষীণ দেখিছে।
চুহু—গোটেই ৰাতি উজাগৰে কি এনে দুশ্চিন্তাত কটালা ভাই?
কণচেং—দুশ্চিন্তাত নহয় স্বৰ্গদেও। মোৰ স্বৰ্গীয়া জননীৰ গুৰিত বিদায় লবলৈ গৈ মাতৃৰ মৈদামতে গোটেই ৰাতি কটাই এইমাত্ৰ তাৰ পৰা স্বৰ্গদেওৰ ওচৰত বিদায় লবলৈ আহিছোঁ। মোক বিদায় দিয়ক স্বৰ্গদেও মই যাওঁ। ইমান দিনে যদি কিবা অপৰাধ কৰি আছে ক্ষমা কৰিব।
[ ৰজাক সেৱা কৰে।]
চুহু —তুমি কি অপৰাধ কৰিবা ভাই। হয়তো অপৰাধ কৰিছোঁ মই। যাৰ বাবে মোক আজি এনে দৰে দগ্ধ কৰি গুচি যাবলৈ ওলাইছা। মোক ক্ষমা কৰা ভাই! কোৱা ভাই কিয় যাবা? কলৈ যাবা?
কণচেং—নুসুধিব স্বৰ্গদেও! হয়তো বেলি হলে এই