পৃষ্ঠা:নগা কোঁৱৰ.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
[২য় অঙ্ক
নগা কোঁৱৰ

তাৰ শাস্তি অতি ভীষণ—তাক তিল তিল কৈ ভীষণ যন্ত্ৰণাদি বধ কৰিম।
 [{বৰতিয়ে নিজৰ তৰোৱাল বুকুত সুমাই আত্মহত্যা কৰে ]
 কি কৰিলি! কি কৰিলি বৰতি! চাওক ডাঙৰীয়া, বৰতিয়ে মোৰ অনুমানৰ সত্যতা প্ৰমাণ কৰি গ'ল! উত্স মোৰ কি দুৰ্কপাল!
 চাও—দুৰ্কপাল এই দেশৰ স্বৰ্গদেও। কি স্বৰ্গীয় এই আত্মবিসৰ্জন! এনে হীন আবৰণৰ তলত ইমান মহৎ হৃদয়।
 চুহু- মোৰ ভাইয়ে মোক এৰি গুচি গল—মোৰ বিশ্বাসী অনুচৰে-মোৰ দৃষ্টি কাঢ়ি লৈ গ’ল! বৰতি! বৰতি। ইমান মহৎ তই—জীৱনত অনুমান কৰিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি যা বৰতি। ডাঙৰীয়া—এই পবিত্ৰ দেহৰ সৎকাৰৰ আয়োজন কৰক। জীৱনত একো কৰিব নোৱাৰিলোঁ। মৰণত তাৰ কণামাত্ৰ ঋণ শোধ কৰোঁ।
 চাও—ভাল স্বৰ্গদেও, সৎকাৰৰ বিশিষ্ট আয়োজনকে কৰা

[ কটকীৰ প্ৰবেশ]

 কোন? কটকী? ৰণৰ সংবাদ কি?
 চুহু—আকৌ কি ভীষণ বাতৰি লৈ আহিছ কটকী? আৰু কি বিপদৰ বোজা মোৰ মূৰৰ ওপৰত থবলৈ আনিছা?
 কটকী-ইকি দেখিছো স্বৰ্গদেও! বৰতি চোৰাংচোৱা। কোনে এই অবস্থা কৰিলে?