পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৬
[ ২য় অঙ্ক
নগা কোঁৱৰ

 কণচেং—মই ডাঙৰ আছিলোঁ তোৰ গুৰিত বুবু! মই ভাঙৰ আছিলোঁ হাবিৰ পহু খাই জুৰিৰ পানী খাই গছৰ গুটি খাই!—মুকলি মনেৰে পৰ্ব্বতে পাহাড়ে ঘূৰি ফুৰি!—আজি মই সৰু—নিচেই সৰু! লোৰ পিঁজৰাত বন্দী মইনা চৰাইৰ দৰে পৰৰ বন্ধুৱা গোলাম।

 খুণবাও—তেনেঅলে আক’ আয়িবি চেংলুং! আবিত পউ ৰকম আক’ পৰ্পত বৈয়াম গুৰি লুকু লকতে দেমালি কৰি পুৰিবি। আক’ অদায় দিন তুকে দেকি পাম। লুকু মুকত আঁয়ি দেকি পাম।

 কণচেং—তেন্তে কি হাঁহিৰ নিজৰা—বনৰ পখিলি লুকুৰ মুখত হাঁহি নাই! ৰাংধালী কেতেকীৰ ৰঙৰ কুৰুলি নাই।

 খুণবাও—নাই—চেংলুং—! পকিলিৰ ৰণা ডেউকা বাঙি পৰিলে—আৰু কি উৰিব—আৰু কি আঁয়িব।

 কণচেং—ময়ে সেই ৰাক্ষস বুবু! উস্ কি কৰিলোঁ! ৰাক্ষস মই! পিশাচ মই। মোৰ কাৰণেই লুকুৰ আজি এনে অৱস্থা! কি সৰ্বনাশ কৰিলোঁ! কিয় এই জ্বলা জুইত জাপ দিলোঁ! স্বৰ্গ এৰি কিয় এই নৰকত পচি মৰিলোঁ। কি কৰিলোঁ। কি স্বৰ্গীয় সেই অনাবিল শান্তি ভৰিৰে ঠেলি আজি নৰকৰ লালসাত ডুবগৈ নিজৰ অস্তিত্বকো বিস্মৃতিৰ অতল গৰ্ভত ডুবাই দিছোঁ। কি মহাভুল! অযাচিতে পোৱা। অমৃত ভৰিৰে ঠেলি হলাহল বিষ পান কৰিলোঁ। নহয়! আৰু নহয়! আৰু বন্ধত আবদ্ধ নহওঁ। পিঞ্জৰ ভাঙ্গি