একুড়ি ছঅঁৰা ডেকা হাজিৰ কৰিবহি। ছফল ডেকা জাকক জিয়া জুইত জাহ যাবলৈ নিদিব গাভৰুদেও। মই মাকটিয়েকে সিহঁতক বুঢ়ী বাঢ়নীৰ আগতহে থ’ম। যিটোৱেই মুহিলাৰ বাঢ়নীৰ আগত টিকিব পাৰিব তাকে মুহিলাই বৰিব।
মূলা--বলিয়ানী! স্বয়ম্বৰা হব খোজনেকি? বাৰু মই ডাঙৰীয়াক তাৰ কথাও কম।
মুহিলা—কব গাভৰুদেও! দহোকুড়ি কব। মই বাজলৈ ওলাব নোৱাৰোঁ। কটাৰপোহঁতে যেনেহে চকু পকোৱাপকি কৈ চায়! গোটা চেৰেকক বুটী বাঢ়নীৰে ভালকৈ এপৰালি দিব পাৰিলে তেও মোৰ গাটো চেচা হব।
মূলা—যাৰ যহত শাক সেন্দুৰ তাকে পাত ভোকোৰা এন্দুৰ মৰতী! যাকে নেপাই কলিজা শাঁত নপৰে তাকো নো আকৌ বাঢ়নীৰে খুচিব পাৰিবিনে?
মুহিলা—এবাৰ বৰিলে জানো গাভৰুদেও তালৈ হাত তুলিব পাৰিম! সিহঁতৰ হাতৰ তলুৱাহে হম আৰু! উঠ বুলিলে উঠিব লাগিব বহ বুলিলে বহিব লাগিব। এফালৰ পৰা পিহি নিলেও এঁ কৰিব নোৱাৰিম। সেই দেখি মাকটিয়েকে নৌ বৰোঁতেই ভালকৈ এপৰালি দি লম যেন জাউতি যুগীয়াকৈ শিকি লয় কেনেজনীৰ হাতত পৰিছে।
মূলা—থ তোৰ কথাখন বলিয়ানীজনী; ডাঙৰীয়া আহিছে হবলা যা হাত ভৰি ধুবলৈ পানী আন।
[ চাও বৰ গোঁহাইৰ প্ৰবেশ আৰু মুহিলাৰ প্ৰস্থান ]