পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
[ ২য় অঙ্ক
নগা কোঁৱৰ

 চুৰেং—[ স্বগতঃ ] তেনেহলেকি মোৰ আশাত অঙ্কুৰতে জলাঞ্জলি দিব লাগিব। কেতিয়াও নহয়! মোৰ প্ৰাণ গলেও নহয়! এই ৰাজ্যত তোমাৰ যিমান ক্ষমতা মোৰো সিমান। মোৰ স্বাৰ্থৰ বাটত অন্তবায় হলে মই কাকে ক্ষমা নকৰিম!

 ৰেণু—মৌন হ’ল দেখোন কোঁৱৰ। অ’ কথা তেনে মিছা নহয়!

 চুৰেং—কি মিছা নহয়!

 ৰেণু—আপোনাৰে ডেকাৰজাৰে কাজিয়াৰ গুৰি।

 চুৰেং—[ স্বগতঃ ] এতিয়াওনো বুজা নাইনে! [ প্ৰকাশ্যে ] যদি জানিলাহেঁতেন! যদি বুজিলাহেঁতেন সুন্দৰী কি দাৰুণ দাবানল এই বুকুৰ ভিতৰত!

 ৰেণু—কাৰ কাৰণে কোঁৱৰ? কোন সেই হতভাগিনী!

 চুৰেং—এতিয়াও বুজা নাই কাৰ কাৰণে সুন্দৰী? আজি অতদিন সৌ গবাক্ষৰ পৰা যাৰ মুখখনি নীৰবে চাই চাই কাল নিয়াইছোঁ। যি ছবিখনি হিয়াৰ সিংহাসনত থাপি নীৰবে পূজা কৰিছোঁ সেই মানস প্ৰতিমা মোৰ—তুমি—তুমি সুন্দৰী। এবাৰ কোৱা তুমি মোৰ হবা!

 ৰেণু—মই! আপনি কৈছে কি কোঁৱৰ। মই যে লিগিৰি।

 চুৰেং—লিগিৰি নোহোৱা মোৰ হৃদয় ৰাজ্যৰ অধিশ্বৰী। হয়তো বা এই সুবিস্তীৰ্ণ আহোম ৰাজ্যৰ ভাবী পটেশ্বৰী।

 ৰেণু—নকব কোঁৱৰ! মোৰ আৰু আপোনাৰ নিজৰ সৰ্ব্বনাশৰ বাট মুকলি নকৰিব।