পৃষ্ঠা:নগা কোঁৱৰ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ৰ্থ দৃশ্য ]
৬৫
নগা কোঁৱৰ

এই ধ্বংস যজ্ঞৰ পুৰোহিত হোৱাহি! বাহিৰত জুই জ্বলাই আহিছোঁ—হয়তো বা নবাবৰ ফৌজ উজাই আহি এতেদিনে গুৱাহাটী পাইছেহি! ভিতৰতো জুই জ্বলাইছোঁ! ভিতৰে বাহিৰে জুই! এই জুইত এটা এটা কৈ মন্ত্ৰী পাৰিষদ ৰজা ৰাজকোঁৱৰ সকলো জাহ যাব লাগিব। ৰক্ষা নাই। কাৰো ৰক্ষা নাই! কোনো সাৰিব নোৱাৰে—! প্ৰতিশোধ! ৰমণীৰ প্ৰতিশোধ! হাঃ হাঃ ৰমণীৰ প্ৰতিশোধ!

[ প্ৰস্থান ]

—আঁৰকাপোৰ—


চতুৰ্থ দৃশ্য

[ মন্ত্ৰণাগৃহ ]

[ চুহুং, খেনলুং, চাওফ্ৰাচেংমুং আৰু কণচেং বৰপাত্ৰগোঁহাই ]

 চুহু—বৰ ডাঙৰ সমস্যা ডাঙৰীয়া সকল। শান্তিপূৰ্ণ সুনিৰ্ম্মল আহোমৰ—ভাগ্যাকাশত আকৌ হঠাতে এচমকা ক’লা ডাৱৰে দেখা দিলে! হয়তো ধুমুহা ডাঙৰকৈয়ে মাৰিব! ৰঙামাটিৰ নবাব খছলখাঁই দেশজয় কৰিবলৈ সেনাপতি তুৰ্ব্বক আৰু হুছেন খাঁক সৈন্য সামন্ত দি পঠাইছে। সিহঁতে বোলে সৌমাৰ আক্ৰমণ কৰিব আৰু খুব সম্ভব কলিয়াবৰৰ ওচৰতে ছাউনী পাতিবহি।