পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬ষ্ঠ দৃশ্য ]
৮৩
নগা কোঁৱৰ

এবাৰ আহাঁ মোৰ ইমান দিনৰ অন্তৰৰ পোৰণী চেঁচা কৰি যোৱা! মোৰ হৃদয়ত বল দি যোৱা।

[ ৰেণুৰ ফালে আগবাঢ়ি যায়, ৰেণু আঁতৰ হয়।]

 ৰেণু—মই যি কলোঁ পাহৰি নেযাব কোঁৱৰ। নহলে আপোনাৰ সমূহ বিপদ। মই যাওঁ—মোক যাবলৈ দিয়ক।
 চুৰেং—নেযাবা—নেযাবা—
 [ ৰেণুক ধৰিবলৈ খেদি যাওঁতে এপাত কাঁড় আহি চুৰেঙ্গৰ বাহৰ ওচৰেদি যায়। চুৰেং থমকি ৰই তৰোৱাল ডাঙ্গি লয়।]
 ইকি? কাৰ এনে দুঃসাহস! কোনে আজি মৃত্যুক মাতিছে—
 [ হাতত ধেনু আৰু খোলা তৰোৱাললৈ উগ্ৰমূৰ্ত্তি চুক্লেন কোঁৱৰ সোমাই আহে ]
 চুক্লেন—পিশাচ! অকলে পাই এজনী অবলাৰ ওপৰত অত্যাচাৰ কৰিবলৈ ওলাইছ? নিলাজ পশু মৃত্যুয়েই তোৰ উপযুক্ত শাস্তি।
 চুৰেং—তুমি! তুমি ডেকাৰজা! তুমিয়েই গুপ্ত ঘাতকৰ দৰে মোকে লক্ষ্য কৰি কাঁড় মাৰিছিলা?
 চুক্লেন—ময়ে মাৰিছিলোঁ। ভাবিছ সাৰি গলি! নহয়— এনে পাপৰ শাস্তি মৃত্যু—প্ৰস্তুত হ ভীৰু।

[তৰোৱাল ডাঙে ]

 চুৰেং—কাপুৰুষ! ল তেনে উপযুক্ত শাস্তি।