পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮ম দৃশ্য ]
৯৯
নগা কোঁৱৰ

 চাও—স্বৰ্গদেও। একেবাৰেই অনুমানৰ ওপৰত—এনে—
 চুহু—মোক বাধা দিবৰ চেষ্টা নকৰিব ভাঙৰীয়া ই অনুমান নহয়! ই ধ্ৰুব সত্য!
 চাও—স্বৰ্গদেওৰে পুত্ৰ! দোষ কৰিলেও এই বাৰলৈ ক্ষমা কৰিলে একো অনিষ্ট নহয়। দেশৰ এনে শঙ্কট কালত এটা অশান্তিৰ বাট বঢ়োৱাহে হব।
 চুহু—অশান্তি আৰু কি বাঢ়িবৰ বাকী আছে ভাঙৰীয়া! মমতায়ে মোৰ সৰ্ব্বনাশ কৰিছে। আৰু নহয় ডাঙৰীয়া! এইবাৰ কঠোৰ হাতেৰে শাসন দণ্ড ধৰিম। জুইত আঙুলী দিলে জানো জুইয়ে নুপুৰিব ডাঙৰীয়া? পুত্ৰ ৰাজদ্ৰোহী হলে কি ৰজাই তাৰ শাস্তি বিধান নকৰিব!
 চাও—যদি নিৰপৰাধ হয় স্বৰ্গদেও।
 চুহু—নিৰপৰাধ! মোৰ মহলৰ ভিতৰত আৰু এনে কোন আছে যে এনেকুৱা দুঃসাহসৰ কামলৈ আগবাঢ়িব! আপুনি অতি শীঘ্ৰে বুজিব পাৰিব মোৰ অনুমান যথাৰ্থ। মই অবিহিত একো কৰা নাই। বন্দী কৰিছোঁ মাথোন। ৰাজ্যৰ এনে শঙ্কট কালত সিহঁতৰ অপৰাধলৈ চাই মই প্ৰাণ দণ্ডৰ আজ্ঞা দিব লাগিছিল। দিম ডাঙৰীয়া, প্ৰয়োজন হলে তালৈকো পুত্ৰ বুলি কুণ্ঠা বোধ নকৰোঁ। বৰতি! যাক ৰক্ষা কৰিবলৈ এনে দৰে আত্মবিসৰ্জ্জন দিলি ক’ত তাকতো ৰক্ষা কৰিব নোৱাৰিলি! মই বুজিছোঁ বৰতি! মোক কোনোবাই বুকুত খুন্দিয়াই কৈ দিছেহি কোন তোৰ এনে অবস্থা কৰাৰ গৰাকী—! মই তাক ক্ষমা নকৰোঁ বৰতি।