পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭ম দৃশ্য ]
৮৫
নগা কোঁৱৰ

 খুণবাও—কিয় আয়িলে। তুৰ আততে মৰিপ আয়িলে। জাতি ল চেংলুং—বুকুতে বউৱা—
 কণচেং—বুবু—বুবু—
 খুণবাও—একু উনি অয়া নাই—মৰিব আয়িছে! জাতি ল চেংলুং।
 কণচেং—মোক ক্ষমা কৰ বুবু—
[ খুণৰাওৰ ভৰি দুটাত সাবট মাৰি ধৰে।]
 ক বুবু—সুকু ভালে আছে?
 খুণবাও-লুকু কতা উদিছে—লুকু পালে পাঅৰা নাই চেংলুং?
 কণচেং—লুকুক পাহৰিম! ক বুবু! লুকু কেনে আছে?
 খুণবাও—তঅঁতি অআম মানু, নকাকিনি দুক কি জানি পাব! নকা অলে মৰি কলে কাৰ পালে ইমান দুক দেকিব নুৱাৰে!
 কণচেং—তোৰ গুৰিত মই সেই নগা বুবু!—তোৰ সেই চেলুং—মোক পৰ নেভাবিবি—!
 খুণবাও—তুৰ পালে পৰ বাবিলে তুৰ আততে মৰিপ আয়িব কেলে চেংলুং?
 কণচেং—লুকুক কবি বুবু মই যাম! দেশত ৰণ লাগিছে সেই দেখি যাব পৰা নাই।।
 খুণবাও—আমাৰ উনি পাইছে চেংলুং, অঅম মা্নু তুৰ পালে ভানৰ বিকয়া পাতিছে। চেংলুং ডানৰ মানু অইছে।