পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬ষ্ঠ দৃশ্য ]
৮১
নগা কোঁৱৰ

 চুৰেং—মোক বিমুখ নকৰিবা সুন্দৰী! বৰ আশা! বৰ আশা বুকুত বান্ধি তোমাৰ ওচৰ চাপিছোঁ। তাতকৈ লোৱা সৌ তৰোৱাল মোৰ বুকুত বহুৱাই দিয়া।
 ৰেণু—ছিঃ কোঁৱৰ! আপুনি কয় কি? আপুনি এই আশা বিসৰ্জ্জন দিয়ক। নহলে আপোনাৰ জীৱনলৈ টনাটনি আৰু মোৰতো মৃত্যু নিশ্চয়।
 চুৰেং—তোমাক নেপালে মৰোঁ সিও ভাল। জীৱন থাকে মানে তোমাৰ আশা এৰিব নোৱাৰোঁ তুমি মোৰ সুন্দৰী! কোৱা সুন্দৰী এবাৰ কোৱা, মোৰ তুমি হবা।
 ৰেণু—কেনেকৈ কওঁ কোঁৱৰ। মৰিবলৈ কাৰ ভয় নাই।
 চুৰেং—বুজিছোঁ! বুজিছোঁ! মোৰ প্ৰতি সদয় হৈছা। ভয়ত কবলৈ সাহ কৰা নাই। একো ভয় নাই সুন্দৰী। তোমাক পাবলৈ মই পৃথিবীৰ সকলোৰে বিপক্ষে ঠিয় দিবলৈকো কুণ্ঠা বোধ নকৰোঁ।
 ৰেণু—আপুনি নকৰিব পাৰে। আপুনি পুৰুষ আপোনা ভয় নাই। মই যে নাৰী মোৰতো সিমান সাহ নাই।
 চুৰেং—কিহৰ ভয়। তুমি সদয় হোৱা! মই আমাৰ মিলনৰ বাটৰ সকলো কণ্টক দূৰ কৰিম। তেতিয়াতো তোমাৰ কোনো শঙ্কা কোনো ভয় নেথাকে!
 ৰেণু—আপুনি জানেনে কোঁৱৰ সেই পথৰ কণ্টক কোন?
 চুৰেং—জানো! জানো সুন্দৰী!
 ৰেণু—যদি জানে কোঁৱৰ। তেন্তে এই আশা পৰিত্যাগ কৰক!