পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
[ ২য় অঙ্ক
নগা কোঁৱৰ

 চুৰেং—জীৱন থাকে মানে নহয়! ডেকাৰজা! ডেকাৰজা তোমাৰে মোৰে মিলনৰ পথৰ অন্তৰায়!
 ৰেণু—সেই ডেকাৰজা আপোনাৰ ককাইদেৱেক।
 চুৰেং—হলেই বা! একো ক্ষতি নাই। ককাইদেও হলেও মোৰ ইচ্ছাত বাধা দিলে মই ক্ষমা নকৰিম।
 ৰেণু—বাধা দিলে কি—দিছেই আৰু দিবও। আপোনাৰ আশা মিছা।
 চুৰেং—মিছা! মই হত্যা কৰি হলেও কণ্টক দূৰ কৰিম।
 ৰেণু—পাৰিব পাৰিব কোঁৱৰ!
 চুৰেং—নিশ্চয় পাৰিম—কোৱা মোক—এবাৰ মুখ ফুটাই কোৱা তুমি—তুমি মোৰ হবা?
 ৰেণু—যেতিয়া পাৰিব তেতিয়া। এতিয়া আহোঁহে কোঁৱৰ মোৰ বহুত পলম হল!
 চুৰেং—আকৌ কলৈ যাবা সুন্দৰী? যেতিয়া মোৰ হৃদয় আকাশত ৰঙা-বেলি ৰেঙাইছে—এবাৰ আহা প্ৰাণেশ্বৰী তাৰ পূৰ্ণ উদয় হওক!
 ৰেণু—মই কোৱা কথা পাহৰি নোেব কোঁৱৰ।
 চুৰেং—নাই পাহৰা সুন্দৰী! মই কণ্টক দূৰ কৰিম। নিশ্চয় কৰিম। মোক লাগে তোমাক।
 ৰেণু—যেতিয়া কন্টক আপোনাৰ দূৰ হব তেতিয়া বিচাৰ কৰিব কোঁৱৰ। তাৰ আগেয়ে নহয়।
 চুৰেং—নহয়—নহয় তুমি ইমান নিষ্ঠুৰ হ্ব নোৱাৰা!