পৃষ্ঠা:নগা কোঁৱৰ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
৫৯
নগা কোঁৱৰ
[দুয়ো কৰযোৰ কৰে]
[মুহিলাৰ পুনঃ প্ৰবেশ]

 মুহিলা — চাংমাই ৰখি, আছে গাভৰু দেও!

 চাও — গৈছোঁ বল।

[ সকলোৰে প্ৰস্থান ]


—পটপৰে—

⸺⸺⸺

 
তৃতীয় দৃশ্য
কাৰেং। চুক্লেন কোঁৱৰৰ কোঠা

  [চুক্লেন বৰ গাৰুত আউজী থাকে। লিগিৰিহঁতৰ কোনোৱে বিছে কোনোৱে কোঁৱৰৰ ভৰি পিটিকি দিয়ে]

 চুক্লেন — আজি কি মোৰ ওচৰত কোনো নাই?

 ১ম লি — এইয়া দেখোন আমি আছোঁ কোঁৱৰ! আই-চুদেউতাক মাতিম নে কি?

 চুক্লেন— হেলাক! নেলাগে! কাৰ কথা কব খুজিছিলোঁ। আঃ পাহৰি গলোঁ। বাৰু তহঁত এই ফালে আই।

[লিগিৰিহঁত আগলৈ আহে]

 ১ম লি— আজিনো কাক বিচাৰিছে কোঁৱৰ?

 চুক্লেন— কাকো বিচৰা নাই। গা, এটা গীত গা। এনে গীত গাবি যেন মোৰ মন প্ৰাণ কোনোবা ৰাজ্যলৈ গীতৰ লগে লগে উটি গুচি যায়! অ' তহঁতৰ লগৰ সেই ন লিগিৰি জনীয়েও গাৰ পাৰে নহয়।