পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
[ ২য় অঙ্ক
নগা কোঁৱৰ

দাহণ কৰিব নোৱাৰোঁ। মোৰ বিশ্বাস হৈছে ডাঙৰীয়া এই বিদ্ৰোহৰ মূলত মোৰ দুই জ্যেষ্ঠ কোঁৱৰ আছেই আছে। সিহঁতেই এই কাৰ্য্য কৰিছে। ৰজা মই মমতা কৰিলে নহব! কঠোৰ হাতেৰে ৰাজদণ্ড ধৰিম। এদিন নাগাকোঁৱৰেই সিহঁতক কটাকটিকৈ মৰাৰ পৰা ৰক্ষা কৰিছিল! সিহঁতৰ যত্ন নিষ্ফল কৰি সিহঁতক সুপথলৈ আনিবৰ যত্ন কৰিছিল! সেই কাৰণেই ভাই মোৰ পুত্ৰৰ বিপক্ষে মোক গোচৰ দিব লাগে বুলিয়েই ৰাজ্য এৰি গুচি গলা। এবাৰ নকলা! ঘূণাক্ষৰেও মোক জানিব নিদিলা যে এই অত্যাচাৰেই তোমাৰ এই পাপ ৰাজ্য এৰি যোৱাৰ কাৰণ। মই বুজিছোঁ ডাঙৰীয়া! সকলো কথা এতিয়া মোৰ পৰিষ্কাৰ অনুমান হৈছে। মই পাইছোঁ ক’ত এই বিদ্ৰোহৰ গুৰি! ইয়াৰ উপযুক্ত বিধান দিম ডাঙৰীয়া! মোৰ বাহিৰৰ শত্ৰুত কৈ দেখিছোঁ ঘৰৰ ভিতৰৰ শত্ৰুহে ডাঙৰ। ভিতৰৰ শত্ৰুয়েহে মোৰ সৰ্ব্বনাশ কৰিব! প্ৰহৰী!
 প্ৰহৰী—স্বৰ্গদেও!
 চুহু—এই মুহূৰ্ত্ততে গৈ বন্দিশালৰ বৰুৱাক য’তে আছে ত’তে মোৰ আজ্ঞ শুনাবি—মোৰ দুই জ্যেষ্ঠ কোঁৱৰ চুক্লেন আৰু চুৰেঙ্গক বন্দি কৰিব লাগে। আজিয়েই। চাবি যেন পলম নহয়। যা চাওদাং তয়ো যা। দুই পুত্ৰ বন্দী নোহোৱালৈকে যেন ঘূণাক্ষৰে এই কথা প্ৰকাশ নেপায়। যদি কিবা সম্ভেদ পাই মোৰ পুত্ৰ পলাই সাৰে তহঁতৰ শাস্তি মৃত্যু। যা শীঘ্ৰে যা। [ প্ৰহৰী আৰু চাওদাঙৰ প্ৰস্থান ]