সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ৰ্থ দৃশ্য ]
৭১
নগা কোঁৱৰ

সকলৰ আশীৰ্ব্বাদহে লাগে, বন্দীয়ে পাঠানক সমুচিত শাস্তি বিহি অচিৰে উলটি আহিম।
 চুহু—অপোনাৰ বৃদ্ধ শৰীৰৰ উৎসাহ দেখি ইচ্ছা হয় নিজে অন্ত্ৰলৈ এবাৰ ওলাওঁ। এনে তেজ, এনে শক্তি, যদি মোৰ সকলো প্ৰজাৰ হ'লহেতেন! ডাঙৰীয়া! আপোনাৰ ইচ্ছাত বাধা দিবলৈ মই অপাৰগ। এই সমৰৰ সেনাপতি মই আপোনাকে বৰণ কৰিলোঁ।
 খেন্​লুং—বৰ তৃপ্ত হলোঁ স্বৰ্গদেও। বুঢ়াৰ শৰীৰত নতুন শক্তি সঞ্চাৰিত হল।
 চাও—আমাক বৰঘৰ ৰখীয়া পাতি ডাঙৰীয়া বাজ ওলাইছে, ঈশ্বৰক খাটোঁ শত্ৰুৰ মুখত ছাই দি স্বদেশৰ আৰু স্বৰ্গদেও মুখ উজ্জ্বল কৰকহি।
 কণচেং—এই বয়সতো ডাঙৰীয়াৰ উৎসাহ উদ্যম দেখি আমাৰ নিজৰ ওপৰত ধিক্বাৰ দিবলৈহে ইচ্ছা হয়। এই তেজ এই বীৰ্য্য এই পৌৰুষৰ শতাংশৰ একাংশৰো যদি অধিকাৰী হব পাৰিলোঁহেতেন! অজ্ঞা দিয়ক ডাঙৰীয়া, অধীনো লগতে ওলাওঁ।
 খেন্​লুং—নেলাগে কোঁৱৰ! আপোনাৰ আৰু বৰগোহাঞী ডাঙৰীয়াৰ কৰ্তব্য অতি গুৰুতৰ। ঈশ্বৰে নকৰক, যদি এই স্থবীৰ বাহু হীনবল হয়, হয়তো ডাঙৰীয়াৰ উপস্থিতি ৰণক্ষেত্ৰত প্ৰয়োজন হব পাৰে। তেতিয়া ৰণবাঞ্ছা পূৰ্ণ কৰিব।
 চুহু—যদি প্ৰয়োজন হয় সৈন্যবল আৰু কিছু লওক ডাঙৰীয়া।