পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭ম দৃশ্য ]
৮৯
নগা কোঁৱৰ

নহয়, এই ফুল যে বাহি নহয়—আজি দিয়া। তেন্তে! তেন্তেকি গ'লহি। সাৰিলি পিশাচ! আজিও সাৰিলি! ক’ত সাৰিবি? কিমান দিন সাৰিবি! কলৈ পলাবি? কিমান দিন পলাই সাৰিবি? মোৰ কৰ্ত্তব্যত বাধা দি—মোৰ জীৱনৰ উদ্দেশ্য নিস্ফল কৰি ক'ত লুকাই সাৰিবি পিশাচ? আগেয়ে তই, তাৰ পিছত ডেকাৰজা! ভাবিছিলোঁ আজিয়েই তোৰ শেষ কৰিম! এই সমাধিয়েই তোৰ সমাধি হব! সাৰিলি! সাৰি গলি! আৰু এটাদিন পৰমায়ু পালি! লগে লগে কোৰো যে মিলনৰ শুভ মুহূৰ্ত্তৰ এটা দিন বাঢ়ি গ'ল! নহয়! পলম কৰিলে নহব! অন্য উপায় ধৰিব লাগিব! পাইছোঁ! পাইছোঁ পিশাচ! সেয়ে ঠিক। আজি ৰাতি! আজিৰ নিদ্ৰাই তোৰ চিৰনিদ্ৰা হব! তোক জীৱন্তে দাহণ কৰিব লাগিব। তোৰ শোৱনী ঘৰত—যেতিয়া মাজ নিশা টোপনীত অচেতন থাকিবি—তেতিয়া—ঠিক হব! উপযুক্ত উপায়—অতি সজ—অতি সহজ! নিজেই কৰিম কাকো নেপাছোঁ! মাজ নিশা! মাজ নিশা জুই দিম কোনেও নেজানিব—কোনেও অনুমান কৰিব নোৱাৰিব! এইবাৰ—এইবাৰ চাম কেনেকৈ সাৰ নৰাধম! তাৰ পিছত—কালিলৈ—ডেকাৰজা—
[ প্ৰস্থান ]


—পট পৰে—