পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৬
[ ২য় অঙ্ক
নগা কোঁৱৰ

কোন? স্বৰ্গদেওৰে ইচ্ছা স্বৰ্গদেওৰে বৰকুঁৱৰী চলোঁতে নিজৰ পুত্ৰক নিজ হাতে, শিলেৰে বুকু বান্ধি জীয়াই জীয়াই পুতি থৈ আহিও—বিনা বাক্যব্যয়ে গোলামী কৰিছোঁ স্বৰ্গদেওৰ—ৰাজদ্ৰোহী মই নহয় কোন?
 চুহু—এতিয়াও ক, বৰতি। এতিয়াও সময় আছে। কোন সি পিশাচ?
 বৰতি—মনত পৰেনে স্বৰ্গদেও, গোঁসানীৰ আগত বলি দিবলৈ নিখুঁত ছাগলী বাছি অনাৰ দৰে মোৰ দহবছৰীয়া ঠাণুক বাছি আনিছিল। মাউৰা বোপাইৰ মোৰ—ময়ে আছিলোঁ মাক ৰজাৰ ইচ্ছাই ঈশ্বৰৰ ইচ্ছা বুলি তাকো সহিছিলোঁ স্বৰ্গদেও! সহিছিলোঁ স্বৰ্গদেও ঠাণুৰ মুখখনিৰ দৰে আৰু এখন মুখ চাই! সেই মুখকে চাই আজিও ঠাণুক মোৰ পাহৰি আছোঁ। সেই মুখকে দেখিছিলোঁ স্বৰ্গদেও গ’লৰাতি! ইমান দিনে তাক চকুৰে দেখিয়েই তৃপ্তি পাই আছিলোঁ। কালি তাক প্ৰথম স্পৰ্শ কৰিছিলোঁ! উস্ সি যে কি সুখ! যেতিয়া তাক সাবটি ধৰোঁ মোৰ যেন কত জনমৰ বুকুৰ ভাৰ পাতলি গ'ল! তাৰ কোমল গাত গা লাগি মোৰ হাত ভৰি অৱশ হৈ গ'ল স্বৰ্গদেও! পুত্ৰস্নেহ যে কি বস্তু এবাৰ নিজ পুত্ৰক জীয়াই জীয়াই পুতিব নোৱাৰিলে বুজিব নোৱাৰি!
 চুহু—এতিয়াও ক বৰতি। নহলে—
 বৰতি—নহলে আৰু কি স্বৰ্গদেও! চাওাঙে মোৰ নাক কাণ কাটিব। চকু কাঢ়িব! জিভা টানি বাজ কৰিব!