পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮ম দৃশ্য ]
৯৩
নগা কোঁৱৰ

দিলে? কি কৰিছিলি পিশাচ! এই দৰেই তহঁতৰ কৰ্ত্তব্যত হেলা কৰি মোৰ সৰ্ব্বনাশ কৰ। ক নৰাধম কোনে জুই দিলে! শাস্তি তাৰ জীৱন্তে দাহণ। ক, নহলে উগ্ৰ শাস্তি তোক দিম।
 বৰতি—[ কঁপি কঁপি ] বন্দীৰ কামত বন্দীয়ে হেলা কৰা নাই—স্বৰ্গদেও! বন্দীৰ কোনো অপৰাধ নাই!
 চুহু—তেন্তে ক, কোনে এই কাম কৰিলে?
 বৰতি—কবলৈ সাহ নহয় স্বৰ্গদেও। কব পাৰোঁ যদি বন্দীক অভয় দিয়ে।
 চাও—ক, চোৰাংচোৱা। তোৰ কোনো ভয় নাই।
 বৰতি—স্বৰ্গদেও।
 চুহু—অভয় দিছোঁ। ক, কোন সি নৰাধম?
 বৰতি—স্বৰ্গদেও, গ’লৰাতি বন্দী যেতিয়া বাজ ওলাওঁ মানুহে শুই নিহপালি দিছে। ৰাতি তেতিয়া দুপৰ লাহ্​ দিছে মাথোন। বন্দীয়ে বৰবৰুৱাৰ হাউলীৰ ওচৰৰ পৰা জুই দেখা পাই লৰি আহোঁ। এটা মানুহ লৰি অহা দেখা পালোঁ। বন্দীয়ে জুই নেখেদি মানুহটোকে ধৰিবলৈ প্ৰাণ টাকি লৰ দিলোঁ। মানুহটোক, ৰজাৰ হাউলী পাওঁ পাওঁ হৈছে এনেতে বন্দীয়ে পিছ ফালৰ পৰা গৰা মাৰি ধৰিলোঁহি। জোনৰ পোহৰত যেতিয়া তাৰ মুখখন দেখিলোঁ স্বৰ্গদেও, বন্দীৰ হাত ঢিলা হৈ গ'ল। একেঠৰে সেই মুখ খনৰ ফালেহে চাই থাকিলোঁ। হাত এৰিদিলোঁ! সিও তাৰ পিছতে ৰজাৰ হাউলী সোমাল।