পৃষ্ঠা:নগা কোঁৱৰ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য ]
৪৫
নগা কোঁৱৰ


আনিছা ধুনীয়া গাভৰু! সোমাইছাহি পাঠানৰ ৰাজ্য! প্ৰয়োজন অৱশ্যে গোপনীয় হবই।
 লেহে—সেই জনী মোৰ জী ডাঙৰীয়া!
 কাছি—তোমাৰ জী! হলেই বা! ই পাঠানৰ ৰাজ্য। ইয়াত বাঘে ছাগে একেঘাটে পানী খায়!
 ৰেণু--পাঠানৰ ৰাজ্যত এনে কিবা বিধান আছেনে কি ডাঙৰীয়া যে পিতাপুত্ৰী—একেলগে ইয়াত সোমাব নোৱাৰে।
 কাছি—[ স্বগতঃ ] এই স্বৰ যেন কোনোবা চিৰপৰিচিতৰ কোন এই ৰমণী? অৱশ্যে পৰিচয় লব লাগিব। [প্ৰকাশ্যে] তেনে বিধান নহলেও আছে বুলি ধৰিব লাগিব গাভৰু। মই তোমালোকৰ মঙ্গলৰ অৰ্থেই কৈছোঁ, অপৰিচিত দেশত অপৰিচিত তোমালোক, বিশেষ তোমালোকৰ কোনো ৰখীয়াও বোধ কৰোঁ নাই। এনে অবস্থাৰে তোমালোক মুছলমানৰ ৰাজ্যত সোমোৱাটো মই বৰ মঙ্গলজনক দেখা নাই। ৰঙামাটিত তোমালোক কোনোবা পৰিচিত মানুহ আছেনে কি?
 লেহে—নাই।
 কাছি--পৰিচিত মানুহো তাত কোনো নাই। অথচ কি এনে গোপনীয় প্ৰয়োজন লৈ তোমালোক আহিছা? কাৰ ওচৰত তোমালোকৰ প্ৰয়োজন?
 লেহে—আপোনাৰ পৰিচয় পোৱা হলে আমাৰ প্ৰয়োজনৰ কথা আপোনাক কবলৈ একো বাধা নাছিল। আপোনাৰ কথা বতৰাত আপোনাক বৰ সহৃদয় যেন বুলি বিকাস হৈছে।