ভিতৰত শত্ৰু! তাকে মােৰ বিশ্বাসী অনুচৰে হাতত পাই এৰি দিয়ে! শত্রু নিপাতৰ যত্ন নকৰি ৰাজদ্রোহীক প্রশ্রয় দিয়ে। তেন্তে মই কি কিছুমান বিদ্রোহীৰ মাজত। বিদ্রোহী অনুচৰলৈ বিদ্রোহী প্ৰজাৰ ওপৰত শাসন দণ্ড ধৰিছোঁ! ক, বৰতি, কোন সি পিশাচ!
বৰতি—ক্ষমা কৰিব স্বৰ্গদেও। নাম মই তাৰ কব নােৱাৰোঁ।
চুহু—কব লাগিব বৰতি! নতু জিভ তােৰ কাটি কাটি কুকুৰক খুৱাম।
বৰতি—তাতােকৈ ডাঙৰ কিবা শাস্তিৰ বিধান কৰিলেও নােৱাৰোঁ। স্বৰ্গদেও।
চুহু—বুজিছোঁ, তয়াে এই বিদ্রোহী দলৰ সহায়কাৰী! বেছ কথা। উপযুক্ত শাস্তিৱেই মই বিধান কৰিম। প্ৰহৰী।
প্ৰহৰী—[ প্রবেশ কৰি ] স্বৰ্গদেও।
চুহু—বা, চাওদাঙক মাতি আন। মােৰ সন্মুখত আজি ইয়াৰ নাক কাণ কাটি চকু কাঢ়ি তাৰ পিছত জিভা টানি বাহিৰ কৰিব লাগিব। যা—
[ প্ৰহৰীৰ প্রস্থান ]
সকলাে ৰাইজে দেখক, ৰাজদ্রোহী বিশ্বাস–ঘাতকৰ শান্তি কি ভীষণ।
বৰতি—বাজদ্রোহী! আজি দুকুড়ি বছৰ স্বৰ্গদেওৰে নিমখ খাইছোঁ স্বৰ্গদেওৰে চাকৰি কৰি চুলি পকাইছোঁ—কেতিয়াও কামৰ হেলা কৰা নাই—বাজদ্রোহী মই নহয়
পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮ম দৃশ্য ]
৯৫
নগা কোঁৱৰ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/4/4b/%E0%A6%A8%E0%A6%97%E0%A6%BE_%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0.djvu/page105-993px-%E0%A6%A8%E0%A6%97%E0%A6%BE_%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0.djvu.jpg)