পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
[ ২য় অঙ্ক
নগা কোঁৱৰ

বন্ধন ছিন্ন কৰিব নোৱাৰিম। ভাবিব, ই এটা পাগলৰ খিয়াল! বন্ধনত আবদ্ধ থাকি ভাল নেলাগে বুলি মুক্ত আকাশৰ তলত মুকলিমূৰীয়া হৈ বিচৰণ কৰিবলৈ ওলাইছোঁ। মই আহোঁহে বৰ্গদেও
[ পৰিচ্ছদাদি ৰজাৰ আগত থৈ বেগাই প্ৰস্থান ]
 চুহু—গুচি গ’ল! ৰাখিব নোৱাৰিলোঁ! কণচেং! ভাই মোৰ! মোৰ যে সোঁ বাহু চিগি গ'ল। মোৰ যে সৰ্ব্বনাশ হ’ল।

[ ৰজা মৌন হৈ থাকে আৰু চাও বৰগোহাজ্ঞীৰ প্ৰবেশ ]

 চাও—স্বৰ্গদেও।
 চুহু—কোন? ডাঙৰীয়া।
 চাও—আজি স্বৰ্গদেওক ইমান বিহ্বল দেখিছোঁ কিয়?
 চুই—অকল বিহ্বল! এয়ে ভাল যে এতিয়াও জীয়াই থকা দেখিছে।
 চাও—ৰণৰ কিবা অমঙ্গল বাতৰি আহিছেনে কি স্বৰ্গদেও?

[ বৰতি চোৰাংচোৱাৰ প্ৰবেশ ]

 কি বাতৰি চোৰাংচোৱা?
 বৰতি—বাতৰি বুকু ফাটি যোৱা স্বৰ্গদেও। গ’লৰাতি কোনোবাই নগা বৰপাত্ৰ ডাঙৰীয়াৰ ঘৰত জুইদি ডাঙৰীয়াক ঘৰৰ ভিতৰতে পুৰি মাৰিলে!
 চাও—কি! কি কলি? কোন সি নৰাধম! কাৰ ইমান সাহ! কাৰ উচ্ছন্ন যাবৰ কাল চাপিছে!
 চুই—কোন সি নৰাধম? ধৰিব নোৱাৰিলি কোনে জুই