পৃষ্ঠা:নগা কোঁৱৰ.djvu/১০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪
[ ২য় অঙ্ক
নগা কোঁৱৰ

 চুহু—এজাৰ হাউলী সোমাল! কোন সি নৰাধম! ক, বৰতি কোন সি? হাতত পায়ো তাক এৰি দিলি? মোৰ হাউলীৰ ভিতৰত কোন সি ৰাজদ্ৰোহী? ক, তাৰ মুখ তই দেখিছিলি! তই চিনি পাৱ তাক!
 বৰতি—চিনো স্বৰ্গদেও! বৰতিয়ে স্বৰ্গদেওৰ চাকৰি কৰি চুলি পকাইছোঁ, আজিলৈকে মিছা কথা কোৱা নাই।
 চুহু—ক, কোন সি? তাৰ শাস্তি জীৱন্তে দাহণ।
 বৰতি—বন্দীক ক্ষমা কৰিব স্বৰ্গদেও। বন্দীয়ে তাৰ নাম কব নোৱাৰোঁ। প্ৰাণ গলেও নোৱাৰোঁ।
 চুহু—নোৱাৰ! এই ৰাজ্যৰ ৰজা মই! মোতকৈ তোৰ সেই ৰাজদ্ৰোহীলৈ বেছি ভয়?
 বৰতি—ভয় নহয় স্বৰ্গদেও! ভয় কাক বোলে বৰতিয়ে নেজানে। খুৰৰ বাৰেদি বগাই বৰতিয়ে স্বৰ্গদেওৰ চোৰাং চোৱা হৈ নিমখ খাইছোঁ, ভয় কি, ইমান দিনে জনা নাই। কালি যেতিয়া মুকলি হৈ সি খাপৰ তৰোৱাল উলিয়াই মোলৈ ডাঙ্গি ললে বন্দীয়ে তেতিয়া বুকু পাতি থিয়দি ইয়াকে মাথোন কলোঁ—“কালিলৈ স্বৰ্গদেওৰ আগত যেন এই কথা প্ৰকাশ কৰিবলৈ মই জীয়াই নেথাকোঁ। মোক কাটা এইয়া বুকুপাতি থিয় দিছোঁ”। জোনৰ পোহৰত চিকমিকোৱা তৰোৱল আকৌ লাহে লাহে তাৰ খাপত সোমাল। মোক নেকাটিলে স্বৰ্গদেও। এবাৰ মোৰ ফালে তীক্ষ্ণদৃষ্টিৰে চাই হাউলী সোমাল।
 চুহু—কোন সি? কব লাগিব বৰতি! মোৰ ঘৰৰ