সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য ]
৪৯
নগা কোঁৱৰ


[ লেহেতীয়াৰ ফালে চায় ]

 লেহে—যদি তই বিশ্বাস কৰিছ শুভাকাঙ্খী বুলি--ক আই, নিঃসন্দেহে ক আমাৰ ইয়ালৈ অহাৰ প্ৰয়োজনৰ কথা। হয়তো ঈশ্বৰে আমাৰ কাৰ্যসিদ্ধিৰ কাৰণেই শুভক্ষণত আমাৰ এজন শুভাকাঙ্খী উপস্থিত কৰি দিছে!

 কাছি—মোক মাফ কৰিবা ভাই, নাজানি কটুবাক্য বুলিছিলোঁ; মোৰ অৱস্থাত হয়তো তুমিও বুলিলাহেঁতেন। কোৱা,--আই দেও, তোমালোকৰ ইয়ালৈ অহাৰ প্ৰয়োজন?
 ৰেণু—প্ৰয়োজন জননীৰ অন্তিমৰ অনুৰোধ ৰক্ষা! পিতৃ হত্যা, মাতৃহত্যাৰ প্ৰতিশোধ পুৰোৱা। আত্মহত্যা কৰি মাতৃয়ে মোক পিশাচৰ প্ৰবৃত্তি বুকুতলৈ পিতৃহত্যাৰ প্ৰতিশোধ লবলৈ কৈ গৈছে,—মোক মোৰ পৈশাচিক কাৰ্যত সহায় কৰিবলৈ মোৰ আশ্ৰয়দাতাকে প্ৰতিজ্ঞাবদ্ধ কৰাই গৈছে। আজি ইমান দিন তাৰ চেষ্টাতে ব্যৰ্থমনোৰথ হৈ ঘূৰি ঘূৰি অৱশেষত আহিছোঁ নবাব খছলখাঁৰ—ওচৰলৈ! নবাবৰ সহায়েৰে এবাৰ পিতৃহত্যা মাতৃহত্যাৰ তৰ্পণ কৰিবলৈ--আহোমৰ নিপাত কৰিবলৈ। আপুনি যেয়ে হওক আপুনি এই অভাগিনীৰ শুভাকাঙ্খী! আপুনি আমাক এই কাৰ্য্যত সহায় কৰক—এই বিপদত উদ্ধাৰ কৰক।
 কাছি—[ ৰেণুৰ ভৰি চুই ] প্ৰভুকন্যা মোৰ! মোক ক্ষমা কৰা; মোক বিশ্বাস কৰা, মই তোমাৰ শুভাকাঙ্খী! তোমালোক উদ্দেশ্যই মোৰ উদ্দেশ্য! সেই উদ্দেশ্য সিদ্ধিৰ কৰেণেই এই হীন ছদ্মবেশ ধৰি লোকৰ দুৱাৰে দুৱাৰে