তাৰকাসুৰৰ যুদ্ধ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তাৰকাসুৰৰ যুদ্ধ
লেখক ৰঘুকান্ত দেৱ গোস্বামী

[  ]

তাৰকাসুৰৰ যুদ্ধ ৷
⸻⸻
সংগ্ৰাহক
শ্ৰীৰঘুকান্ত দেৱ গোস্বামী
(আমৰাঙ্গা সত্ৰ)
প্ৰকাশক
শ্ৰীদ্যুতিৰাম চৌধুৰী ৷
কল্‌নাপাড়া,পলাশবাড়ী (কামৰূপ)৷


কলিকাতা ৷
২ নং গোয়াবাগান ষ্ট্ৰীট্, “ভিক্টোৰিয়া প্ৰেসে”
শ্ৰীপাঁচুগোপাল আসৰ দ্বাৰা মুদ্ৰিত ৷
সন ১৩১৫ সাল

মূল্য ৷৶০ ছয় আনা মাত্ৰ

[  ]

তাৰকাসুৰৰ যুদ্ধ।

 

শ্ৰীকৃষ্ণায় নমঃ

 

পদ।

জন্মেজয় বদতি শুনিয়ো মহামতি।
শুনিছোঁ তাৰকা নামে আছিলা ভূপতি॥
ঘোৰ যুদ্ধে পৰাজয় কৰিয়া ইন্দ্ৰক।
নিৰ্ভয়ে অনেক কাল শাসিলা স্বৰ্গক॥
কাৰ বৰে হেন শক্তি পাইলেক সিজন।
কাহাৰ বংশত কোন স্থানে উতপন॥
কিহেতু দেবৰ সঙ্গে বান্ধিলেক ৰণ।
ই সকল কথা শুনিবে ভৈলা মন॥
বোলে বৈশম্পায়নে নৃপতি জন্মেজয়।
বামন পুৰাণ কথা শুনা কহুঁ ময়॥
ব্ৰহ্মশাপে বিষ্ণুৰ পাৰ্ষদ দুই জন।
বৈকুণ্ঠৰ পৰা যেবে ভৈলেক পতন॥
বৈৰী ভাবে চিন্তা কৰি জগত ঈশ্বৰে।
তিনি জন্মে মুকুতি সাধিবে লৈলা বৰে॥

[  ]

দানবৰ কুলত ভৈলেক উতপন।
হিৰণ্যকশিপু হিৰণ্যাক্ষ দুই জন॥
মহাবীৰ হিৰণ্যাক্ষে পীড়িলা দেবক।
বৰাহ বিষ্ণুয়ে পাছে বধিলা তাহাক॥
ৰাজা হুয়া কশিপুয়ো ভ্ৰাতৃৰ শোকত।
দেবতাক ঘোৰ শাস্তি দিলা নানা মত॥
দেবতাৰ পূজা যাগ যজ্ঞ যত মান।
সমস্ত ৰাজ্যত ৰাজা কৰিলা বাৰণ॥
তান পুত্ৰ প্ৰহ্লাদ ভৈলেক বিষ্ণুভক্ত।
ৰাম কৃষ্ণ নাম সদা নুগুছে মুখত॥
দেখি ৰাজা কশিপু কৰয় মহা শোক।
বিষ্ণুক চিন্তিবে নিষেধিলা তনযক॥
নুশুনয প্ৰহ্লাদে তাহাৰ বাধা বাক।
এক মনে চিন্তন্ত কেবলে মাধবক॥
দিলেক অনেক দুঃখ শান্তি বিপৰ্য্যয়।
তথাপি প্ৰহ্লাদ মাধবক নছাৰয॥
ক্ৰোধে ৰাজা পুছে প্ৰহ্লাদক মাতি আনি।
দেখাবে কি পাৰা হৰি আছন্ত কৈসানি॥
ভযত বিশ্ৰুতি কালি প্ৰহ্লাদে বাোলয়।
থাকিবাৰ তাহাৰ নিশ্চয স্থান নাই॥
সৰ্ব্বত্ৰে ব্যাপিযা আছে জগতৰ স্বামী।
স্ফটিকৰ স্তম্ভতে সাক্ষাতে দেখোঁ আমি॥
ক্ৰোধে কশিপুযে কৰি মুষ্টিৰ প্ৰহাৰ।
স্ফটিকৰ স্তম্ভক কৰিলা চূড মাৰ॥
ভকতৰ বাক্যক সাফলি নাৰায়ণ।
নৰসিংহ ৰূপে ব্যক্ত ভৈলা তেতিক্ষণ॥
বিশ্বত্ৰাস কোটি কালান্তক মূৰ্ত্তি ধৰি।
ভয়ঙ্কৰ শবদে গৰ্জ্জিলা দেব হৰি॥

[  ]

জিনি প্ৰলয়ৰ ভীম সাগৰ কল্লোল।
সবাৰ কৰ্ণত তাল দিলা ঘোৰ বোল ॥
বোলে বৈশম্পায়নে শুনিয়ো নৰেশ্বৰ।
হিৰণ্যকশিপু বোলে হৰি বীৰ বড় ॥
ইহাৰ আটাসে মোৰ কৰ্ণে তাল মাৰে।
এহি বুলি ধনু খান ধৰি বাম কৰে ॥
ভুশুণ্ডী পট্টিশ ভল্ল আৰু ভিন্দিপাল।
সুচিমুখ শিলীমুখ অস্ত্ৰ ভাল ভাল ॥
চক্ৰাকাৰ কৰি ধনু খান ফুৰাই পাক।
নৃসিংহৰ গাৱত দিলেক শৰ ঝাক ॥
দুয়ো হাতে শৰ বীৰে অথাকে হানিলা।
পৰ্ব্বতক ধাকি যেন মেঘে বৰষিলা ॥
সূৰ্য্যৰ ৰশ্মিক আবৰিলা শৰ চয়।
কাকো কেৱে নিচিনে দিনতে তমোময় ॥
জটাৰ আচাৰে নৰসিংহ ৰূপী হৰি।
যত অস্ত্ৰ মানে ফেলাইল ব্যৰ্থ কৰি ॥
দেখি বড় বিস্ময় মানিলা দৈত্যেশ্বৰ।
ভাবিলন্ত অকাৰ্য্য মিলিলা ভয়ঙ্কৰ ॥
যতেক হানিলা অস্ত্ৰ দৈত্য মহাবল।
নৃসিংহৰ গাৱে যেন চন্দন শীতল ॥
নগণে নৃসিংহে দুঃখ দানৱৰ শৰে।
দেখি ক্ৰোধে দানবে শকতি লৈলা কৰে ॥
শৰীৰৰ বলে হানিলেক হুঁহ বুলি।
বিম্বাদ শবদে শক্তি গোটা যাই চলি ॥
নৃসিংহে ধৰিলা শক্তি বাম হাত পাতি।
কড়কড়ি চোবাইলেক দশন প্ৰকটি ॥
অসুৰৰ শক্তি গোটা ব্যৰ্থ হুয়া গৈলা।
নৃসিংহক চাই কোপে গৰ্জ্জিবাক লৈলা ॥

[  ]

অসুৰৰ আস্ফোট দেখিয়া দেব হৰি।
মাযায়ে সৃজিত ঘোৰ ধনুখান ধৰি॥
প্ৰচণ্ড প্ৰতাপে বনে টঙ্কাৰ কৰিলা।
সূচিমুখ শিলীমুখ অনেক হানিলা॥
নৃসিংহে যতেক অস্ত্ৰ হানে পাৰে মানে।
কটাক্ষ নকৰে তাক অসুৰ দুজ্জনে॥
অচ্ছেদ্য অভেদ্য সিতো অসুৰৰ কাঁয়।
নৃসিংহৰ শৰে তাৰ ভুৰূভঙ্গ নাই॥
ব্ৰহ্মাৰ বৰত তাৰ কষ্ট নাহি ভৈলা।
হেন দেখি দেবগণে প্ৰমাদ গণিলা॥
আজিৰ ৰণত যদি অসুৰ জীৱয়।
নিশ্চয আমাৰ তেৰে মিলিব প্ৰলয়॥
ভাবিবেক ইতো চতুৰালী দেবতাৰ।
দেবতা সবোৰ জানা ৰক্ষা নাহি আৰ॥
নৃসিংহে যতেক শৰ দৈত্যক হানিলা।
ঝঙ্কাৰন্তে গাৱ শৰীৰৰ খসি গৈলা॥
হৰি হৰি দৈব বিধি কি কাৰ্য্য মিলিলা।
আপুনি মাৰলা প্ৰভু আমাকো মাৰিলা॥
অসুৰৰ ভযে আমি যাইবুঁ কোন ৰাজ্য।
নাহি জানো আজি কিবা মিলয অকাৰ্য্য॥
দেবতাৰ সন্তাপ দেখিয়া নাৰায়ণ।
ধনুত যুৰিলা এক গোটা মহা বাণ॥
নাৰায়ণ অস্ত্ৰ সিতো মহা তেজোময়।
সূৰ্য্যমুখ নাম তাৰ ত্ৰৈলোক্য বিজয়॥
অস্ত্ৰৰ শৰীৰ গোট মাণিক্য বৰণ।
শত সূৰ্য্য সম জ্বলে নাৰায়ণ বাণ॥
দেখি দেবগণ ভৈলা আনন্দ হৃদয়।
ৰহিলা আকাশে নৃসিংহৰ যুদ্ধ চাই॥

[  ]

বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
নৃসিংহে সহিতে দৈত্য যুঝন্তে আছয়॥
উদয় বেলাৰ যুদ্ধ এহি মানে গৈলা।
শেষ বেলা দুহান্তৰে ঘোৰ যুদ্ধ ভৈলা॥
দৈত্যেশ্বৰে মাতে নৃসিংহৰ মুখ চাই।
পলৰীয়া হৰি তোৰ এতেক বৰাই॥
মোৰ ভাই বধি তঁই পলাই ফুৰিলি।
বুঢ়াৰ হাতত অজি চেঙ্গেলি পড়িলি॥
মাৰবাৰ কাল তোৰ নিকট চাপিছে।
মুণ্ডৰ উপৰে তোৰ যম কাল নাচে॥
নৃসিংহে বোলয় তোৰ কথা গহ গহ।
মোহৰ আগত কতো চুপুটি কৰহ॥
যিতো জন বীৰ তাৰ স্বভাব গম্ভীৰ।
নাহি লাজ ইতৰৰ বাক্য নহে স্থিৰ॥
এত গৰ্ব্ব কৰা তঁই পায়া কোন যশ।
যত বল আছে আজি কৰহ প্ৰকাশ॥
আজি যদি জীয়হ নিন্দিবি পাছে মোক।
আজি মোৰ হাতত দেখিবি যমলোক॥
ই চক্ষুয়ে আৰ নেদেখিবি বাপ মাৱ।
সন্তাপ লভিবে বুকে তোৰ দিতি মাৱ॥
হেন শুনি দৈত্যেন্দ্ৰৰ ক্ৰোধ জ্বলি গৈলা।
দুয়ো হাতে মুষ্টি নৃসিংহক প্ৰহাৰিলা॥
অসুৰক ধৰি হৰি উৰ্দ্ধক ক্ষেপিলা।
বালকে মাৰিলা দলি যেন কৰি খেলা॥
অনেক উৰ্দ্ধৰ পৰা অসুৰ দুৰ্জ্জয়।
হাত ভৰি মুখ মেলি গৰ্জ্জন্তে আসয়॥
অসুৰ আসয় দেখি হৰি দেৱ দিলা।
মধ্য আকাশত দুয়ো এক থান ভৈলা॥

[  ]

আকাশত দুহান্তৰ ঘোৰ যুদ্ধ ভৈলা।
ত্ৰিভুবন একেবাৰে কম্পিবাক লৈলা॥
চৰণ প্ৰহাৰে কতো কৰে বাহু যুদ্ধ।
কতো হৰি উৰ্দ্ধে হোৱে কতো হোৱে অধঃ॥
কতো উৰ্দ্ধ পাৱে অধো মুণ্ডে খাৱে পাক।
চক্ৰাকাৰে ফুৰে যেন কুমাৰৰ চাক॥
কতো মুণ্ডে মুণ্ডে মাৰে যেন ভেড়া ছাগ।
কামৰা কামৰি যুঝে যেন দুই বাঘ॥
জবৰা জবৰি যুদ্ধ ভৈলা দুহান্তৰ।
মাল বন্ধে যুঝে যেন যুদ্ধ দন্তালৰ॥
ঝাম্প মাৰি মাৰি যুঝে যেন দুই সিংহ।
কতেো এক পিণ্ডে যুঝে যেহেন ভুজঙ্গ॥
চাম্প চাম্পি যুঝে যেন শৰালি চাতক।
বিজলী ছটাক মাৰে যেন বলাহক॥
কতো দেখা দেখি যুঝে কতো অন্তৰ্ধান।
দুহানে মায়াৰ গুৰু জগতে প্ৰধান॥
কভু দৈত্য অগ্নি হোৱে হৰি হোন্ত জল।
অসুৰ পবন হৰি হোৱন্ত অচল॥
অসুৰ হোৱন্ত স্বৰ্গ হৰি বলাহক।
দুযো ঘোৰ মাযা যুদ্ধ কৰিলা অনেক॥
দুয়ো জড়াজড়ি কৰি পড়িলা মহীত।
সৰোবৰ সম খাল ভৈলা বিপৰাত॥
পতনৰ শবদ নগৰে চানি গৈলা।
বৃক্ষ হন্তে পক্ষিগণ চমকি উৰিলা॥
জলে জলচৰ মৎস্য কচ্ছপ সকল।
কৰে লৰালৰি জল কৰে তলমল॥
বান্ধি মাল বন্ধে উঠে পড়ে ঘনে ঘনে।
পৃথিবী নসহে ভাৰ কম্পে ঘনে ঘনে॥

[  ]

জলে যুদ্ধ কৰে যদি শুখাই সকল।
স্থলে যুদ্ধ কৰে স্থল যাই ৰসাতল॥
পৰ্ব্বতত যুঝে গিৰি হোৱে খণ্ড খণ্ড।
দুহান গাৱত অগ্নি জলয় প্ৰচণ্ড॥
হাত ভৰি জড়াজড়ি দন্ত কড়াকড়ি।
বৈশাখৰ মেঘে যেন গৰ্জ্জে শব্দ কৰি॥
সেহি মতে ঘোৰ যুদ্ধ কৰে বড় টানে।
ত্ৰৈলোক্যৰ লোকে শুনি কম্পে ঘনে ঘনে॥
ঋষিয়ে বোলয় শুনা অভিমন্যু-নাতি।
মায়ায়ে দৈত্যৰ প্ৰভু দেখাইলা জয়তি॥
ভক্ত গৰুড়ৰ যশ বঢ়াইবাক মনে।
কৰিলা বিনোদ লীলা প্ৰভু নাৰায়ণে॥
এহি মতে যুদ্ধ কৰে হৰি দৈত্যেশ্বৰ।
লীলা কৰি ঝুণ্টী খাই পড়িলা ঈশ্বৰ॥
দেখিয়া অসুৰগণে কৰে জয় জয়।
কৈৰ সিংহ পশু গোটে ৰজাক যুঝয়॥
পশু জাতি বৰ্ব্বৰ নাহিক কিছো জ্ঞান।
ৰাজাৰ হাতত আজি যাব তাৰ প্ৰাণ॥
যেহেন পতঙ্গে কৰে অগনিত ঝাস।
এহি বুলি দৈত্যগণে তুলিলেক হাস॥
অসুৰক কালে পাইলা তাহাক নজানে।
ঈশ্বৰকো মাৰিবাক আলোচন্ত মনে॥
যেতিক্ষণে নৰসিংহ ভূমিত পড়িলা।
ত্ৰিভুবন একেবাৰে খলক লাগিলা॥
দুই হাতে হৰিক ধৰিলা দৈত্যেশ্বৰে।
ফুৰায়া অনেক পাক মাথাৰ উপৰে॥
বাহুবলে পৃথিবীত আছাড় মাৰিলা।
লীলায়ে জগতপতি অচেতন ভৈলা॥

[ ১০ ]

অসুৰে ভাবিলা মৰিলেক নাৰায়ণ।
পৰম আনন্দ ভৈলা দৈত্যেন্দ্ৰৰ মন॥
আথে বেথে নাগপাশে বন্ধন কৰিলা।
লৈয়া আপনাৰ নগৰক চলি গৈলা॥
সেহি সময়ত যে গৰুড় পক্ষিৰাজ।
মনত বোলয় কিনু মিলয় অকাৰ্য্য॥
ত্ৰৈলোক্যৰ নাথক অসুৰে বান্ধি নিলা।
এহি বুলি পক্ষিৰাজ উড়াৱ কৰিলা॥
বৃক্ষ লতা হস্তী ঘোড়া মহিষ পৰ্ব্বত।
উড়াইলা নৰ নাৰী আসন্তে পথত॥
উথলি পাখাৰ বাৱে সাগৰৰ জল।
মহা ঢেউ লাগি বুড়িলেক কতো স্থল॥
কত প্ৰাণী উড়ি গৈয়া জলত পড়িলা।
দেৱাসুৰ নৰ মুনি ভযে ভীত ভৈলা॥
কত উঠে কত পডে কত পানি খাই।
বাল্য বৃদ্ধ অসুৰৰ অনেক বিলাই॥
দৈত্য সমে হৰি উডাইলা বহু দূৰ।
নৃসিংহক এড়ি দিয়া পড়িলা অসুৰ॥
পৃথিবীৰ উপৰে পডিলা দৈত্যপতি।
গিৰগিৰ শবদে লডিলা বসুমতী॥
পৃথিবীত পড়ি কত দূৰ ভৈলা খাল।
ব্ৰহ্মাৰ বৰত তাৰ নিমিলিলা কাল॥
আগে বেথে উঠি দৈত্যে চাহে দশ দিশ।
গৰুডে হাৰৰ মেলি দিলা নাগপাশ॥
হৰিক কোলাত লৈযা আছে পক্ষিৰাজ।
মাধবে বোলন্ত কিবা মিলয় অকাৰ্য্য॥
গৰুড়ক এড়ি দেৱ দিয়া দেব হৰি।
অসুৰ সহিতে লগাইলেক জড়াজড়ি॥

[ ১১ ]

বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
বহুতৰ যুদ্ধে সিতো ৰাত্ৰি ভৈলা ক্ষয়॥
ঘোৰ প্ৰহাৰত ভাগৰিলা দৈত্যেশ্বৰ।
হীন হুয়া শকতি ভৈলেক জড়সৰ॥
সেহি বেলা ছিদ্ৰ পাছে নৃসিংহে লভিলা।
দিন নহে ৰাত্ৰি নহে কাল সন্ধ্যা ভৈলা॥
জল স্থল নহে সিতো পানি পোতেনীয়া।
ঘৰ নহে বাঝ নহে ঊৰুত তুলিয়া॥
অস্ত্ৰ নহে শস্ত্ৰ নহে দুই কৰে ধৰি।
বধিলা নৃসিংহে হৰি নখে হিয়া ছিডি॥
যেতিক্ষণে নৰসিংহে হিৰণ্যঁ বধিলা।
শত হস্ত বসুমতী উপৰে উঠিলা॥
হৃদয় বিদাৰি উদৰৰ অন্তে টানি।
শিৰৰ উপৰে জটা বান্ধে টানি টানি॥
হিৰণ্যক বধি হৰি দশদিশে চাইলা।
ব্ৰহ্মা আদি দেবে দেখি মহা ভয় ভৈলা॥
লক্ষীৰ আগক যাই কাউ বাউ কৰে।
ৰক্ষা কৰা আই মৰু নৃসিংহক ডৰে॥
দেবতাৰ বাক্যে মাতা শান্তাইবাক গৈলা।
নৃসিংহক দেখি আই ভীৰি লৰ দিলা॥
হেন দেখি দেবগণে ত্যজিলা নিশ্বাস।
ব্ৰহ্মা বোলে আসা যাওঁ প্ৰহ্লাদৰ পাশ॥
প্ৰহ্লাদৰ আগ হুয়া ব্ৰহ্মা বোলে বাণী।
নৃসিংহৰ ক্ৰোধ শান্ত কৰা মহা মানী॥
হেন শুনি প্ৰহ্লাদে উঠিলা শীঘ্ৰ কৰি।
কান্দিবে লাগিলা নৃসিংহৰ পাৱে পড়ি॥
বোলন্ত প্ৰহ্লাদে চৰণত দিয়া মাথ॥
তুমি সৰ্ব্ব আত্মা দেব দেব জগন্নাথ॥

[ ১২ ]

নমো নমো জগন্নাথ অনাদি ঈশ্বৰ।
মৎস্য কূৰ্ম্ম আদি বহু অবতাৰ ধৰ॥
ত্ৰাহি ত্ৰাহি হৰি লৈলোঁ তোমাত শৰণ।
আপদ বান্ধব কৃপা কৰা নাৰাযণ॥
একে পিতৃ শোকে দেখোঁ দিনতে আন্ধাৰ।
কৃপাব সাগৰ কৃপা কৰা একবাৰ॥
দুৰাচাৰ পুত্ৰৰ নিমিত্তে পিতৃ হত।
হেনয কলঙ্ক ৰহিলেক জগতত॥
চন্দ্ৰ সূৰ্য্য থাকে মানে ৰহিলা কুখ্যাতি।
পুত্ৰেসে পিতৃক মাৰাইলা দৈত্যপতি॥
আৰু তব ঘোৰ ৰূপ দেখিযা জগতে।
দেবদেবী নৰনাৰী ভৈলা ভয ভীতে॥
ইতো কোন ৰূপ বুলি লীলাক নজানি।
তোমাৰ মাযাতে মোহ ভৈলা সবে প্ৰাণী॥
হেন শুনি নৰসিংহে দশন প্ৰকাশি।
মনোহৰ ৰূপে হৰি তুলিলন্ত হাসি॥
প্ৰহ্লাদক হাসি হাসি বুলিলা বচন।
প্ৰহ্লাদ পডিযা আছে নৃসিংহ চৰণ॥
নৃসিংহে বোলন্ত বাপু নকৰিবা শোক।
পৰ্ব্বৰ কাহিনী কহুঁ তাক শুনিযোক॥
আপোনাক আপনি নিচিনা বাপু তঁই।
প্ৰহ্লাদ স্বৰূপে অবতাৰ ভৈলোঁ মই॥
আৰু এক কথা কহুঁ শুনা এক চিতে।
নৰসিংহ ৰূপ মোৰ হিৰণ্য বধিতে॥
তযু পিতা বৈকুণ্ঠে আছিল মোৰ দূত।
বহ্মশাপে জনমিলা অসুৰ যোনিত॥
ই জন্ম এডাই পাছে হুইবেক ৰাৱণ।
ৰাম অবতাৰে তাক কৰিবু নিধন॥

[ ১৩ ]

শিশুপাল হৈবো দমঘেষৰ ঘৰত।
কৃষ্ণ অবতাৰে তাক কাৰবুহুঁ‌ হত।
তিনি জন্মে পাইবো মোৰ বৈকুণ্ঠ আলয়।
এহি বুলি নৰহৰি ভৈলস্ত সদায়॥
জগত প্ৰসন্ন ভৈলা অসুৰ মৰিলা।
আকাশত দেবগণে পুষ্প বৰষিলা॥
লবঙ্গ মালতী সুগন্ধিত পাৰিজাত।
প্ৰভুৰ শিৰত বৰষিলা অসংখ্যাত॥
নৃত্য গীত আনন্দ মিলিলা থাৱে থাৱে।
অপসৰা নাচন্ত বিদ্যাধৰে গীত গৱে॥
জগতৰে শত্ৰু মৰি যমঘৰে গৈলা।
জয় জয় হৰি ধ্বনি জগত পূৰিলা॥
মুনি সিদ্ধ লক্ষ্মী মাৱ ব্ৰহ্মা দেবগণ।
সবে আসি নৃসিংহব নমিলা চৰণ॥
গন্ধে পুষ্পে পাদ্যে অৰ্ঘ্যে সবেয়ো পূজিলা।
অনুমতি লৈয়া নিজ নিজ স্থানে গৈলা॥
অমৰাৱতীত সুখে ৰৈলা সুৰপতি।
ঘোষিয়ো সমাজে হৰি সাধিয়ো জয়তি॥
শুনিয়োক সভাসদ একচিত্ত মনে।
ঈশ্বৰৰ মায়াক বুজিব কোন জনে॥
মৰাক জীৱান্ত হৰি জীয়াক মাৰন্ত।
অতৰ্ক মহিমা মহেশ্বৰ ভগবন্ত॥
অনাদি ঈশ্বৰ নাহি শকতিৰ সীমা।
আপনি সে আপনাৰ জানন্ত মহিমা॥
হেন ঈশ্বৰক ভজি পূৰা মনস্কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

[ ১৪ ]

লেচাৰি।



বৈশম্পায়ন ঋযি নিগদতি  শুনা শুনা অভিমন্যু-নাতি
 নৰসিংহ ৰূপে হৰি হিৰণ্য বধিলা।
দৈত্যৰ নন্দিনী মহা সতী পুত্ৰৰ মৰণ শুনি দিতি
 মহাশোক শেল হৃদয়ে যেন পশিলা॥
পুত্ৰৰ গুণক স্মৰি স্মৰি  কান্দে সতী শোকে ৰাৱ পাডি
 হা হা পুত্ৰ তোৰ কিমত ভৈলা মৰণ।
ব্ৰহ্মাৰ বচনে কৈলোঁ আশ  নাহিকে তোমাৰমৃত্যু ত্ৰাস
 জানোঁ বুট নাটে মাৰিলেক দেবগণ॥
এহি বুলি দেবী মৰ্ম্মে জ্বলি  স্বামীৰ পাশক গৈলা চলি
 দেখিযা কশ্যপে বুলিলা মধুৰ বাণী।
সলোতক মুখ কি কাৰণ  কিযো শোক কৰা অকাৰণ
 মোৰ আগে কহা স্বৰূপ সত্য কাহিনী॥
দিতি বোলে শুনা শুনা স্বামী  মোত পৰে নাহি মন্দগামী
 তোমাৰ আগত মোৰ এত মান দুঃখ।
কুট নাট কৰি দেব যত  হিৰণ্য পুত্ৰক কৰে হত
 সেহি শোকে মোৰ নাহিকে কিঞ্চিতো সুখ॥
শুনি কশ্যপৰ ভৈলা মৰ্ম্ম  বুলে এবে কৰোঁ কোন কৰ্ম্ম
 এক ভিতি হস্তী আৰু ভিতি মাল খাই।
তবু শুনা অসুৰৰ মাতা  শঙ্কৰক গৈয়া তপ চিন্তা
 পুত্ৰ বৰ মাগি চিন্তিবো তাৰ উপায়॥
নখণ্ডে দিতিৰ মনোদুঃখ অঞ্চলে মুছিলা অক্ষি মুখ
  বাঢয বৎসৰ শঙ্কৰক আৰাধিলা।
কৰিলেক তপ এক মনে  পাইলা শঙ্কৰক দৰশনে
 পুত্ৰৰ নিমিত্তে অনেক তুতি কৰিলা॥

[ ১৫ ]

নমো নমো দেব দিগম্বৰ  যদি দিয়া তুমি পুত্ৰ বৰ
 হৌক মোৰ পুত্ৰ বজ্ৰ সম কলেবৰ।
আৰু শুনা মোৰ অভিমত  নমৰিব চোদ্ধ ভুবনত
 প্ৰভো সদাশিব দিয়া মোক এহি বৰ॥
মহেশে বোলন্ত দিলো বৰ  হৌক পুত্ৰ বজ্ৰ কলেবৰ
 মৃত্যু নহৈবেক তাৰ চোদ্ধ ভুবনত।
কিন্তু ধৰ্ম্মবন্ত হৈবো সাৰ  একো কালে মৃত্যু নাহি তাৰ
 বৈৰী বুলি কাকো নভাবিবো জগতত॥
মহা দানী মানী দীৰ্ঘজীবী  হৈবন্ত কীৰ্ত্তিযে চিৰজীবী
 অমৃত বচনে আশ্বাসি বুলিলা হৰ।
বিশ্বম্ভৰ শান্ত মূৰ্ত্তি ধৰি ভকতৰ বাঞ্চা পূৰ্ণ কৰি
 অন্তৰ্ধান হৈলা ত্বৰিতে দেব ঈশ্বৰ॥


দুলড়ি।


বৈশম্পায়ন ঋষি কহন্ত হাৰষি
 জন্মেজয় শুনা পাছে।
দিতি পায়া বৰ  আসিলা সত্বৰ
 কশ্যপ স্বামীৰ কাছে॥
কশ্যপৰ বীৰ্য্যে  দিতি গৰ্ব্ভাধানে
 অতি আনন্দিত ভৈলা।
এক দুই কৰি  দশ মাস পূৰি
 পাছে পুত্ৰ জনমাইলা॥
অতি ভয়ঙ্কৰ বজ্ৰ কলেবৰ
 দেখি দিতি ৰঙ্গ ভৈলা।
বজ্ৰ সম কাঁয়  দেখি বাপ মায়
 বজ্ৰাঙ্গ নামক থৈলা॥

[ ১৬ ]

কতো দিন গতে ভৈলেক যুবত
 মেৰু মন্দাৰৰ সম।
যেবে কৰে গতি  কম্পে বসুমতী
 দেবে বোলে আমাৰ্‌ যম॥
পুত্ৰৰ শৰীৰ  দেখিয়া দিতিৰ
 পৰম হৰিষ ভৈলা।
হিৰণ্যক স্মৰি  সুমৰি সুমৰি
 নিশ্বাস ত্যজিবে লৈলা॥
মাতৃৰ সন্তাপ  দেখিয়া বজ্ৰাঙ্গে
 পুছন্ত মুখক চাই।
কি কাৰণে খেদ  কৰা অবিচ্ছেদ
 সত্বৰে কহিয়ো আই॥
দিতি বোলে বাপ  নখণ্ডে সন্তাপ
 জানিবা মোৰ মনৰ।
তোৰ জ্যেষ্ঠ ভাই  আছিলা বোপাই
 দুই জন বীৰ বৰ॥
দেখিবে নপাৰি  কুট নাট কৰি
 মাৰিলেক দেব লোকে।
অদিতি সতিনী  আনন্দে বঞ্চয়
 মই মৰো পুত্ৰ শোকে॥
হিৰণ্যকশিপু  হিৰণ্যাক্ষ দুয়ো
 পুত্ৰৰ শোকত মোৰ।
হৃদয়ত জ্বলি শোকৰ অগনি
 যাতনাক দেই ঘোৰ॥
সহিবে নপাৰি  সিতো সন্তাপক
 শঙ্কৰত মাগি তোক।
আনিছো বুপাই সাধি প্ৰতিকাৰ
 কিছো শান্তি দিয়া মোক॥

[ ১৭ ]

শুনিয়া বজ্ৰাঙ্গে   মাতৃক বুঝান্ত
 কিয়ো হিংসা কৰা আই।
যিতো জনে পৰ  হিংসা আচৰয়
 তাহাৰ কল্যাণ নাই॥
তথাপি মাতৃৰ  বচন পালিলে
 সদ পুত্ৰ বোলে তাক।
যি কৰ্ম্ম কৰিলে  সন্তাপ গুছায়
 কহিয়ো সিতো কথাক॥
দিতি বোলে বাক  যতো দেবতাক
 বান্ধি আনি দিয়া মোক।
আগত থাকিযা  বিকৰ্থি মাতিবুঁ
 তেবেসে পলাইবে শোক॥
মাতৃৰ চৰণে  প্ৰণামি বজ্ৰাঙ্গে
 স্বৰ্গক সাজি চলিলা।
যিমতে মনুষ্যে খাটত উঠয়
 উঠন্তে দুঃখ নভৈলা॥
সসৈন্যে বজ্ৰাঙ্গে  স্বৰ্গত উঠন্তে
 মনে নগণিলা দুঃখ।
দেখিযা দিতিৰ হৰিষ অন্তৰ
 চাহি ৰৈলা উদ্ধ মুখ॥
অনন্তৰে বীৰে স্বৰ্গত চড়িয়া
 অমৰাবতীক পাইলা।
বজ্ৰাঙ্গে আসয় শুনিয়া ইন্দ্ৰৰ
 মনে বড ভয় ভৈলা॥
সবে দেবতাৰ  স্মৃতি ভঙ্গ ভৈলা
 নিশ্বাস বহয় খৰ।
মিলি সব দেবে আলোচ কৰিয়া
 কৰিলেক বুদ্ধি সাৰ॥

[ ১৮ ]

শঙ্কৰৰ বৰে  অজেয় বজ্ৰাঙ্গে
 আমাক আসয় সাজি।
কৰিলেও যুদ্ধ  অবশ্যে হাবিবু
 কৰোঁ এক বুদ্ধি আজি॥
মাতৃৰ বচন পালিবাক মাত্ৰ
 আমাসাক দিলা ৰণ।
কিন্তু দেবতাক বধিবাক লাগি
 নাহি তাসম্বাৰ মন॥
কপট ভকতি কৰিয়া ই বাৰ
 তৰোঁ ইতো আপদক।
এহি বুলি সবে ইন্দ্ৰ আদি দেবে
 এডিলা যুদ্ধ সাজক॥
আসি ভূমি পাৱে বজ্ৰাঙ্গৰ আগে
 বোলন্ত কাকুতি বাণী।
মোৰ ইন্দ্ৰপদ আপনাক দিলোঁ
 আসনে বসা আপনি॥
বজ্ৰাঙ্গে বোলন্ত  মোক ভযে ইন্দ্ৰ
 ভৈলন্ত মৃত্যু সংশয়।
আশ্বাসি বোলন্ত শুনিয়োক দদা।
 মোক নকৰিবা ভয়॥
তযু ইন্দ্ৰপদ মোক নলাগয়
 নকৰা তুমি সংশয়।
পিতৃ মাতৃ মাৰি কোন যশ পাই
 গুণি চাহা দেবৰাই॥
কিন্তু যে মাতৃৰ  বচন পালিবে
 মোহোৰ লাগে অবশ্যে।
মোৰ জোষ্ঠ ভাই  দুইজন বীৰে
 ত্ৰিদশে মাযিয়া আছে॥

[ ১৯ ]

তাৰ প্ৰতিকাৰে   তোমাসাক ধৰি
  অবশ্যে বান্ধিয়া নিবুঁ।
মোহোৰ হাতত   কাৰো মৃত্যু নাই
  মাৱৰ আগত দিবুঁ॥
হেন জানি দদা   ত্ৰিদশে সহিতে
  মোক চিন্তা এড়া ৰণ।
মাতৃৰ বচন   কৰিয়া পালন
  বান্ধ লৈয়ে দেবগণ॥
বাসবে বোলন্ত   যদি ধৰ্ম্মে চাহা
  মোত তেবে দোষ নাই।
নাৰায়ণে আসি   নৰসিংহ ৰূপে
  মাৰি আছে তযু ভাই॥
হাসিয়া বজ্ৰাঙ্গে   ইন্দ্ৰক বোলন্ত
  কিয়ো দদা কৰা ছল।
তোমাৰে সে বোলে   মাৰিলা ঈশ্বৰে
  মিছা দিয়া তাঙ্ক খল॥
বাসবে বোলন্ত   ষাঁড়ে ধান খাই
  কাটা তুমি তান্তি বাতি।
গৃহস্থেনী জানে   হাঁড়িশালে খাই
  বান্দী মাৰা চুলি কাটি॥
ধৰ্ম্মিষ্ঠ বজ্ৰাঙ্গে   ইন্দ্ৰক বোলয়
  শুনা পটন্তৰ মোৰ।
সিদ্ধিৰ মুখত   যাক লগ পাই
  তাকেসে বোলয় চোৰ॥
দদায়ে সহিতে   বিৰোধ তোমাৰ
আই জানে পূৰ্ব্বাপৰ।
হাজাৰ হৰিয়ে   হাতে হানি মাৰে
  তথাপি নাম তোমাৰ॥

[ ২০ ]

এতেক বচন   শুনিয়া ইন্দ্ৰয়ো
  নেদিলা ফিৰি উত্তৰ।
দুই খান হাত   মেলি দি বোলন্ত
  যেহি ইচ্ছা তাকে কৰত॥
যুঝিবে নোৱাৰু   বান্ধক নলৈবুঁ
  ইতো নিলাজৰ কাৰ্য্য।
এহি বুলি ইন্দ্ৰে   হাত মেলি ৰৈলা
  এড়ি সবে লাজ কাৰ্য্য॥
ইন্দ্ৰক দেখিয়া   সবে দেবগণে
  হাত মেলি মেলি দিলা।
চন্দ্ৰ সূৰ্য্য যম   কুবেৰ বৰুণ
  যতেক দেব আছিলা॥
দশ দিগপাল   নবগ্ৰহ গণে
  অষ্ট বসু আদি কৰি।
সবাকো বজ্ৰাঙ্গে   গোটে গোটে ধৰি
  বান্ধিলেক একে জড়ি॥
বোলে বসুমতী   মই তিৰী জাতি
  বান্ধিলে কোন বঢ়াই।
বজ্ৰাঙ্গে বোলয়   নবান্ধু তোমাক
  চিন্তা নকৰিবা আই॥
এহি বুলি দেব   গণক বান্ধিয়া
  মাতৃৰ পাশক নিলা।
যাহন্তে পথত   হংস যানে চড়ি
  ৰক্ষা আসি ভেণ্ট দিলা॥
আশীৰ্ব্বাদ কৰি   ব্ৰহ্মাই বোলন্ত
  শুনিয়ো বজ্ৰাঙ্গ বাপ।
দিতিৰ বচনে   তুমি হেন জনে
  দেবক নেদা সন্তাপ॥

[ ২১ ]

দিতিৰ পুত্ৰক হৰি মাৰিলন্ত
 দণ্ড দিয়া দেবতাক।
হাথী চোৰ কৰি  আগে আগে যাই
  বান্ধস মূলা চোৰক॥
হাসিয়া বজ্ৰাঙ্গে  বোলয় বচন
 শুনা বৃদ্ধ পিতামহ।
তযু পৰি নাতি  চোৰ সাধু চিনোঁ
 মোৰ আগে কিবা কহ॥
তথাপিতো বোলুঁ  চিন্তা নকৰিবা
 নমাৰিবুঁ দেবতাক।
মাতৃৰ আগত   দেখায়া মেলিবুঁ
 বুলিয়া কাকুতি বাক॥
ব্ৰহ্মাৰ চৰণে প্ৰণামি বজ্ৰাঙ্গে
 গৈলন্ত দিতিৰ পাশ।
দেবতা গণৰ  বন্ধন দেখিয়া
 দিতিৰ ভৈলা হৰিষ॥
বজ্ৰাঙ্গ বদতি শুনা আই দিতি
 মই কহুঁ সত্য বাক।
অদিতি মাতৃত  কৰি শত গুণে
 দেবৰ স্নেহ তোমাক॥
তোমাৰ বচন শুনি দেবগণে
 আপুনি লৈলা বন্ধন।
সবে দেবে মিলি  আমাসাক প্ৰতি
 কৰিলেক বহুমান॥
মিছাতেসে আমি  কৰোঁ শত্ৰুভাব
 মহা সাধু দেবগণ।
অভ্যাসৰ গুণে   হোৱে শত্ৰু মিত্ৰ
 শুনিয়ো মোৰ বচন॥

[ ২২ ]

মানবৰ শত্ৰু  সৰ্প ভালুকত
 মিত্ৰতা কৰি স্থাপন।
পুষি পৰিবাৰ সাধে উপকাৰ
 উপাৰ্জ্জন কৰে ধন॥
নকৰি অভ্যাস  সাধুৰ ধৰ্ম্মত
 পিতা পুত্ৰে ভাই ভাই।
কাটা কাটি কৰি বুদ্ধি দোষে মৰে
 বাঘ কুকুৰৰ প্ৰায়॥
হুয়া মতি ভ্ৰম  দেব দানবৰো
 হুয়া আছে বৈৰী ভাৱ।
স্নেহ আৰম্ভিলে নাই একো কথা
 একে পিতা একে মাৱ॥
মোহোৰ বিশ্বাস দেব সমে আৰ
 নহে দন্ধ কদাচন।
পুত্ৰৰ বচন শুনিয়া দিতিৰ
 প্ৰসন্ন ভৈলেক মন॥
ইন্দ্ৰ আদি কৰি সবে দেবগণে
 প্ৰণামি ভৈলন্ত থিৱ।
দিতি আশীৰ্ব্বাদ কৰিয়া বোলন্ত
 হৌক সবে চিৰ জীৱ॥
দিতিৰ বচনে বজ্ৰাঙ্গে দেবৰ
 বন্ধন মেলিয়া দিলা।
মাগিয়া মেলানি দিতিৰ চৰণে
 মহেন্দ্ৰ স্বৰ্গে চলিলা॥
বাসবক বহু মান্যক দেখায়া
 বজ্ৰাঙ্গ যে মহামতি।
বহুদূৰ পন্থ আগ বঢ়াইবাক
 পাছত কৰিলা গতি॥

[ ২৩ ]

পন্থত ব্ৰহ্মাই আছে বাট চাই
 বজ্ৰাঙ্গে দেখি নমিলা।
বজ্ৰাঙ্গৰ সত্য বচনত ব্ৰহ্মা
 মনে মহা তুষ্ট ভৈলা॥
বহু গুণ যুতা সতী পতিব্ৰতা
 ৰূপে শশধৰ কলা।
বৰাঙ্গী যে নামে কন্যা এক স্ৰজি
 বজ্ৰাঙ্গক দিয়া গৈলা॥
সেহি কন্যাৰত্ন কৰিয়া বিবাহ
 মহামতি দৈত্যপতি।
কিছু কাল সুখে পালিয়া প্ৰজাক
 তপোত কৰিলা মতি॥
বৰাঙ্গী কন্যায়ো তাহান সঙ্গত
 ৰহিলা স্বামীক ধ্যানে।
ত্যজি ৰাজপাট হুয়া তপস্বিনী
 মুকুতি সাধিবে মনে॥
বজ্ৰাঙ্গৰ তপ বাৰতাক লৈয়া
 ক্ষুদ্ৰমতি দেবগণে।
অকাৰণে ভয় কৰিয়া মনত
 নিবেদিলা ইন্দ্ৰ স্থানে॥
শুনা দেবৰাজ মিলিলা অকাৰ্য্য
 বজ্ৰাঙ্গ আসি স্বৰ্গক।
অতুল বৈভব দেবৰ বিভূতি
 অনন্ত স্বৰ্গৰ ভোগ॥
দেখি গৈয়া লোভ সামৰিবে নৰি
 ঘোৰ তপ আৰম্ভিলা।
চিন্তিয়ো উপায় আৰ ৰক্ষা নাই
 বিপদে আসি বেঢ়িলা॥

[ ২৪ ]

অল্প তপোবলে দেব সিংহাসনে
 বসিবে কাৰ শকতি।
জানি পূৰ্ব্ব হন্তে সাবধান হুয়া
 তপত কৰিলা মতি॥
বজ্ৰাঙ্গৰ তপ শুনিয়া ইন্দ্ৰৰ
 মিলি গৈলা মহাভয়।
মোৰ ইন্দ্ৰপদ কাঢ়িয়া লৈবেক
 কৰিবু কোন উপায়॥
মনে গুণি হেন  অপেস্বৰাগণে
 আদেশিলা সুৰপতি।
ৰতি ৰঙ্গ কৰি  বজ্ৰাঙ্গৰ আগে
 তপ ভাঙ্গা শীঘ্ৰগতি॥
ইন্দ্ৰৰ বচনে অপেস্বৰাগণে
 চলি গৈলা তেতিক্ষণে।
বজ্ৰাঙ্গৰ তপ ভাঙ্গিবাক মনে
 পাতিলা বহু যতনে॥
অনেক প্ৰকাৰে বজ্ৰাঙ্গৰ আগে
 কৰে নানা ৰতি ৰঙ্গ।
তবু কন্যাগণে বজ্ৰাঙ্গৰ তপ
 কৰিতে নপাৰে ভঙ্গ॥

পদ।

ত্ৰিভুবন মোহিনী সুন্দৰী বৰবালা।
বজ্ৰাঙ্গৰ আগত দৰ্শাৱে কেলিকলা॥
অনেক প্ৰকাৰে কন্যাগণে কৰে নৃত্য।
কেহু কেহু জনী গাৱে মনোহৰ গীত॥

[ ২৫ ]

কেহু কেহু জনী ফুৰে উৰু দৰশাই।
তথাপিতো বজ্ৰাঙ্গৰ ভুৰূ ভঙ্গ নাই॥
কতো জনী চৰণত ধৰিয়া বোলয়।
আলিঙ্গন কৰা প্ৰাণ মদনে দহয়॥
কতো জনী বিবস্ত্ৰে তাহাৰ আগে ৰৈয়া।
হাসি হাসি সেবা কৰি বোলে স্বামী হোৱা॥
কাৰুণ্য কৰিয়া বোলে বজ্ৰাঙ্গৰ আগে।
আশা ভঙ্গ কৰা যদি নাৰী বধ লাগে॥
প্ৰাণ ৰক্ষা কৰা মোক কৰি আলিঙ্গন।
তযু ৰূপ দেখি জ্বলে হৃদয়ে মদন॥
কেহু কেহু জনী বজ্ৰাঙ্গৰ গলে ধৰি।
হৃদয়ত স্তনক ঘুষয় দৃঢ় কৰি॥
অনেক প্ৰকাৰে কন্যাগণে কৰে ৰঙ্গ।
তথাপিতো বজ্ৰাঙ্গৰ নহে তপোভঙ্গ॥
শঙ্কৰক এক মনে আছে ধ্যান কৰি।
লজ্জা হুয়া ফিৰিলা যতেক অপেস্বৰী॥
ইন্দ্ৰৰ আগত গৈয়া অপেস্বৰাগণে।
বাসবক বুজাইলেক ধৰ্ম্মৰ লক্ষণে॥
ধৰ্ম্মবন্ত জনক অধম্মিগণে ছলে।
অগনিক বান্ধে যেন বস্ত্ৰৰ অঞ্চলে॥
মহন্তক হিংসা কৰি আপনাৰ নাশ।
লোকৰ অন্যায় চিন্তি হোৱে সৰ্বনাশ॥
বজ্ৰাঙ্গৰ আগে আমি কৈলোঁ বহু পাপ।
নজানুহু দৈব বিধি দেই কোন তাপ॥
এহি মতে কন্যাগণে দিলা বহু হাক।
তথাপিতো সুৰপতি নমানিলা তাক॥
অনন্তৰে ৰাসৰে জানুত দিয়া মাপ।
চিন্তা কৰি কৰি বোলে ৰাখা জগন্নাথ॥

[ ২৬ ]

হা হা বিধি কতো তুমি দুঃখ দিয়া মোক।
দুঃখৰ উপৰে দুঃখ দিয়াছা দেবক॥
মোৰ মনে বজ্ৰাঙ্গ ভৈলেক কাল সাপ।
কোন বুদ্ধি কৰিয়া ইহাৰ ভাঙ্গু তপ॥
আসি আছে ঐশ্বৰ্য্য ভোগক কৰি ত্যাগ।
শৰীৰৰ সুখত নাহিকে অনুৰাগ॥
ফিৰিলা সুন্দৰীগণ হুয়া মহা লাজ।
বিচাৰি নপাওঁ এবে কৰোঁ কোন কায॥
কেবল ভাৰ্যাক জানি অধিক প্ৰাণত।
প্ৰাণৰ সঙ্গিনী কৰি আনিছে লগত॥
বৰাঙ্গীক উপলক্ষে বিঘিনি আচাৰোঁ।
অবশ্য তাহাৰ তপ ভাঙ্গিবাক পাৰোঁ॥
কতো ক্ষণে গুণি বোলো এক বুদ্ধি কৰোঁ।
মায়া বলে আজি এক নাগৰূপ ধৰোঁ॥
তপ কৰি তান ভাৰ্য্যা আছে যি থানত।
তাক যাই নাগৰূপে ধৰিবুঁ গাৱত॥
সকল শৰীৰে তাক ধৰিবুঁ মেঢ়াই।
পৰ্বতে অৰণ্যে টানোঁ ঘোষাই ঘোষাই॥
ভাৰ্য্যাৰ স্নেহত তাৰ তপ হৈব ছন্ন।
এহি বুলি লড়ি গৈলা সহস্ৰলোচন॥
মুহূৰ্ত্তে বাসবে নাগৰূপক ধৰিলা।
ভয়ানক দেহ ৰূপ বিকট কৰিলা॥
বৰাঙ্গী আছন্ত যথা স্বামীক ধিয়াই।
সৰ্পৰূপে বাসবে পাইলেক সিতো খাই॥
দুই পাৱে বৰাঙ্গীৰ মেঢ়াই ধৰিলা।
আঝুৰি আঝুৰি বলে টানিবে লাগিলা॥
হিলদল পৰ্ব্বত উপৰে লৈয়া যাই।
মৰিলোঁ মৰিলোঁ বুলি বৰাঙ্গী চেঞ্চাই॥

[ ২৭ ]

ঘোৰ যাতনাত ঘৰে কৰে আৰ্ত্তৰাৱ
এড়ি দিয়া বুলি কতো কৰে কাউ বাউ॥
ৰাখা কোনে পাৰা বুলি দেই কতো গেৰি।
স্বামীক সুমৰি কতো কান্দে ৰাৱ পাড়ি॥
ৰাখা ৰাখা প্ৰভু মোক সৰ্পে লৈযা যাই।
মোৰ হেন দুঃখ তুমি আগে আছা চাই॥
গোডত বুড়য নৌকা আগে বসি বাৱা।
মই প্ৰাণে মৰোঁ‌ তুমি তপোক ধিযাৱা॥
এহি মতে বৰাঙ্গী যে কান্দে আৰ্ত্তৰাৱে।
টানি টানি তথাপিযো লৈ যান্ত বাসবে॥
বৰাঙ্গীক সাগৰৰ জলে জোবৰান্ত
পঞ্চ বিকৰ্থনা ইন্দ্ৰে তাক কৰিলন্ত॥
তথাপিতো তপোভঙ্গ নহে ব্ৰজাঙ্গৰ।
মিছাতে বৰাঙ্গী দুঃখ পাইলক বিস্তৰ॥
মনে মনে গুণে ইন্দ্ৰে কৰিলোঁ‌ অকাৰ্য্য।
ইতো কথা শুনি লোকে দিবে মোক লাজ॥
অনন্তৰে ইন্দ্ৰে নিজ ৰূপক ধৰিলা।
দুঃখ তাপ চিন্তা কৰি নিজ স্থানে গৈলা॥
বৰাঙ্গী কন্যায়ো জানিলেক তেতিক্ষণে।
সৰ্পৰূপে ঘোষাইলেক সহস্ৰলোচনে॥
যত মন্দ কৰ্ম্মে মানে দেবতাক পাই।
ভাই বহাৰীক হেন কৰা কি যাই।
চক্ষু ফুট বৰ্ণে শুনিবাক যোগ্য নাই॥
তথাপিতো কুখ্যাতি ৰাখি দেবৰাই।
কোন লাজে শাশু শশুৰক দেখা দিবুঁ‌।
এত লজ্জা অপমান কমন সতিবুঁ‌॥
আৰ কিছু প্ৰতিফল যদি দিনে পাসি।
তেবেসে বুলিবো মোক ব্ৰহ্মাৰ ঝিয়াৰা॥

[ ২৮ ]

শোকে দুঃখে অপমানে বৰাঙ্গী ৰহিলা।
তথাপিতো বজ্ৰাঙ্গৰ তপ নভাঙ্গিলা॥
বজাঙ্গৰ তপ তিনি জগতে প্ৰখ্যাত।
কতো দিনে সদাশিব ভৈলন্ত সাক্ষাত॥
শিৰে হাত দিয়া স্নেহে বুলিলা বচন।
তোৰ তপে বাপু মোৰ তুষ্ট ভৈলা মন॥
তুষ্ট মনে তোক হেন বৰ দিলোঁ‌ মই।
মোহোৰ সমান হৈবে যোগ্য হোৱা তঁ‌ই॥
এহি বৰ তাক যদি দিলা ত্ৰিলোচন।
শঙ্কৰৰ সদৃশ ভৈলেক তেতিক্ষণ॥
বজ্ৰাঙ্গক সম্বোধি বোলন্ত ত্ৰিলোচন।
ময়ো এক কন্যা দেওঁ‌ পাৰ্ব্বতী সমান॥
আৰু সহস্ৰেক দাসী দিলোঁ‌ তাৰ সঙ্গে।
ভূঞ্জি ভোগ থাকা নগৰত মহা ৰঙ্গে॥
সবাৰ উপৰে মুখ্যা বৰাঙ্গীক কৰ।
তোহোৰ লগত দুঃখ পায়াছে বিস্তৰ॥
যাবতেক কৈলাসত থাকোঁ‌ মানে মই।
তাবতেক তোহোৰ মৃত্যুৰ শঙ্কা নাই॥
চাৰিশত যুগান্তে ব্ৰহ্মাৰ মৃত্যু হয়।
তথাপিতো তোৰ মৰিবাক নাহি ভয়॥
মৰিয়ো নমৰে লোক কীৰ্ত্তি থাকে যেবে।
জীবন্তেয়ো মৰা যাক নসুমৰে কেৱে॥
এহি বুলি অন্তধান ভৈলন্ত শঙ্কৰ।
বৰাঙ্গী স্বামীত পাছে দিলন্ত গোচৰ॥
কান্দিয়া বৰাঙ্গী বোলে শুনা প্ৰাণেশ্বৰ।
সৰ্পৰূপে দুখ মোক দিলা পুৰন্দৰ॥
সমন্ধত বাসব তোমাৰ জ্যেষ্ঠ ভাই।
ভ্ৰাতৃবধু বুলি মোক চাহিবে নাপাই॥

[ ২৯ ]

তথাপিতো ইন্দ্ৰে মোক সাপটিবা ধৰি।
পৰ্ব্বতৰ শিলে জুঙ্গে নিলন্ত আঝুৰি॥
একে তিৰী জাতি মোৰ সুকোমল গাৱ।
শিলে জুঙ্গে লাগি শৰীৰত ভৈলা ঘাৱ॥
ধাৰাসাৰে মোৰ শৰীৰত তেজ বহে।
এতমান দুঃখক তোমাৰ গাৱে সহে॥
ভয়ত বিস্মৃতি ভৈলোঁ‌ কণ্ঠে ধাতু নাই।
শৰীৰৰ বিষে মোৰ এভো প্ৰাণ যাই॥
আৰ্ত্তৰাৱে বাৰে বাৰে ডাকিলোঁ‌ তোমাক।
সহিবে নপাৰি দুঃখ ত্ৰাণ লভিবাক॥
আসিলা অচিনা বেশে দেবতাৰ ৰাই।
চিনি পাই কৰিলো অনেক তুতি মই॥
টানন্তে টানন্তে ভৈলোঁ‌ বিবস্ত্ৰা শৰীৰ।
মৰুঁ‌ লাজে প্ৰাণ কিযো নহোন্ত বাহিৰ॥
ভুঞ্জিলোঁ ই সব দুঃখ হুয়া ৰাজৰাণী।
ভাৰ্য্যাৰ এতেক দুঃখ সহে কোন প্ৰাণী॥
তেল মুণ্ডে বুড়াইলা জলত নিয়া মোক।
তবু প্ৰাণ নগৈলা এহি সে মনে শোক॥
বজ্ৰাঙ্গে বোলন্ত শুনিয়োক প্ৰাণেশ্বৰী।
দুঃখ কষ্ট সবে নষ্ট ভৈলা আজি ধৰি।
দুঃখ সহি পুণ্য পাবে বুলি লোকে কয়।
ভাবি গুণি দেখা তুমি হয় কি নহয়॥
ধৰ্ম্ম উপাৰ্জ্জনে দুঃখ অনেক হোৱয়।
মহন্ত সকলে তাক দুঃখ নবোলয়॥
ধৰ্ম্মৰ সদাযে জয় না প্ৰাণেশ্বৰী।
অধৰ্ম্মৰ পৰাজয় জানিবা সুন্দৰী॥
তাহাৰ প্ৰমাণ তুমি আগত দেখিলা
অধৰ্ম্ম আচৰি ইন্দ্ৰে নিজে লাজ পাইলা॥

[ ৩০ ]

মোৰ তপ দেখি ইন্দ্ৰে মনে ভয় পাই।
ৰক্ষাৰ নিমিত্তে বহু চিন্তিলা উপায়॥
আপদ কালত জানা বুদ্ধি নষ্ট হয়।
ধৰ্ম্মাধৰ্ম্ম সকলক কিছো ন থাকয়॥
মনে গুণি দেখিলে দদাত দোষ নাই।
মোৰ তপ দেখি ভয়ে চিন্তিলা উপায়॥
আপনাৰ কুশলক চিন্তি মনে মনে।
আপদত অযুগুত কৰে কতো জনে॥
হেন জানি তান দোষ ক্ষমা কৰা মনে।
ক্ষমাৰ সমান ধৰ্ম্ম নাহি ত্ৰিভুবনে॥
সন্ধত ইন্দ্ৰ মোৰ হোৱে জ্যেষ্ঠ ভাই।
হেন জানি তান দোয ক্ষমিবে লাগয়॥
আপনাৰ মাঝত বিবাদ ভাল নয়।
যুদ্ধত উভয় দলে হোৱে বল ক্ষয়॥
যি জনে অধৰ্ম্ম কৰে হোৱে তাৰ পাপ।
কুকৰ্ম্ম কৰিলে ইন্দ্ৰে নিজে পাবে তাপ॥
অধমে পৰৰ ভাগ্য দেখি পাৱে দুঃখ।
নৰক ভুঞ্জয় যেন মনে নাহি সুখ॥
মোৰ তপে দদাৰ যাতনা ভৈলা চিত্তে।
দুঃখৰ উপৰে দুঃখ দিয়া অনুচিতে॥
মহেশৰ বৰে অহা নৰক যাওঁ‌।
তাতে যাই সুখ ভোগ ভূঞ্জিবৰ পাওঁ‌॥
জ্যেষ্ঠ ভাই পিতৃতুল্য তান দোষে আতি।
জগতক জুড়ি মোৰ ৰহিবে কুখ্যাতি॥
বিশেষত হিংসা আদি তমো গুণ কৰ্ম্ম।
সাত্বিক সকলে তাক বোলয় অধৰ্ম্ম॥
অতি হীন ঘৃণনীয় তামসিক কাৰ্য্য।
তোমাৰ লগত আচৰিলা দেবৰাজ॥

[ ৩১ ]

সংসাৰত তাৰ যেন ৰহিলা কুখ্যাতি।
আমি সবে কিয়ো হেন ৰাখিবুঁ‌ অখ্যাতি॥
যদি তুমি ই সব ক্ষমিবে পাৰা মনে।
বাসবত অধিক হৈবাহা মানে জ্ঞানে॥
জগতৰ পূজ্য মহামানী সুৰপতি।
তাহাত অধিক তুমি পাইবাহা সুখ্যাতি॥
ইহাত অধিক তুমি কোন লাভ চাহা।
হৃদয়ৰ ধন মোৰ মোত এবে কহা॥
হেন জানি প্ৰাণেশ্বৰী ক্ষমা কৰা মনে।
হিংসাৰ সমান পাপ নাহি ত্ৰিভুবনে॥
বৰাঙ্গী বোলন্ত প্ৰভো দেবতাৰ পতি।
জগতক জুড়ি মোৰ ৰাখিলা কুখ্যাতি॥
দিলেক বিবিধ লজ্জা দেহে মহা দুঃখ।
সি সব সুমৰি মোৰ মনে নাহি সুখ॥
তাৰ প্ৰতিকাৰ যদি নকৰিবুঁ‌ মই।
সবাকে কৰিবো হেন কৰ্ম দেবৰাই॥
দুষ্টক নজণ্ডি যদি এড়ি দিয়া ঘাই।
পুনঃ তাৰ দুষ্টামি অধিকে বাঢ়ি যাই॥
তোমাতে সে ৰাসবৰ ভয় আৰু ৰোষ।
ঘৰৰ বহাৰী ময় মোত কিবা দোষ॥
আৰু দেখা আমাসাত নাহি কোন মল।
আৰাধিলোঁ‌ মুক্তিক ৰাজ্যৰ ছাড়ি ৰল॥
অকাৰণে বাসবে দিলেক হেন তাপ।
দোষীক দণ্ডিলে কিঞ্চিতেক নাহি পাপ॥
হেন জানি প্ৰাণনাথ উপায়ক কৰা।
ইন্দ্ৰক দণ্ডিয়া মোৰ প্ৰাণ শান্ত কৰা॥
বজ্ৰাঙ্গে বোলন্ত তোৰ দয়া ক্ষমা নাই।
কোনো জীবে কাহাকো দণ্ডিবে নপাৰয়॥

[ ৩২ ]

যাৰ বলে বলীয়াৰ চেতনে চৈতন্য।
তাহাৰ মায়ায়ে শত্ৰু মিত্ৰ অন্যেঅন্য॥
তাহাৰ কটাক্ষ বিনা কোন জনে কাক।
ব্ৰহ্মাণ্ডৰ মাঝে পাৰে দণ্ডক দিবাক॥
যদি তুমি দোষক ক্ষমিবে কৰা টান।
জনোৱা দুঃখক ঈশ্বৰৰ শ্ৰীচৰণ॥
শিৰক আৰাধি তপ কৰা গৈয়া যাই।
তান কৃপা ভৈলে সবে হৈবাক পাৰয়॥
পুত্ৰ এক বৰ লোৱা শিবক আৰাধি।
প্ৰিয় ভাৰ্য্যা দেখি তোক দিলোঁ‌ হেন বুদ্ধি॥
সেহি পুত্ৰে তোমাৰ সাধিবে প্ৰতিকাৰ।
পাছে সুমৰিবা কিন্তু বচন আমাৰ॥
হেন শুনি বৰাঙ্গীয়ে তপস্যাক গৈলা।
দেবৰ বৎসৰে বাঢ় বৎসৰ চিন্তিলা॥
মহা ঘোৰ তপ চিন্তে হুয়ে এক মন।
তুষ্ট হুয়া শঙ্কৰ ভৈলেক উপসন॥
শঙ্কৰে বোলন্ত এবে শুনা বড় নাৰী।
কিবা বৰ লাগে তোক কহা নিষ্ট কৰি॥
বৰাঙ্গী বোলন্ত যদি দিয়া মোক বৰ।
সপ্ত স্বৰ্গ অধিপতি পুত্ৰ হৌক মোৰ॥
অস্ত্ৰে শস্ত্ৰে বিষ্ণুৰ চক্ৰত নাহি নাশ।
পৰাজিব দেবাসুৰ গন্ধৰ্ব্ব ৰাক্ষস॥
নৰ মুনি পশু পক্ষী জীয়া জন্তু যত।
নমৰিব কাৰো হাতে তিনি ভুবনত॥
শঙ্কৰে বোলন্ত তোক দিলোঁ‌ এহি বৰ।
সপ্ত স্বৰ্গ অধিপতি পুল হৈবে তোৰ॥
তিনিয়ো লোকত তাৰ মৃত্যু নাহিকয়।
ত্ৰৈলোক্যৰ লোকক কৰিবে পৰাজয়॥

[ ৩৩ ]

কিন্তু মোৰ বংশত থাকোক ভয় তাৰ।
মহাবীৰ হৈবি সিতো ত্ৰৈলোক্য ভিতৰ॥
মহা ধনুৰ্দ্ধৰ হৈবো যম পটন্তৰ।
এহি বুলি অন্তৰ্ধান ভৈলন্ত শঙ্কৰ॥
হেন বৰ পাযা তাৰ মনত উল্লাস।
বৰাঙ্গী চলিলা মহাৰঙ্গে স্বামী পাশ॥
স্বামীৰ লগত কতো দিন গৈলা তাৰ।
স্বৰ্গত অধিক সুখ ভুঞ্জিলা অপাৰ॥
কেলি কৌতূহলে কেবে কতো দিন গৈলা।
শঙ্কৰৰ বৰে বৰাঙ্গাৰৰ গৰ্ব্ব হৈলা॥
দশ মাস দশ দিনে গৰ্ব্ব পূৰ্ণ ভৈলা।
দেবতাৰ ৰিপু এক অসুৰ জন্মিলা॥
যেতিক্ষণে বৰাঙ্গীৰ পুত্ৰ ভৈলা জাত।
স্বৰ্গ মৰ্ত্ত পাতালে মিলিলা উতপাত॥
ঘনে ঘনে ভূমিকম্পে নিৰ্ঘাত পডয।
হালধি ৰুধিব মাংস হাড়ে বৰিষয়॥
ৰুধিৰৰ বৰ্ণ মেঘ সদা আকাশত।
সজ্জনগণৰ ভৈলা বিষাদ মনত॥
আকাশত তেজোহীন ভৈলা ৰবি শশী।
আকাশৰ তাৰাগণ পড়ে খসি খসি॥
নানা বিমঙ্গল মিলিলেক স্থানে স্থানে।
দেখি বাপ মাৱৰ আকুল কৰে মনে॥
আকাশৰ তাৰাগণ যাক ডৰে পড়ে।
সিকাৰণে তাহাৰ তাৰকা নাম ধৰে॥
পুত্ৰ জন্ম কালে তাৰা খসি খসি গৈলা।
বাপ মাৱে ভাবিয়া তাৰকা নাম থৈলা॥
জন্মিলা মাত্ৰকে মেক মন্দাৰৰ সম।
দেখি দেবগণে বোলে ইতো কাল সম॥

[ ৩৪ ]

কাল বৰ্ণ দেহা দেখি ভয় মিলে আসি।
ডাঙ্গৰ ডাঙ্গৰ তাৰ ৰাঙ্গা দুই অক্ষি॥
মুখখান দেখি যেন পৰ্ব্বত গহ্বৰ।
সম্মুখক চাই মাতে শকতি কাহাৰ॥
যেন শুক্ল পক্ষত বাঢ়য় শশধৰ।
দিনে দিনে তাৰকাৰ বাঢ়ে কলেবৰ॥
তাৰ পাৱ ভৱে কম্পে তিনিয়ো ভুষন।
কটাক্ষতে জগত কৰিবে পাৰে ছয়॥
ভয়ঙ্কৰ মূৰ্ত্তি তাৰ দেখি লাগে ভৰ।
দেখি বৰাঙ্গীৰ ভৈলা আনন্দ অপাৰ॥
বৰাঙ্গী স্বামীক মাতি বুলিলা যুগুতি।
তাৰকা পূত্ৰক তুমি পাতিয়ো নৃপতি॥
পূৰ্ব্বত শঙ্কৰে মোক দিয়া আছে বৰ।
তিনিয়ো ভুবনে পুত্ৰ হৈবন্ত ঈশ্বৰ॥
বজ্ৰাঙ্গে বোলন্ত শুনিয়োক প্ৰাণেশ্বৰী।
দৈবস গতিক জানো বুঝিতে নপাৰি॥
তথাপিতো ৰাজা পাতোঁ‌ তযু বাক্য পালি।
এহি বুলি অশোক নগৰে গৈলা চলি॥
বজ্ৰাঙ্গে আনিলা সবে দৈত্যগণ মাতি।
সবাক সম্বোধি কহিলেক প্ৰতি প্ৰতি॥
আমাৰ পুত্ৰক হৰে দিয়া আছে বৰ।
ত্ৰৈলোক্যৰ উপৰে হৈবেক দণ্ডধৰ॥
সুৰাসুৰ নৰ মুনি গন্ধৰ্ব্ব কিণ্ণৰ।
যক্ষ বক্ষ পশু পক্ষী প্ৰাণী নিৰন্তৰ॥
কেশবৰ চক আদি মুখ্য অস্ত্ৰ যত।
কাৰো অস্ত্ৰে কাৰো হাতে নহৈবেক হত॥
শঙ্কৰৰ বংশ বিনে কতো নাহি ভয়।
বিশেষ পুণ যুবা হইয়া আছিয়॥

[ ৩৫ ]

শিক্ষা কৰি আছে বহু শাস্ত্ৰ ৰাজনীতি।
সাধিবাক পাৰিবে প্ৰজাৰ মনে প্ৰীতি॥
শঙ্কৰে দিযাছে বৰ তাহক পূৰ্ব্বত।
দেৱতাৰ ৰাজা হৈব সপ্তম স্বৰ্গত॥
শুনিয়োক মন্ত্ৰিগণ বাঞ্চা কৰোঁ‌ মই।
হেন জানি তাক ৰাজা পাতিবে যুবাই॥
একে জানি দৈত্যগণ মোৰ বাক্য ধৰা।
আজি শুভক্ষণে তাৰকাক ৰাজা কৰা॥
বজ্ৰাঙ্গৰ শুনি হেন বাণী দৈত্যগণ।
আনন্দে সবাৰ হৈলা উল্লাসিত মন॥
মন্ত্ৰী সবে ঘোষণা কৰিলা নগৰত।
শীঘ্ৰে বাঝ হোৱা দৈত্য আছা মানে যত॥
দেবতাৰ ভয় আৰ সহিবে নপাৰোঁ‌।
আমা সবে মিলি তাৰকাক ৰাজা কৰোঁ‌॥
অন্ধাসুৰ অঘাসুৰ দৈত্য অকম্পন।
মেঘাসুৰ শেষাসুৰ আদি দৈত্যগণ॥
জন্তাসুৰ কালনিমি পাত্ৰ আছে যত।
সবে একলগ আসি ভৈলা সি থানত॥
সাত সাগৰৰ জল আনি তেতিক্ষণে।
তাৰকাক ৰাজা পাতিল দৈত্যগণে॥
জয় জয় শব্দ ঘোষে দানব সমাজে।
ঢাক ঢোল হবল মৃদঙ্গ বাদ্য বাজে॥
শিক্ষা বাজে শঙ্খ বাজে আৰু বাজে ভেৰী।
দামামা দগৰ বাজে বাজে পাৰে গেৰি॥
আটাস পাৰয় কেহু মনত আনন্দে।
দৈত্যৰ প্ৰতাপে দেবগণ ভয়ে কান্দে॥
তেৰ লক্ষ সঙ্খক যুবত দৈত্যগণ।
নাচন্ত বেঢ়িয়া তাৰকাৰ দোলা খান॥

[ ৩৬ ]

সমৰত সুশিক্ষিত মাতঙ্গ প্ৰধান।
হাজাৰেক আনিলা টানিবে ৰথ খান॥
আনিলা হাজাৰ ঘোড়া যুদ্ধত শিক্ষিতে।
তাৰকাৰ স্বৰ্ণময় ৰথক টানিতে॥
ছই গোটা সিংহ আনি সাজিলা ৰথত।
কৰে মহা শোভা আৰু সহায় ৰণত॥
কতেক কহিবোঁ‌ তাৰ বলৰ মহত্ত্ব।
ত্ৰিভুবন জিনিবে পাৰয় নিমেষত॥
অসুৰ তাৰকা যেবে মহা ৰাজা হৈলা।
তাহাৰ শবদ ত্ৰিভুবনে বহি গৈলা॥
দেব ভয়ে পলায়া যতেক দৈত্য আছে।
গৰ্ত্তৰ চেঙ্গেলী যেন ওলাইয়া নাচে॥
অনেক স্থানৰ দৈত্য ভৈলা এক স্থান।
উচ্ছল পিচ্ছল ভূমিকম্পে ঘনে ঘন॥
বজ্ৰাঙ্গয়ো পুত্ৰক দিলেক বহু সেনা।
তাৰকাৰ সৈন্য পাছে ভৈলা অগণনা॥
পুত্ৰৰ লগত পাছে বজ্ৰাঙ্গ ৰহিলা।
ৰাজনীতি পুত্ৰক অনেক শিক্ষা দিলা॥
বজ্ৰাঙ্গে বোলন্ত বাপ শুনিয়ো তাৰক।
কদাচিতো হিংসা নকৰিবা দেবতাক॥
দেবৰাজ ইন্দ্ৰ যে তোহোব জ্যেষ্ঠ পিত।
তাৰ সঙ্গে যুদ্ধ নকৰিবি কদাচিত॥
ধৰ্ম্ম কৰিবাহা পুত্ৰ নকৰিবা পাপ।
অকাৰণে নেদিবা কাহাৰো মনস্তাপ॥
সুকৰ্ম্ম কৰিবা শীঘ্ৰে বিলম্বে মন্দক।
সাধুৰ সঙ্গত থাকি দণ্ডিব দুস্টক॥
শ্ৰেষ্ঠজনে সঙ্গে নকৰিবা বিসম্বাদ।
মোৰ বাক্য নৰাখিলে মিলিবে প্ৰমাদ॥

[ ৩৭ ]

মোহোৰ ককাক যদি অবজ্ঞা কৰিবি।
আপনাৰ টেষে মহা দুঃখক লভিবি॥
প্ৰজাগণে যিতো কৰ দিব তোমাক।
ভৃত্যৰ বেতন বুলি ভাবিবা তাহাক॥
নৃপতিৰ স্বাধীনতা তিল মাৰ নাই।
প্ৰজাৰে সে ভৃত্য মান জানিবা নিশ্চয়ই॥
মিলিযা সমস্ত প্ৰজা হুয়া এক মত।
হাসম্বাৰ মনোগত জনালে তোমাত॥
তাজি আত্মপৰ ভাব সি সব বচন।
সখীসাধ্যে তুমি তাক কৰিবা পালন॥
প্ৰজাৰ অমতে যতো নৰপতি গণ।
নিজৰ সুখক সাধি কৰে আচৰণ॥
নৃপতি নহন্ত সিতো দস্যুৰ প্ৰধান।
কুক্কুৰতো অধম জনিবা তাৰ পাণ॥
পৰম পবিত্ৰ হৈবো নৃপতিব মন।
স্বভাৱ নিৰ্ম্মল সত্য বলিব বচন॥
কৰিলে সি সব কৰ্ম্ম দণ্ড পাই প্ৰজা।
কদাচিতো সিতো পাপ নকৰিব ৰাজা॥
আপনি যি কৰ্ম্ম ৰাজা কৰে আচৰণ।
প্ৰজাই কৰিলে কিন্তু দেই দণ্ড দান॥
সন জন বাহু বলে কৰি অহঙ্কাৰ।
নিবিচাৰি নীতিক আচৰে অনাচাৰচ॥
নিজে পাপী হুয়া পাপ অপৰে কৰিলে।
ধাৰ্ম্মিকৰ বেশ ধৰি শাস্তি দেই সলে॥
শৃগালতো অধম জানিবা সিতো ৰাজা।
নমানিলে তাহাক নপড়ে পাপে প্ৰক্ষা॥
প্ৰজাৰেসে প্ৰতিনিধি পৰোহিতগণ।
যি সকল আজ্ঞা বাক্য কৰিছে বিধান॥

[ ৩৮ ]

তাহাবে সে নাম শ্ৰুতি স্মৃতি দণ্ড নীতি।
পুৰাণ মীমাংসা দাষভাগ ৰাজনীতি॥
স্বেচ্ছাচাৰী নহৈবা ত্যজিযা সি সকল।
নুশুনিলে বাক্য মোৰ পাবা মন্দ ফল॥
আৰু শুনা কহুঁ‌ মই স্বৰূপ বচন।
নীতিৰ সৃজন শ্ৰেষ্ঠ জনৰ কাৰণ॥
অজ্ঞানী কৰিলে পাপ কিঞ্চিত সিজয়।
উত্তম জনত দশ গুণ বৃদ্ধি হয়॥
ইতো সংসাৰক জানা দৰ্পণৰ প্ৰায়।
আপনি যেনুৱা হৈবা দেখিবা তেনয়॥
আপন মূৰতি মাত্ৰ দেখে দৰ্পণত।
সুখ পাই সাধুয়ে যাতনা দুৰ্জ্জনত॥
একে জানি কৰিবা মঙ্গল ভাবা যাকে।
নীতিহীন সুখ চিৰকাল নাহি থাকে॥
প্ৰজাৰ অমূল্য নিধি স্বাধীনতা ধন।
কদাচিতো জাক তুমি নকৰা হৰণ॥
জীবন্তেয়ো মৰা স্বাধীনতা যাৰ নাই।
কৰিবা বিধান যাতে প্ৰজা সুখ পাই॥
সদাই মৃগয়া কৰি ফুৰে যিতো জন।
চণ্ডালতো কৰি হীন জানা তাৰ মন॥
সদাই সঙ্গত তাৰ নথাকিবা তুমি।
বেদৰ বিহিত বাক্য কহুঁ‌ যত আমি॥
অতি ক্ষুদ্ৰতৰ চিত্ৰ লম্পটৰ জানা।
তোমাৰ সঙ্গত তাক কৰিবাহা মানা॥
পৰনাৰী-সেবকক কুক্কুৰৰ প্ৰায়।
মনে মনে ঘৃণা তুমি কৰিবা সদাই॥
খেলাবয দ্যুত কৰে মদিৰাক পান।
নকৰা বিশ্বাস তাক সি সব অজ্ঞান॥

[ ৩৯ ]

যাহাক সেবিলে ভ্ৰম হয় বুদ্ধি মন।
সি সকল বস্তু সবে সুৰাৰ সমান॥
কৰে পান ভোজন সুৰাক যিতো আনে।
নকৰা বিশ্বাস সি সবক কদাচনে॥
যেন মতে নৰপতি সকলে প্ৰজাৰ।
দেই দণ্ড দোষ গুণ কৰিয়া বিচাৰ॥
সেহি মতে প্ৰজাৰো আছয় অধিকাৰ।
নৃপতিৰ দোষগুণ কৰিতে বিচাৰ॥
নবাধিবা তুমি ইতো কৰ্ম্মত প্ৰজাক।
তাহ হন্তে পাৰিবা জ্ঞানক লভিবাক॥
নিন্দা শুনি নিজ দোষ লবা শুদ্ধ কৰি।
ভাবিলে নিন্দুক মিত্ৰ নুহিকয় বৈৰী॥
সত্য কথা নিন্দুকক:নকৰিবা ৰোষ।
ৰটিলে অসত্য কথা তাহাৰে সে দোষ॥
এহি মহে আনে নানা নীতি তনযক।
বুলিলা বজ্ৰাঙ্গে হিত কথা তাৰকাক॥
পান মন্ত্ৰী সবাক বুলিয়া হিতবাক।
বজ্ৰাঙ্গ চলিলা কৈলাসক তপস্যাক॥
ধৰ্ম্মিষ্ঠ বজ্ৰাঙ্গে যতে যতো শিক্ষা দিলা।
অধৰ্ম্মী তাৰকে তাক কৰ্ণে নুশুনিলা॥
বৈশম্পায়ন বদতি নিয়ে পাছ কপা।
দৈত্যেশ্বৰ তাৰকেয়ো যি কৰিলা তথা॥
বলৰ দৰ্পত থাকি কাকো নগণয়।
কাকো মাৰে কাকো কাটে আপন ইচ্ছাই॥
যাৰ ভয়ে পৃথিবী কাঁ‌পয় থৰথৰি।
জগতৰ মধ্যত নাহিকে যাক সৰি॥
একদিন পাত্ৰ মন্ত্ৰী সমে আসনত।
বসিয়া আছতা ৰাজা ৰাজ সমাজত॥

[ ৪০ ]

হেনকালে বৰাঙ্গী পুত্ৰক বোলে বাণী॥
শুনা শুনা বাপু মোৰ দুঃখৰ কাহিনী।
বাপেকৰ লগত আছিলো তপ কৰি।
ঘোষাইলেক ইন্দ্ৰে মোক সৰ্পৰূপ ধৰি
পৰ্ব্বতৰ মাঝে মাঝে মোক টানি নিলা।
সাগৰৰ জলে তল মুণ্ড জবৰাইলা।
একে তিৰী জাতি মোৰ সুকোমল গাৱ।
ঘোষন্তে ঘোষন্তে শৰীৰত ভৈলা ঘাৱ॥
সি সব দুঃখক মই মৰিলে নেড়াওঁ‌।
মনত পড়িলে মই একমৰা দেওঁ‌॥
হেন শুনি তাৰকে মাতৃক বোলে বাক।
পিতৃ হাক দিছে দেবতাক যুঝিবাক॥
সম্বন্ধত বাসব মোহোৰে জ্যেঠা হয়।
তোমাৰ দুঃখক দেখি গাৱে নসহয়॥
ভাই বহাৰীক কৰে এতেক অকাৰ্য্য।
গুণি চালে তাত পৰে নাহিকে নিলাজ॥
বৰাঙ্গী বোলন্ত বাপ শুনিয়ো বচন।
সদাই আমাক হিংসা কৰে দেবগণ॥
পূৰ্ব্ব হন্তে দোষ নাই দৈত্যৰ কুলত।
চিৰকালে অনাচাৰী দেবগণ যত॥
তোৰ জ্যেষ্ঠ পিতা আছিলেক দুই জন।
বিনা দোষে দেবগণে কৰিলা নিধন॥
চোৰে গৃহস্থক বধে যিমত বিধানে।
বৰাহ বিষ্ণুয়ে ধৰি সিমত সন্ধানে॥
অন্যায় সমৰে কৰি অনেক বিলাই।
মাৰিলেক হিৰণ্যাক্ষ বীৰক ৰোপাই॥
হিৰণ্যকশিপু ৰাজা গৈলেক তপক।
শূন্য পাই ৰাসৰ আসিলা নগৰক॥

[ ৪১ ]

অগনি লগাই পুড়ি কৰিলেক ছাই।
নগৰৰ কৰিলেক অনেক বিলাই॥
তপ কৰি আছিলেক ৰাজা যি থানত।
বেঢ়িয়া অগনি যাই দিলা সি থানত॥
প্ৰহ্লাদৰ জননী তোমাৰ জ্যেঠীমাই।
সাপটি ধৰিলা তাক দেবৰাজে যাই॥
আঝুৰি আঝুৰি টানি মাৰিলা বহুত।
কৰিলা যিসব তাক শুনা অযুগুত॥
এড়ি দিলা নাৰদৰ বচনক মানি।
শাশুড়ীৰ মুখত ইসৰ আছোঁ‌ শুনি॥
পাছে চল বাদে নৰসিংহ ৰূপ ধৰি।
অন্যায়ে বধিলা নৃপতিক নখে ছিড়ি॥
পাছে তযু পিতা শুনি মাতৃৰ বচন।
সাজি সৈন্য সামন্ত দেবক দিলা ৰণ॥
মিত্ৰতা কৰিলা দেবে সমৰ নকৰি।
আনিলেক তোৰ পিতা দেবতাক ধৰি॥
দিতিৰ আগত আনি দিলন্ত দেবক
মিলি পৰম স্নেহ থাকিলা শোক॥
বাসক প্ৰমুখে যতেক দেবতাক।
অনেক আদৰ কৰিলেক দৈত্য ঝাক॥
দেব সমে দৈত্যৰ লাগিছে যত ৰণ।
দেবতাক নবধে দয়ালু দৈত্যগণ॥
নিৰ্দ্দয় জ্ঞাতিৰ দ্ৰোহী দেবগণ যত।
বাৰে বাৰে দৈত্যক বধিলা অসঙ্খ্যাত॥
তাৰ পিতা ৰাজৰি সদানন্দ দেৱ।
নাছিলা নোপজে হেন জগতত কেৱ॥
হেন পুৰুষ জনে মুকুতি সাধয়।
সিয়ো মান দেবতাৰ গাৱে নসহয়॥

[ ৪২ ]

কৰিলা অনেক চেষ্টা ভাঙ্গিবে তপক।
পাছে লাজ এড়ি যাই ধৰিলা মোহোক॥
চৰণত ধৰি তুতি কৰিলোঁ‌ অনেক।
তথাপিতো দয়া নভৈলেক খানিতেক॥
শ্বশুৰে কৰিলামত বহাৰীক ধৰি।
জগতত কোন জনে আছে হেন কৰি॥
এতেকেতে বাপু তুমি মোৰ বাক্য ধৰা।
চাহিবে নলাগে বাসবক যুদ্ধ কৰা॥
বহু দুঃখে তপ কৰি পুত্ৰ পাইলোঁ‌ তোক।
ইন্দ্ৰক জিনিয়া মোৰ বুক জুৰায়োক॥
পিতৃ বাক্য এড়া বাপু মাতৃ বাক্য ধৰ।
তোক গৰ্ব্ভে ধৰি দুঃখ পায়াছো বিস্তৰ॥
বহু আশা কৰি বাপু পুত্ৰ পাইলোঁ তোক।
মোহোৰ দুঃখৰ প্ৰতিকাৰ সাধিয়োক॥
যদি বাপ বাসবক নদণ্ডিবি তঁই।
মাতৃবধ ভাগী তেবে হৈবাহা নিশ্চয়॥
ইন্দ্ৰে যত দুঃখ দিলা তাহাক সুমৰি।
অবশ্যে মৰিবুঁ‌ মই আত্মা ঘাত কৰি॥
পূৰ্ব্বত তোহোৰ বাপে দেবক বান্ধিলা।
তান মাতৃ দিতিৰ আগত আনি দিলা॥
পূৰিলা মনৰ বাঞ্ছা ছাৰি দিলা পাছে।
পূৰ্ব্বাবধি দেবৰ লগত বাদ আছে॥
মাতৃৰ বচন পালে পুত্ৰ বদলে তাক।
হেন জানি বাপু তুমি যুঝিয়ো দেবক॥
মহেশে দিয়াছে বৰ নকৰিবা ভয়।
ত্ৰৈলোক্যৰ মাঝে তোৰ মৃত্যু নাহিকয়॥
বাসবৰ কথা মোৰ পড়িলে মনত।
অগনি লাগয় যেন শুখান বনত॥

[ ৪৩ ]

বিবস্ত্ৰা কৰিয় টানে ভাই বহাৰীক।
ৰাখিলা দেশত মোৰ হেন অখ্যাতিক॥
এতেকে যুঝিযো বাপু দেবক সত্বৰে।
হেনমতে বৰাঙ্গী কহিলা বাৰে বাৰে॥
ইন্দ্ৰৰ দুষ্কৰ্ম্ম আৰু মাতৃদুঃখ দেখি।
উঠিলা তাৰকে পাছে খানিক নাপেক্ষি॥
আত মোৰ দোষ নাহি বুলিলুহুঁ সাৰ।
এহি বুলি তাবকে গৰ্জ্জিলা বাৰম্বাৰ॥
দূত পাঞ্চি সমস্ত লোকত দিলা সাৰি।
সাজ সাজ বুলি তবলত দিলা বাৰি॥
ৰাজাৰ আদেশ হেন শুনি দৈত্যগণ।
চতুৰঙ্গ দলে সাজি অসিলা তেখন॥
ধ্বজ দণ্ড ছত্ৰ দৈত্যে উপৰক তুলি।
নানা বাদ্য বজা‍ৱয় ওলা ওলা বুলি॥
হস্তি-কন্ধে চড়ি যাই মুখ্য পাত্ৰগণ।
কতো কতো ৰথে চড়ি কৰিলা গমন॥
গৰ্দ্দভৰ উপৰত কেহু যাই উঠি।
কুক্কুৰত চড়ি কতো জনে দেই ছুটী॥
ঘোড়াত চড়িয়া কতো কৰিলা গমন।
উট গণ্ডাৰত কতো কৰিল গমন॥
কতো দৈত্য বৃষভত কতত মহিষত।
বাঘৰ উপৰে কতো সিংহৰ কন্ধত॥
বৰাহৰ কন্ধে কতো কতো শৃগালত।
বিড়াল বান্দৰে চড়ি যাই অসংখ্যাত॥
ছাগলৰ উপৰত কেহু যাই চড়ি।
মৃগৰ উপৰে উঠি যাই কতো লড়ি॥
এহিমতে দৈত্যগণ পশুত চড়িলা।
পক্ষীৰ কন্ধত চড়ি কতো দৈত্য গৈলা॥

[ ৪৪ ]

শগুণ কাকত চড়ি যাই কতোজন।
আনো নানা পক্ষীত চড়িলা দৈত্যগণ॥
এহিমতে দৈত্য আসি এক থান ভৈলা।
দপ দপ বসুমতী কম্পিবাক লৈলা॥
পদাতিক সৈন্যৰ নাহিকে লেখা জোখা।
সাগৰৰ বালিৰ নাহিকে যেন লেখা॥
দেখিয়া তাকে পাছে বুলিলা বচন।
শুনা পাত্ৰ মন্ত্ৰিগণ শুনা সেনাগণ॥
অতি হীন মন্দমতি যত দেব চয়।
তাসম্বাক ঘোৰ শাস্তি দিবাক লাগয়॥
দণ্ডিয় দুষ্টক কৰা সাধুক পালন।
ৰাজাৰ উচিত কৰ্ম্ম স্বৰূপ বচন॥
আমি যদি নকৰোঁ দমন দেবতাক।
মহা দুঃখ দিবে দেবে সকল প্ৰজাক॥
বাসবক দিবাক উচিত ফল দান।
দেবব সহিতে আজি হৈবো ঘোৰ ৰণ॥
আজি যুদ্ধে দেবক কৰিবুঁ পৰাজয়।
এহিমতে গৰ্জ্জিলা তাৰকা মহা ৰাই॥
সেহি বেলা কালনেমি বীৰৰ প্ৰধান।
সেনাৰ মধ্যত উঠি বুলিলা বচন॥
শুনা সবে বীৰগণ মোহোৰ বচন।
জগতত চিৰজীবী নহে কোন জন॥
জন্তুৰ ওপজে মৃত্যু দেহাৰ লগত।
ভয়াতুৰ জনে স্নেহ কৰে জীবনত॥
অনেক যাতনা ভোগী বুঢ়া বয়সত।
জীবন্তে নৰক ভুঞ্জি দাৰুণ ৰোগত॥
শৃগাল কুক্কুৰ প্ৰায় ত্যজয় প্ৰাণক।
পাছে নিজ কৰ্ম্ম ফলে যাই নৰকক॥

[ ৪৫ ]

বীৰগণে ঘৃণা কৰি সিতো মৰণক।
পৰম সাধনা ভাবি বাঞ্চয় ৰণক॥
হয় হস্তী ৰথ ৰথী পদাতিৰ মাঝে।
প্ৰচণ্ড প্ৰতাপে শত্ৰু নাশি বীৰ সাজে॥
মৰিলে অনন্ত সুখ পুণ্যধাম পাই।
জিনিলে ৰাজ্যৰ ভোগ হাততে আছয়॥
বিশেষতঃ অতি হীনমতি দেব চয়।
আমাসাৰ আগে সবে পশুৰ পৰাই॥
হুয়োক সমৰে সাজ যত বীৰগণ।
জানিয়ো পতঙ্গ প্ৰায় যত দেবগণ॥
পাছে ৰাজা সাৰথিক বুলিলা বচন।
শীঘ্ৰে সাজ কৰিয়া আনিয়ে ৰথখান॥
ৰাজাৰ বচনে ৰথ সাজিয়া তেখনে।
ৰাখিলা সাৰথি নৃপতিৰ বিদ্যমানে॥
হাজাৰেক ঘোড়া আনি ৰথত যুড়িলা।
হাজাৰেক হাথী আনি ৰথত বান্ধিলা॥
ছয় গোটা সিংহ আনি সাজিলা ৰথত।
ৰথখান দিলা আনি ৰাজাৰ আগত॥
দেখি তাৰকাৰ ভৈলা আনন্দ অন্তৰ।
যুদ্ধ সাজ পিন্ধি ৰথে উঠিলা সত্বৰ॥
প্ৰথমে লড়িলা অন্ধাসুৰ সেনাপতি।
শতেক সহস্ৰ সেনা তাহাৰ সংহতি॥
শেষাসুৰ চলি যাই তাহাৰ পাছত।
কুড়ি লক্ষ সৈন্য চলে তাহাৰ লগত॥
অসুৰ পঁচিশ কোটি আৰু এক শত।
সাজিয়া চলয় জন্তাসুৰৰ লগত॥
তাহাৰ পাছত কালনেমি চলি যাই।
তাৰ লগে যত সেনা লেখা জোখা নাই॥

[ ৪৬ ]

পুত্ৰ নাতি ভৃত্য বংশ যত আছে তাৰ।
সেই সমে দেবক দিবাক পাৰে ধাৰ॥
অঘাসুৰ মেঘাসুৰ যত পাত্ৰগণ।
শত লক্ষ সেনা লগে চলে সৰ্ব্বজন॥
একো একো দৈত্যক দেখন্তে লাগে ভয়।
সেনাৰ সহিত চলে যেন যম প্ৰায়॥
তাৰকা চলিযা যাই তাহাৰ পাছত।
কিছুমান লেখা দেওঁ‌ তাৰ সৈন্য যত॥
দুই কাখে চলে সেনা অৰ্ব্বুদ অৰ্ব্বুদ।
আগত হাজাৰ পাছে চলয় নিৰ্ব্বুদ।।
অক্ষৌহিণী সেনা চলে ৰথৰ উপৰে।
পদাতিক সেনা কোনে লেখিবাক পাৰে॥
হাথী ঘোড়া ৰথ ৰথী চলে তাৰ পাছে।
শকট চলয় তাত ভক্ষ্য বস্তু আছে॥
পাছত সতেক সেনা কোনে লেখে তাক।
বৎসৰ দিনৰ বাট জড়িলা কটক॥
শুভক্ষণে স্বৰ্গক দিবাক গৈলা ধাৰ।
বীৰগণে সিংহনাদ কৰিলা অপাৰ॥
দশদিশে পুৰিলেক কটকৰ ধ্বনি।
খাওঁ‌ খাওঁ‌ কৰি যাই উপৰক ছানি॥
কতো বেলি পাইলা যাই অমৰাৰতীক।
আচম্বিতে বেটিবা ফেনাইলা নগৰীক॥
তাৰকে বেঢ়িলা দেশ শুনি দেবৰাজ।
মনত গুণন্ত এবে কৰোঁ‌ কোন কাৰ্য্য॥
বিদশ দেবক মাতি বাসবে বোলয়।
নজানু ইবাৰ আমাসাৰ কিবা হয়॥
বজ্ৰাঙ্গৰ তনয় তাৰকা দৈত্যেশ্বৰ।
অজেয় অমৰ তাক হৰে দিছে বৰ॥

[ ৪৭ ]

সম দলে আসি আমাসাক দিলা ধাৰ।
আলোচি সত্বৰে সবে কৰা প্ৰতিকাৰ॥
দেবগণে বুলে শুনিয়োক পুৰন্দৰ।
অজেয় অমৰ তাক হৰে দিছে বৰ॥
কোন দেবে গৈয়া ৰণে পৰাজিব তাক।
সমৰক মানা কৰোঁ‌ শুনা যদি বাক॥
যদি আমাসাৰ বুদ্ধি শুনা পুৰন্দৰ।
পলাইবাক লাগি সাজ হুযোক সত্বৰ॥
বাসবে বোলয় পলাইবাহা কি কাৰণে।
কোন যুদ্ধে আমাক জিনিছে দৈত্যগণে॥
আসা সবে দেবে মিলি কৰিবুঁ সমৰ।
অকীৰ্ত্তি নাৰাখা সবে কৰি মিছা ডৰ॥
আৰু মই কহুঁ‌ শুনা শাস্ত্ৰৰ বচন।
ধৰ্ম্মৰক্ষা হেতু দ্বিজে কৰিৰেক ৰণ॥
দুৰ্জ্জনৰ আক্ৰমণ হন্তে ধৰমক।
ৰাখন্তে ব্ৰাহ্মণে যদি ত্যজ্জে জীবনক॥
পাকয় অনন্ত কাল অক্ষয় স্বৰ্গত।
ধৰ্ম্মক যহন এড়ি পড়ে নৰকত॥
আপন দেশৰ কৃষি বাণিজ্য শিল্পক।
ৰাখিবে বৈশ্যৰ দান কৰিবে প্ৰাণক॥
কৰে হেলা ইতো মহা ব্ৰতক যি জনে।
বহুকলি কৰে পশু ষোনিত ভ্ৰমণে॥
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিয়োৰ।
প্ৰাণ বলি দিয়ে হিতে আপন ৰাজ্যৰ
যিতো জনে ইতো মহা সমৰ যজ্ঞত।
কয় আহুতি প্ৰাণ নিৰ্ভয়ে মনত॥
নলাগয় যাগ যজ্ঞ তপোৰ সাধন।
মই পাতকীয়ো পাৱে অক্ষয় ভুবন॥

[ ৪৮ ]

আপন ৰাজ্যৰ স্বাধীনতা মহা ধন।
ৰাখিবে যি জন ৰাজা নকৰে যতন॥
শতেক জনম কুকুৰত জন্ম ধৰে।
পৰৰ উচ্ছিষ্ট খাই ঘৰে ঘৰে ফুৰে॥
অনিবাৰ্য্য মৃত্যু কেৱে এড়াব নোৱাৰে।
মৰণক ভয়ে কিয়ো হেন পাপ কৰে॥
ভয়াতুৰ কাপুৰুষ অধম অজ্ঞান।
তাত বিতে ৰণে ভয় কৰে কোন জন॥
হেন জানি বীৰগণ সাজিয়ো সত্বব।
পলাইবে লাগি পাপ বুদ্ধি পৰিহৰ॥
একই প্ৰকাৰে যদি ৰক্ষা নাহি হয়।
কৰিবুঁ‌ সকলে পাছে বুদ্ধি যিব হয়॥
বিশেষতঃ আচম্বিতে চাৰিয়ো দুৱাৰ।
বেড়ি আছে পলাইবাক পথ নাই আৰ॥
বাসবৰ শুনি সবে এতেক বচন।
অস্ত্ৰেশস্ত্ৰে সাজিৰে লাগিল দেবগণ॥
সি বেলা তাৰকে শীঘ্ৰগতি চাৰি দ্বাৰে।
দেবৰ পৰীক আগুৰিলা একেবাৰে॥
চাবিয়ো দিশত উঠিলেক মহাৰোল।
ধৰ ধৰ কাট কাট মাৰ মাৰ বোল॥
বাসবৰ বচনে হৰিত দেবগণে।
নিজ নিজ বাহনে সাজিলা তেতিক্ষণে॥
আসিলা আদিত্য সপ্ত ঘোডাৰ ৰথত।
যম ৰাজা আসিলেক মহিষ কন্ধত॥
শশকৰ পিঠিত দেবতা শশধৰ।
বায়ু ৰাজা আসিলেক মৃগৰ উপৰ॥
ছাগলত চড়ি আসিলেক হুতাশন।
আসিলা বৰুণ দেব মকৰ বাহন॥

[ ৪৯ ]

আনো দেব আসিলা চড়িয়া নানা যান।
দেবতাক চাই ইন্দ্ৰে বুলিলা বচন॥
পূবৰ দিশোক চলি বায়োক আদিত্য।
পশ্চিমক যাৱা যম বৰুণ সহিত॥
উত্তৰ দিশত বায়ু থাকা সাবধানে।
দক্ষিণক লাগি অগ্নি চলিয়ো এখনে॥
এহি মতে ইন্দ্ৰে পাঞ্চি দিলা ভাগে ভাগে।
চাৰিয়ো দুৱাৰে যুদ্ধ ভৈলা একে লগে॥
দেবগণে দৈত্যগণে এক ঠাই ভৈলা।
দেখাদেখি কৰি সবে গৰ্জ্জিবাক লৈলা॥
ধৰ ধৰ মাৰ মাৰ কৰে কোলাহল।
ঘোড়ায়ে চেনী পাড়ে চিহৰে দন্তাল॥
পৰম আক্ৰোশে দুয়ো দলে এক ঠাই।
হান হান কাট কাট বুলি কৰে হাই॥
খাণ্ড ঝঙ্কাৰয় কেহুঁ‌ মাৰে বাৰু চাতি।
নিৰ্ঘাত পড়য় যেন যাই গিৰি ফাটি॥
দেবে দৈত্যে দুয়ো দলে কৰে কোলাহল।
মহা ভয়ে স্বৰ্গ মৰ্ত্ত কম্পিলা পাতাল॥
মুণ্ড চাপৰাই কতো যাই বাহু পাতি।
কতো খাণ্ডা তুলি কোবাকুবি হাতাহাতি॥
খেদিয়া মাৰয় যেন অন্তকে সাক্ষাত।
অনেক দৈত্যক দেবে কৰিলা নিপাত॥
অসুৰৰ হাতত দেবৰো ভৈলা ক্ষয়।
উভয় সেনাৰ মহা মিলিলা প্ৰলয়॥
উঠিলা ক্ৰন্দন ৰোল দুৰ্ঘোৰ সমৰে।
অসংখ্যাত দেবাসুৰ গৈলা যমঘৰে॥
সেনাৰ শোণিতে হস্তী ঘোড়া ভাসি যাই।
দেৰ অসুৰৰ যুদ্ধ কইন নযাই॥

[ ৫০ ]

সেনাৰ যুদ্ধৰ কথা এহি মানে থওঁ।
মুখ্য মুখ্য বীৰৰ যুদ্ধৰ কথা কওঁ‌॥
মহিষত চড়ি যম আসিলা প্ৰথমে।
লাগিলেক ঘোৰ যুদ্ধ জম্ভাসুৰ সমে॥
দুইকো দুই মহা যুদ্ধ অনেক কৰিলা।
জন্তুৰ হাতত যম ৰাজা ভাগবিলা॥
জম্ভাসুৰে মাতয় যমৰ মুখ চাই।
তোৰ সম মহাপাপী ত্ৰিভুবনে নাই॥
ডেকা বুঢ়া ছাৱাল কাহাক নাবাচস।
তিৰী বধ ব্ৰহ্মবধ গোবধ কৰস॥
যুবতীক বিধবা কৰিয়া ভাঙ্গা প্ৰেম।
পৃথিবীত অধৰ্ম্মী নাহিকে তোৰ সম॥
গুণি চাৱা পাপিষ্ঠ কৰস কোন কাৰ্য্য।
মিছাত সকলে তোক বোলে ধৰ্ম্মৰাজ॥
নানা বিকৰ্থনা বাণী বুলিলা বিস্তৰ।
সূৰ্য্যৰ তনয় ক্ৰোধ কৰি গুৰুতৰ॥
যমদণ্ড ধৰি যম ৰাজা খেদি গৈলা।
হুঁ‌হ বুলি দৈত্যৰ মুণ্ডত কোব দিলা॥
যমৰ দাৰুণ সিতো প্ৰহাবক পাই।
মূৰ্চ্ছা গৈলা জন্তাসুৰ পড়ি সেহি ঠাই॥
কতোক্ষণে জন্তাসুৰে চেতনক পাই।
সিন্দুৰৰ বৰ্ণ দুই চক্ষুক ঘুৰাই॥
ধনু ধৰি দশ শৰ মাৰিলেক বেগে।
যমদণ্ড গোটক কাটিলা সেহি ছেগে॥
কুড়ি পাট শৰ প্ৰহাৰিলা মহিষত।
মহিষ পড়িলা যম ভৈলা ভূমিগত॥
দেখি জম্ভাসুৰৰ হৰিষ ভৈলা মন।
বুদ্ধি হুত হুয়া যম আছে সেহি স্থান॥

[ ৫১ ]

সেহি সমযত জম্ভাসুৰে ছিদ্ৰ পাই।
গদাগোট ধৰিয়া যমক খেদি যাই॥
তাৰ শৰীৰৰ যত বল আছে মানে।
যমৰ মুণ্ডত কোব দিলা বড় টানে॥
গদাৰ কোবত অগ্নি গৈলেক উথলি।
ভূমিত পড়িলা যম ৰাজা মহাবলী॥
বজ্ৰাঘাতে যেন গিৰিবৰ চূৰ্ণ ভৈলা।
গদাৰ কোবত যম সিমতে পড়িলা॥
গদাঘাতে যম যেবে পড়িয়া ৰহিলা।
ধনু ধৰি শশধৰ আগ বাঢ়ি গৈলা॥
মহাবীৰ শশধৰে দিলা ঘোৰ ৰণ।
দুইকো দুই শৰ প্ৰহাৰিলা ঘনে ঘন॥
প্ৰথমতে চন্দ্ৰে হানিলন্ত কুন্দি বাণ।
বাণৰ প্ৰতাপ দেখি কম্পে দৈত্যগণ॥
জম্ভাসুৰে বাটতে কৰিলা খান খান।
দেখি ক্ৰোধে চলে জানিলন্ত কাল বাণ॥
হেন দেখি জন্তাসুৰে ভৈলা নিৰুপাই।
পড়িলা হৃদয়ে বেগে শৰপাট যাহ॥
বাণাঘাতে জম্ভাসুৰে ধৰফৰ কৰি।
গুডি কাটা কল সেন পড়িলা বাগড়ি॥
শেষান্তৰে দেখে জম্ভাসুৰ পড়ি গৈলা।
মহা ক্ৰোধে যাঠি বাণ চন্দ্ৰক হানিলা॥
বাণ দেখি শশধৰে পাছক নচাই।
চডি শশকৰ যানে গৈলেক পলাই॥
বৰুণে দেখয় ঢল পলাই গৈলেক।
যোগমাত্যা বলে মহা জল স্ৰজিলেক॥
দানব সেনাৰ মাজে উঠিলোক জল।
সৰোবৰ প্ৰায যেন দেখি ৰণস্থল॥

[ ৫২ ]

কতো উঠে কতো বুড়ে কতো পানী খাই।
মিলিলা প্ৰলয় দৈত্য সাথুৰি মৰয়॥
তাৰকা নৃপতি যেহি থানত আছিলা।
বৰুণৰ মায়া জল তথাক নগৈলা॥
পাত্ৰ মন্ত্ৰী সমে বসি আছে দৈত্যেশ্বৰ।
জলত বুড়িয়া সেনা মৰয বিস্তৰ॥
সবাক সম্বোধি ৰাজা বুলিলন্ত বাক।
কোন বীৰে পাৰা ইতো জল শুখাইবাক॥
শেষাসুৰে মাতয় ৰাজাৰ মুখ চাই।
ইতো মায়া জলক নাশিবুঁ‌ ৰাজা মই॥
যেন কোটি আদিত্যৰ প্ৰচণ্ড তেজত।
শুখাই সকলে জল প্ৰলয় কালত॥
বৰুণৰ মায়াক সিমতে শেষাসুৰ।
কোটি সুৰ্য্য সম তেজে কৰিলেক দূৰ॥
মথিবে লাগিলা ঘোৰ প্ৰতাপে দেবক।
দহয় অগনি যেন শুখান বনক॥
ভয়ে লাজে জলপতি ভৈলেক বিকল।
গজ্জিবে লাগিলা শেষাসুৰ মহাবল॥
মোছাৰিয়া ঘাড় তোৰ ছিঙ্গিবুঁ‌ অজ্ঞান।
মোহৰ হাতত তোৰ যাব আজি প্ৰাণ॥
বৰুণৰ মুণ্ডক চোবায়া খাওঁ বুলি।
প্ৰচণ্ড প্ৰতাপে যাই খেদি মহা বলী॥
দেখি আগ বাঢ়ি বাট ভেটিল আদিত্যে।
প্ৰলয়ৰ বহ্নি যেন ভুবন দহিতে॥
মহা ক্ৰোধে কৰে যুদ্ধ সহস্ৰকিৰণ।
তাপত মৰয় পুড়ি যত দৈত্যগণ॥
জয় জয় ঘোষে দেবে বীৰ মদে মাতি।
উৎসাহে জাগিলা তেজ আঠ গুণে আতি॥

[ ৫৩ ]

এহি মতে যুঝন্তে আছয় দিবাকৰ।
অসংখ্যত দৈত্য মৰি গৈলা ষম ঘৰ॥
হেন দেখি অন্ধাসুৰ ক্ৰোধে জ্বলি গৈলা।
অসংখ্যাত বাণ আদিত্যক প্ৰহাৰিলা॥
পৌষৰ মাসত যেন শিশিৰ বৰিষে।
এহি মতে সূৰ্যক বেঢ়িলা দশ দিশে॥
যেন হিম তিমিৰে সূৰ্য্যক বেঢ়ি গৈলা।
হেন দেখি মহা ক্ৰোধে অগ্নি খেদি গৈলা॥
প্ৰমত্ত বিক্ৰমে বেঢ়ি অসুৰ সেনাক।
তেজোময় শৰ প্ৰহাৰিলা ঝাকে ঝাক॥
দুই দলে পডিলেক পদাতি অপাৰ।
অগনি কৰিলা অগ্নিবাণ অবতাৰ॥
শৰ হস্তে বৈশ্বানৰ হাজাৰে হাজাৰে।
বাহিৰাযা দহে সৈন্য তাৰকা বাজাৰে॥
কাৰে শিৰে কাৰো গাৱে কাহাৰো কাপড়ে।
লাগিযা হয় দেহ নুমাৰে নুৱাৰে॥
দুযো হাতে থাপড়ায় শৰীৰৰ বলে।
আছোক নুমাব জুই দুই গুণে জ্বলে॥
কেহো বস্ত্ৰ পুড়ি গৈয়া ভৈলা দিগম্বৰ।
ভষ্ম হুয়া অনেক গৈলেক যম ঘৰ॥
কেহু কেহু লৱরিয়া পড়য় জলত।
ভৈলা কোলাহল দৈত্য সেনাৰ মাঝত॥
আধা পুড়া অসুৰে পাড়ায় দীৰ্ঘৰাৱ।
মই পুড়ি মৰোঁ‌ ৰক্ষা কৰা বাপ মাৱ॥
অগনি কৰিলা ৰণ অতি বিপৰীত।
কাৰো ৰথ পুড়িয়া কৰিলা চূৰ্ণাকৃত॥
হেন দেখি কালনেমি দৈত্যৰ প্ৰধান।
মায়া বলে প্ৰহাৰ কৰিল মেঘবাণ॥

[ ৫৪ ]

শৰে হানি অগনিক কৰিলা বিকল।
ধাৰাসাৰে মহা মেঘে বৰষিলা জল॥
অসুৰৰ সেনাত মিলিলা জয় জয়।
দেবৰ মাঝত সবে গণিলা প্ৰলয়॥
বোলন্ত পবনে মহা বিপদ মিলিলা।
কালনেমি সমে আগ বাঢ়ি যুদ্ধ দিলা॥
মহা বায়ু বলে মেঘ নিলা উড়ুৱাই।
দুনাই মিলিলা অসুৰৰ মহাভয়॥
দেখি শুম্ভ নিশুম্ভ প্ৰধান বীৰ দুই।
নিবাবিলা বায়ুক পৰ্ব্বত যেন হুই॥
দেখি ক্ৰোধে বজ্ৰ প্ৰহাৰিলা পুৰন্দৰ।
বজ্ৰাঘাতে দুয়ো ভাই গৈলা যমঘৰ॥
মৰিলা অসুৰ তাৰ মাযা ভৈলা ঠাই।
বাতাসে মেঘক পাছে নিলা উড়ৱাই॥
পুনৰপি অগনি দৈত্যক দিলা ধাৰ।
অসুৰৰ মাঝত মিলিলা হাহাকাৰ॥
একোই প্ৰকাৰে জুই নুমান নযাই।
ৰাখা দৈত্যেশ্বৰ বুলি অসুৰে চেঞ্চাই॥
লণ্ড ভণ্ড কৰিয়া মাৰ মোৰ প্ৰজা।
এহি বুলি ধাইল তাৰকা মহাৰাজা॥
সাৰথিক বুলিলন্ত শুনা মোৰ বাক।
অগনিৰ সম্মুখক চাপায়ো আমাক॥
বায়ু বেগে সাৰথি ডাকিয়া ৰথ খান।
ৰাখিলেক আনি অগনিৰ বিদ্যমান॥
অগনি তাৰকে যুদ্ধ ভৈলা ঘোৰতৰ।
দহিলেক বহ্নি ৰথখান তাৰকাৰ॥
দুই শৰে সাৰথিৰ নিকলিলা প্ৰাণ।
ভৈলা ভূমি পাৱ ৰাজা দানব প্ৰধান॥

[ ৫৫ ]

ধৰি মহা গদা গোট গজৰাজ গতি।
খেদি গৈলা দৈত্যৰাজ অগনিক প্ৰতি॥
ছাগলৰ কন্ধে চড়ি আছে বৈশ্বানৰ।
গদা হাতে ওচৰ চাপিলা দৈত্যেশ্বৰ॥
সুবৰ্ণৰ গদা গোট উপৰক তুলি।
অগ্নিৰ মুণ্ডত কোব দিলা হুঁ‌হ বুলি॥
মূৰ্চ্ছা হুয়া পড়িলা সিথানে হুতাশন।
দেখি ভঙ্গ দিবাক লাগিলা দেবগণ॥
দেবৰ সেনাত লাগিলেক মহা ৰোল।
লৱৰিয়া পলাই নুশুনে কাৰো বোল॥
পাছে পাছে খেদি প্ৰহাৰয দৈত্যগণে।
ধৰ ধৰ বুলি চেঞ্চাৱয় ৰঙ্গ মনে॥
হেন দেখি দেব ৰাজা ক্ৰোধে গৈলা ধাই।
দেবতাক বুলিলন্ত বচন বুঝাই॥
নপলাবা দেবগণ যুদ্ধ দেখা মোৰ।
বজ্ৰাঘাটে মুণ্ড আজি ভাঙ্গ তাৰকৰ॥
ঐৰাবত কন্ধ চডিলা দেবৰাই।
দেখি সবে দেবগণ ফিৰিলা দুনাই॥
আপুনি পশিলা মহাৰাজা সমৰত।
মিলিলা উৎসাহ সবে দেবৰ মনত॥
আপনাৰ অস্ত্ৰ শস্ত্ৰ হাতে হাতে লৈলা।
ইন্দ্ৰৰ পাছত সবে দেৱ চলি গৈলা॥
মূৰ্চ্ছা গৈয়া আছিলা যতেক দেবগণ।
সুস্থ হুয়া সবেও ধাইলেক তেতিক্ষণ॥
মৃগত পবন ছাগলত হুতাশন।
মহিষত যম অশ্ব পৃষ্ঠত বৰুণ॥
শশকৰ ৰথত চলিলা শশধৰ।
সপ্ত তুৰঙ্গৰে ৰপে দেব দিবাকৰ॥

[ ৫৬ ]

হয় হস্তী ৰথে ভূমি পাৱে আন দেৱে।
চলয় পাছক ফিৰি নাহি চান্ত কেৱে॥
সবে মিলি তাৰকাক ধাই দিলা ৰণ।
ঝাকে ঝাকে প্ৰহাৰিবে লৈলা শৰগণ॥
শঙ্কৰৰ বৰে তাৰ অভেদ্য শৰীৰ।
হাৰিবে লাগিলা দেবতাৰ যত বীৰ॥
মহা ক্ৰোধে বজ্ৰ প্ৰহাৰিলা সুৰপতি।
তাৰকে ধৰিলা তাক দুয়ো হাত পাতি॥
তাৰকাৰ হাতে পদ্ম পুষ্প প্ৰায় ভৈলা।
হেন দেখি বাসবৰ বিস্ময় মিলিলা॥
তাত পাছে যম ৰাজা যম দণ্ড ধৰি।
তাৰকাৰ শিৰত হানিলা টান কৰি॥
তিল মাত্ৰ দুঃখ নগণিলা দৈত্যেশ্বৰ।
যম দণ্ড ভৈলা যেন কুণ্ডল কৰ্ণৰ॥
অগনিয়ো অগ্নিবাণ কৰিলা প্ৰহাৰ।
তাৰকা ৰাজাৰ যেন সিয়ো হেম হাৰ॥
তাত পাছে বৰুণে হানিলা নাগ পাশ।
তাৰকা ৰাজাৰ গলে ভৈলা পীতবাস॥
আনো দেবগণে শৰ হানিলা অপাৰ।
তাৰকে গণিলা সিসবক অলঙ্কাৰ॥
দেখি মহা বিস্ময় মিলিলা দেবতাৰ।
মহাভয়ে বোলে সবে ৰক্ষা নাহি আৰ॥
ৰণ ৰঙ্গে দানব সকলে আগ বাঢ়ি।
মাৰিবে লাগিলা দেবতাক বেঢ়ি বেঢ়ি॥
ভঙ্গ দিবে লাগিলা দেবৰ সৈন্যগণ।
নুশুনে ইন্দ্ৰৰ কেবে প্ৰবোধ বচন॥
সিবেলা তাৰকে ভূমি পাৱে মহা বেগে।
আসিয়া দিলেক ঠিৱ বাসৱৰ আগে॥

[ ৫৭ ]

হাসিয়া বুলিলা জ্যেঠা কি কৰিব আৰ।
ইবেলি পড়িলা ধৰা নাহিকে নিস্তাৰ॥
কহন্তে কহন্তে বজ্ৰ মুষ্টি তুলি বীৰে।
নিমিযেকে প্ৰহাৰিলা ঐৰাৱত শিৰে॥
মূৰ্চ্ছা হুয়া গজৰাজ ভূমিত পড়িলা।
প্ৰচণ্ড শবদ উঠি খলক লাগিলা॥
লম্ফ দিয়া নিমিষে পড়িয়া দেবৰাজ।
উলটি লৱৰ দিলা এড়ি লাজ কায॥
ধৰ ধৰ বুলি খেদি নেই দৈত্যগণ।
প্ৰাণ ৰাখি লৱৰি পলাই দেবগণ॥
মহা ভয়ে লৱৰন্ত দেব পুৰন্দৰ।
কুবেৰ বৰুণ যম বায়ু নিৰন্তৰ॥
চন্দ্ৰ সূৰ্য্য আদি কৰি যত দেব ঝক।
পাছক নচাই সবে লৈলা পলাইবাক॥
বাসবৰ ভঙ্গে ভঙ্গ সবে দেবতাৰ।
পলাই ত্ৰিদশে শৰীৰৰ নাহি থৰ॥
পলাই হৰিণগণ সিংহ দেখি যেন।
দৈত্য ভয়ে দেবৰ অবস্থা ভৈলা তেন॥
কতো দৈত্যগণে দেবতাক খেদি ধৰি।
কাকো কিল মাবি এড়ে সেৰ দেৰ কবি॥
কাকো তুলি থেকেছয বস্ত্ৰ যেন ভাগে।
কাপড় কানিয়ে কতো দেবতায় হাগে॥
নানা বিকৰ্থনা কৰি মাৰে দেবতাক।
দেখি পাছে তাৰকা নৃপতি দিলা হাক॥
সমৰত ভয়ে যিতো জনে পলাৱয়।
তাক খেদি মাৰা সমৰৰ নাতি নয়॥
নিজ দেশ ৰক্ষা ব্ৰত অধিক প্ৰাণত।
নজানে ইসব ভয়াতুৰ দেব যত॥

[ ৫৮ ]

সম্মুখ সমৰে মৰি পুণ্য ধাম পাই।
ধৰ্ম্মজ্ঞান দেবতাৰ তিল মাত্ৰ নাই॥
ৰণত পলাই কাপুৰুষ যত দেৱ।
নুচুৱা তাহাক অপবিত্ৰ হব গাৱ॥
হেন শুনি পালটিলা দানব পদাতি।
বহিবে লাগিল যেন সাগৰ উভটি॥
নিজ ৰাজ্য এড়ি পলাইলা দেব ঝাক।
ইন্দ্ৰৰ পাটত ৰাজা ভৈলেক তাৰক।
ঈশ্বৰে নিৰ্ম্মিত স্থান অতি মনোহৰ।
তথাতে ৰহিলা পাছে দৈত্যৰ ঈশ্বৰ॥
পৃথিবীত ৰাজা জন্তাসুৰক পাতিলা।
পাতালক লাগি অন্ধাসুৰক পাঞ্চিলা॥
স্বৰ্গ মত্ত্য পাতাল ব্যাপিলা দৈত্যগণ।
স্থানে স্থানে স্থাপনা কৰিলা সৈন্যগণ॥
পলৰীয়া দেবতাৰ যত ৰত্ন ধন।
লুটি পুড়ি আনি বান্টি নিলা দৈত্যগণ॥
ভাল ভাল গৃহে সৈন্যগণে লৈলা বাস।
সামান্য গৃহক পড়ি কৰিলেক নাশ॥
অমৰাৱতীৰ হেন কৰিলা বিলাই।
কতো দেৰে শৰণ পশিল পাছে যাই॥
মহেন্দ্ৰ প্ৰমুখে দি কপালগণ যত।
দেবতাৰ মহাবীৰ আনো অসংখ্যাত॥
ভয়ে লাজে অভিমানে অনেকে পলাই।
অল্পদিনে বৈকুণ্ঠৰ দ্বাৰ পাইলা যাই॥
তপাতে মিলিয়া সবে হুয়া এক মন।
আৰাধিৰে লৈলা দেব পতিত পাবন॥
দেবগণে বোলে প্ৰভু পতিতপাবন।
ৰক্ষা কৰা জগত কাৰণ জনাৰ্দ্দন॥

[ ৫৯ ]

অলিপ্ত অনাদি অন্তহীন শূন্যাকাৰ।
সবাৰ কাৰণ সৰ্ব্বাব্যাপী সৰ্ব্বাধাৰ॥
বাৰে বাৰে সঙ্কটে ৰাখিছা নাৰায়ণ।
ইবাৰ কৰিয়ো প্ৰভু দেবক ৰক্ষণ॥
নাই তযু জন্ম কৰ্ম্ম দেহা গুণময়।
লীলায়ে তথাপি দেহ ধৰি দয়াময়॥
বাৰে বাৰে সাধি আছা দেবৰ কল্যাণ।
ইবাৰ সঙ্কটে নাথ কৰা পৰিত্ৰাণ॥
এহি মতে তুতি কৰি যত দেবচয়।
প্ৰেমভাবে দগুবতে পড়িয়া আছয়॥
ধাৰাসাৰে দেবৰ নয়নে বহে জল।
মহা স্নেহে দেখা দিলা ভকত বৎসল॥
দেখি দেবে কৰিলেক কাকুতি অপাৰ।
কৃতাঞ্জলি হুয়া বলিলেক পুৰন্দৰ॥
হিৰণ্যক বধি প্ৰভু ৰাখিলা আমাক।
তাৰকা অগ্নিতত পুড়ি মৰোঁ‌ দেব ঝাক॥
চৰণত পড়ি দেব সকলে অপাৰ।
নিবেদন কৰিলা দুৰ্গতি আপনাৰ॥
মেঘৰ গম্ভীৰ ধ্বনি কমল লোচন।
বুলিবে লাগিলা পাছে দেবক বচন॥
শুনা সবে দেবগণ বচন আমাৰ।
নেদেখেছোঁ‌ ভাবিয়া ইয়াৰ প্ৰতিকাৰ॥
নাভাবিয়া আগ পাছ ভোলা দিগম্বৰ।
ধুথুৰাৰ ঝালে ভুলি দিয়া আছে বৰ॥
শঙ্কৰৰ পুত্ৰ বিনে তিনিয়ো লোকত।
নাহি তাৰকাৰ মৃত্যু কাহাৰো হাত॥
তথাপিতো সৰে গৈয়া সুঝঁ‌ একবাৰ।
কি জানি কৰিবে পাৰোঁ‌ নগৰ উদ্ধাৰ॥

   [ ৬০ ]

নগৰৰ হন্তে যদি খেদিবাক পাৰোঁ‌।
বধিবে তাহাক পাছে আন বুদ্ধি কৰোঁ‌॥
চেষ্টাৰ অসাধ্য নাই তিনিয়ো ভুবন।
অবশ্যে হৈবেক মহা পাপীৰ নিধন॥
সাজা সবে দেবগণে বিলম্ব নকৰা।
আচম্বিতে সকলে দৈত্যক বেঢ়ি ধৰা॥
এহি বুলি ভক্তৰ দুঃখক দেখি হৰি।
সাজিয়া ধাইলেক তাৰকাক ক্ৰোধ কৰি॥
গৰুড়ৰ কন্ধে হৰি কৰিলা গমন।
লগত চলিলা পাছে যত দেবগণ॥
পৰম আনন্দ সুৰপতিৰ মনত।
সবে বোলে নিশ্চয় তাৰকা হৈব হত॥
ঋষিয়ে বোলন্ত শুনিয়োক জন্মেজয়।
ভকতক কিনো কৃপা কৰে দয়াময়॥
যাৰ মায়া মাত্ৰ ইতো বিশ্ব চৰাচৰ।
তাৰ কিবা যুদ্ধ শত্ৰু মিত্ৰ পৰাপৰ॥
ভকতৰ মহিমাক কৰিবে প্ৰচাৰ।
কৰয অনেক লীলা জানা সৰে সাৰ॥
যাৰ লোমকূপে কোটি কোটি মহেশ্বৰ।
তাক কি বাধিবে পাৰে মহেশৰ বৰ॥
ভকতৰ ভয়হাবী কৃপাৰ সাগৰ।
নভজি তাহাক মৰে মন্দমতি নৰ॥
অতএব কহুঁ‌ শুনা স্বৰূপ বচন।
ভজিয়ো হৰিৰ পদে কৰিয়ো কীৰ্ত্তন॥

[ ৬১ ]

পদ।

বৈশম্পায়ন বদতি শুনিয়ো নৰপতি।
দেবগণ সমে ইন্দ্ৰে পাইলা অমৰাবতী॥
দূতক পাঞ্চিয়া তাৰকাক দিলা জান।
দেবগণ সমে হৰি মাগে যুদ্ধ দান॥
শুনিয়া তাৰকা ৰাজা তুলিলেক হাসি।
নিলাজ দেবতাগণে যুদ্ধ মাগে আসি॥
পলাইবাক দেখি ক্ষমা কৰিলোঁ‌ সিবাৰ।
ইবেলি নাহিকে দোষ গাৱত আমাৰ॥
এহি বুলি গাৱ চালি তেখনে উঠিলা।
সাজ সাজ বুলি সৈন্যগণে জান দিলা॥
অসঙ্খ্যাত অস্ত্ৰ শস্ত্ৰ ধৰি সৈন্যগণ।
চতুৰঙ্গ দলে সাজি আইলা তেতিক্ষণ॥
সম দলে তাৰকা চলিলা সমৰক।
স্বৰ্গ মৰ্ত্ত্য পাতালত লাগিল খলক॥
প্ৰথমতে তাৰকে হাৰক দেখা পাইলা।
অদ্ভুত তেজক দেখি বিস্ময় মানিলা॥
ত্থুলন্তৰ দেহা ৰূপে যাৰ তুল্য নাই।
তেজে কোটি আদিত্যক জিনি প্ৰকাশয়॥
একহাতে আছে ভয়ঙ্কৰ গদা গোট।
শৰে পূৰ্ণ দুই তূণ বান্ধিছে পৃষ্ঠত॥
দুই হাতে ধৰিয়া আছয় ধনুৰ্ব্বাণ।
আৰু হাতে জ্বলে সুদৰ্শন চক্ৰখান॥
দোলে মহা খড়গ জ্বলি বান্ধিছে কটিত।
গলে মণিময় হাৰ শিৰত কিৰীট॥
সাবধান দৃষ্টি চতুৰ্ভূজ দেহা ভাল।
খেলিবে আসিছে সাজি যেন মহা মাল॥

[ ৬২ ]

সাজি তাস্ত্ৰে শস্ত্ৰে গৰুড়ৰ কন্ধে বসি।
জ্যোতিৰ্ম্ময় পৰ্ব্বত বহিছে যেন আসি॥
ইন্দ্ৰক দেখিলা পাছে হৰিৰ পাছত।
যেন মহা সিংহ বসি আছয় বনত॥
সমস্থ দেবক দেখে তাহাৰ লগত।
সাজি আসি আছে অস্ত্ৰে শস্ত্ৰে নানা মত॥
তাৰকে বোলন্ত জ্যেঠা শুনা দেবৰাজ।
জগতে তোমাৰ সম নাহিক নিলাজ॥
টোপনা চেঙ্গ যেহেন এড়ি এড়ি খাই।
তুমিয়ো তেনুৱা ভৈলি লাজ কায নাই॥
দৈত্যক বধিবে মাতি আনিলা হৰিক।
উভাৰিবা দন্ত পাছে মাৰিলে হস্তীক॥
আগে যুদ্ধ কৰা তুমি মোহোৰ লগত।
কৰিবা পাছত যিবা আছয় মনত॥
মাধবৰ লগত মিত্ৰতা পাইলা ভাল।
জীয়ন্তা বাঘৰ কিযে আঝুৰস চাল॥
শৃগাল গৰ্দ্দভে যেন ভৈলা মিত্ৰবতি।
তোমৰ দুযোৰো দেখোঁ‌ তেনুবা পিৰীতি॥
পাছে নাৰায়ণে মাতে তাৰকাক চাই।
আমাৰ বচন শুনিয়োক দৈত্য ৰাই
কোন দোষে কাঢ়ি লৈলা ইন্দ্ৰৰ ৰাজ্যক।
অকাৰণে কষ্ট দিলা তিনিয়ো লোকক॥
মহাজ্ঞানী সাধু বহু শাস্ত্ৰত পণ্ডিত।
হেনয় জনক হিংসা কৰা অনুচিত॥
তাৰকে বোলয মাধবৰ মুখ চাই।
তুমি জান বাসবত কিছো দোষ নাই॥
আপনাৰ গুণ বিনে দোষক নামানে।
ভাল মন্দ দোষাদোষ মধ্যস্থেসে জানে॥

[ ৬৩ ]

বাসবৰ কথা যদি শুনা এক মনে।
পৰম অধৰ্ম্মী বুলি ঘৃণা হইবে মনে॥
তাৰ অত্যাচাৰে ৰাজঋষি কোন জন।
তপস্যা কৰিবে নপাৰয় কদাচন॥
সতী পতিব্ৰতা নাৰী যৈতে দেখা পাই।
টানি ঘুষি মাৰে কৰি অনেক বিলাই॥
তপ জপ যজ্ঞ আচৰিলে কোন জন।
পাৰে মানে বিঘ্ন তাত কৰে আচৰণ॥
পৰৰ দেখিলে ভাগ্য দুঃখ পাই মনে।
হেনয় জনক জ্ঞানী বোলা, কি কাৰণে।
আছে যত অপেস্বৰা স্বৰ্গ বেশ্যাগণ।
সৰ্ব্ব কালে বেঢ়ি থাকে ৰাজসিংহাসন॥
গাৱে গীত নাচে কৰি নানা লয় লাস।
ৰাজাসমে সদাই কৰন্ত পৰিহাস॥
গুৰু বৃদ্ধ পাত্ৰ মন্ত্ৰিগণৰ আগত।
মজিয়া থাকয় ৰাজা বেশ্যাৰ ৰঙ্গত॥
ঘোৰ মত্ত বাতুলত বিনে কোন জন।
কলিয়া থাকয় হেন হীন আচৰণ॥
দেবতাৰ ৰাজ সিংহাসনে বসিবাৰ।
কদাচিতো যোগ্য নহে হেন দুৰাচাৰ॥
বেশ্যাৰ সঙ্গত যাৰ মনে কৌতূহল।
দেবৰাজ নহে সিতো নিশ্চয় পাগল॥
যি বেলাত পিতৃয়ে আছিলা তপ কৰি।
মাতৃক ঘোষাইলা ইন্দ্ৰে সৰ্প ৰূপ ধৰি॥
টানন্তে ভৈলেক সৰ্ব্ব শৰাৰত ঘাৱ।
কান্দিলেক মাৱে কতো কৰি আৰ্ত্তৰাৱ॥
তথাপিতো ইহাৰ মনত ক্ষমা নাই।
অধোমুখে জলত থৈলেক জবৰাই॥

[ ৬৪ ]

ইন্দ্ৰ হয় মোহোৰ পিতাৰ জ্যেষ্ঠ ভাই।
সি কাৰণে সিবেলি ৰাখিছোঁ প্ৰাণ মই॥
মোৰ মাতৃ ভ্ৰাতৃবধু হবয় তাহাৰ।
তথাপিতো হেন কৰ্ম্ম কৰে দুৰাচাৰ॥
ইন্দ্ৰৰ সমান নাই জগতে নিলাজ।
নজানিয়া তাহাক পাতিছে দেবৰাজ॥
মহা জ্ঞানী পণ্ডিত বুলিয়া জগতত।
তুমি সে দেখিলা বহু গুণ বাসবত॥
নহে জিতেন্দ্ৰিয় সিতো কামুক প্ৰধান।
অন্যায়ে শত্ৰুক যুঝে পৰম অজ্ঞান॥
নাহি সত্য শৌচ ক্ষমা দয়া শৰীৰত।
ৰাজাৰ লক্ষণ নাই কিঞ্চিতো গাৱত॥
তথাপিতে দিলোঁ ক্ষমা পিতৃৰ বচনে।
ভালে প্ৰাণ ৰাখি পলায়োক এতিক্ষণে॥
মাধবে বোলন্ত তুমি বয়সে কোমল।
নুবুজি বুলিলা বহু বচন নিষ্ফল॥
বিনা ৰক্ত পাতে বাসবৰ ৰাজ্য খান।
দিবা কি নেদিবা তাৰে দিয়া সমিধান॥
প্ৰীতিত নেদিলে বান্ধিবেক ঘোৰ ৰণ।
নিশ্চয় দানব কুল হৈবেক নিধন॥
অকাৰণে আমি সবে নিফিৰিবুঁ আসি।
শুনিয়া তাৰকা ৰাজা বুলিলেক হাসি॥
তুমিযো ঈশ্বৰ বুলি ফুৰা পূজা খাই।
ঈশ্বৰৰ লক্ষণ কিঞ্চিতো দেখোঁ নাই॥
আমাসাৰ গুৰু দেখা সদাশিব দেৱ।
বহুগুণ আছে দেখি সবে কৰে সেৱ॥
মান্য জ্ঞান তোমাৰ কিঞ্চিতো বোধ নাই।
হাটে বাটে যুদ্ধ কৰি ফুৰা কিল খাই॥

[ ৬৫ ]

নাহি আত্মপৰ ভাব গহিন গম্ভীৰ।
কাম ক্ৰোধ লোভ মোহ বিহীন সুধীৰ॥
শঙ্কৰত বহু গুণ আছে বিদ্যমান।
ছল চক্ৰে সাৰ তুমি লম্পট প্ৰধান॥
ইন্দ্ৰে সমে তোমাৰ স্বভাব একে দেখি।
লম্পটে লম্পটে দুয়ো বান্ধি আছা সখি॥
প্ৰীতিত নেদিবুঁ‌ ৰাজ্য দিবুঁ‌ যুদ্ধ দান।
শুনি সবে দেবতা ভৈলেক আগুয়ান॥
ইন্দ্ৰক প্ৰমুখে সবে অস্ত্ৰ শস্ত্ৰ ধৰি।
প্ৰহাৰিবে লৈলা দৈত্য সেনাক আবৰি॥
দেখিয়া তাৰকে শীঘ্ৰে ৰথত চড়িলা।
মহা ধনু ধৰি দেবতাক খেদি গৈলা॥
মুহূৰ্ত্তকে ৰণস্থলে উঠিলেক বোল।
প্ৰলয় কালত যেন সাগৰ কল্লোল॥
পড়িলা অনেক বীৰ উভয় দলত।
বহিলা শোণিতে নদী সমৰ স্থলত॥
ভাসিবে লাগিলা ৰথ ৰণী অসঙ্খ্যাত।
মিলিলা বিষাদ পাছে দেবতা সবাত॥
বহিবে নপাৰে দেবে দৈত্যৰ আগত।
অজেয় অমৰ দৈত্য হৰৰ বৰত॥
দেখি হৰি আগ হুয়া কৰে ঘোৰ ৰণ।
পাছত সহায় যত দিকপাল গণ॥
অসঙ্খ্যাত দানব সেনাক নেই দলি।
দেখি আগে ভেণ্টিলা তাৰকা মহা বলী॥
অসঙ্খ্যাত বাণ আনি ধনুত যুড়িলা।
গাৱে গাৱে দেবতাক তাৰিবাক লৈলা॥
প্ৰথমতে বিষ্ণুক হানিলা কুড়ি বাণ।
ইন্দ্ৰক ভেদিল ষাঠি শৰে বড় টান॥

[ ৬৬ ]

বিশ শৰে যমৰ ভেদিলা কলেবৰ।
বাযুক ভেদিল। পাছে এক শত শৰ॥
ভাল মতে চন্দ্ৰক হানিলা কুড়ি পাত।
হাজাবেক শৰে বৰুণৰ নাই তত॥
অগ্নিক হানিলা পঞ্চ হাজাৰেক শৰ।
হাৰাইলেক শ্ৰুতি বুদ্ধি সকলে দেবৰ॥
অতি শীঘ্ৰ হস্তে হানে সুদৃঢ় সন্ধানে।
পৃথিবী ভেদিবে পাৰে একো একো বাণে॥
অদ্ভুত সমৰে শিক্ষা শকতি অপাৰ।
প্ৰমত্ত বিক্ৰম দেহা যেন বজ্ৰ সাৰ॥
অসঙ্খ্যাত বাণ হানে সবে দেবতাক।
বাৰিষাৰ বৃষ্টি যেন পৰে ঝাকে ঝাক॥
যত অস্ত্ৰ শস্ত্ৰ দেবে হানে তাৰকাক।
শঙ্কৰৰ বৰত ভেদিবে নৰে তাক॥
বিনতাৰ তনয় গৰুড় বীৰে বড়।
তাহাক তাবকে হানিলেক কুড়ি শৰ॥
হেন দেখি মাধবৰ নসহে পৰাণ।
মহাক্ৰোধে ধৰিলা শাৰঙ্গ ধনুখান॥
বাহুবলে প্ৰহাৰিলা হাজাৰেক বাণ।
হাত পাতি তাৰকে কৰিযা লৈলা মান॥
যে হেন বালকে সঙ্গে ধোপ খেলাৱয়।
তাৰকাৰ হাতে শৰ ভৈলা সেহি নয়॥
তাৰকাৰ হাত যেন পদ্ম পুষ্প ভৈলা।
হেন দেখি নাৰায়ণে বিস্ময় মানিলা॥
শৰ বৃথা হৈলা হেন নাৰায়ণে দেখি।
প্ৰহাৰিলা গদা গোট খানিক নাপেক্ষি
গদাৰ শবদ দশ দিশে গৈলা ছুটি।
তাৰকাৰ মুণ্ডে পড়ি ভৈলেক কিৰীটি॥

[ ৬৭ ]

দেখি লাজে মাধবৰ দহয় পৰাণ।
গলে লক্ষ কৰিয়া হানিলা চক্ৰখান।
চক্ৰাকাৰ কৰি চক্ৰ ঘুৰি ঘুৰি গৈলা।
তাৰকাৰ গলে পড়ি হেম হাৰ ভৈলা।
বিস্ময় মানিয়া গুণি চাইলা নাৰায়ণ।
তাৰকা সহিতে আৰ নকৰিলা ৰণ॥
দেখি সবে দেবতাৰ মিলিলা সংশয়।
পলাইবাক লাগি মনে কৰিলা নিশ্চয়॥
দেবৰ মধ্যত প্ৰথমতে পুৰন্দৰ।
সবাক এড়িয়া ভীৰি দিলন্ত লৱৰ॥
লৱাৰবে লৈলা আনো আনো দেব যত।
সিংহৰ ভয়ত যেন শৃগালৰ মত॥
তাৰকে মাতন্ত মাধবৰ মুখ চাই।
দিলুহুঁ‌ বিদায় হৰি যাযোক আটাই॥
তোমাক একলে এডি সবে ভঙ্গ দিলা।
কি হেতু ই সব সঙ্গে যুদ্ধে আসিছিলা॥
আৰু মই কহুঁ‌ শুনা প্ৰবোধ বচন।
এনুৱা সঙ্গত নুফুৰিবা কদাচন॥
বিমুখ শত্ৰুক আমি নকৰোঁ‌ প্ৰহাৰ।
ভয় নাই গৃহক চলিয়ো আপনাৰ॥
সি থানৰ পৰা পাছে দেব নাৰায়ণ।
গৰুডৰ কন্ধে চডি কৰিলা গমন॥
দেবগণ সমে গৈয়া ভৈলা এক ঠাই।
কান্দিবে লাগিলা দেবে মাধবক পাই॥
পাছে দেব সবে এক নিৰ্জ্জন স্থানত।
বসি আলোচিবে লৈলা উপায় মনত॥
হুয়া কৃতাঞ্জলি মাধবত দেবৰাজ।
পুছন্ত উপায় এবে কৰোঁ‌ কোন কায॥

   [ ৬৮ ]

তুমি বিনে উপায় নাহিকে দেবতাৰ।
সঙ্কট সাগৰে নাথ কৰিয়োক পাৰ॥
কি কৰিবুঁ‌ আজ্ঞা কৰা পতিত পাবন।
ভাৰষা কেবল মাত্ৰ তোমাৰ চৰণ॥
মাধব বোলন্ত শুনা যত দেব গণ।
উপায় কেবলে মাত্ৰ দেব ত্ৰিলোচন॥
সতীৰ মৰণে মনে কৰিছে নিশ্চয়।
নকৰিবুঁ‌ বিবাহ বুলিয়া মৃত্যুঞ্জয়॥
সবে মিলি পশিয়োক তাহাত শৰণ।
তেবে তোমাসাত তুষ্ট হৈব ত্ৰিলোচন॥
দয়া ভৈলে সবে দেবে কৰিয়া গোচৰ।
পুনৰপি বিবাহ কৰন্ত যেন হৰ॥
জন্মিলে সন্তান হৈব তাৰকা নিধন।
এহি বুলি বৈকুণ্ঠে চলিলা নাৰায়ণ॥
পৃথিবী পাতাল স্বৰ্গ তিনিয়ো লোকৰ।
একছত্ৰী ৰাজা ভৈলা দানব ঈশ্বৰ॥
থাকিবাৰ স্থান নপাৱয় দেবগণ।
বহু ক্ষুদ্ৰ দেবে তাত পশিলা শৰণ॥
অনেক দেবতা ভিক্ষুকৰ বেশ ধৰি।
নানা স্থানে ফুৰিবে লাগিলা ভিক্ষা কৰি॥
বনে বনে ফুৰে ধৰি কিৰাতৰ বেশ।
কহিবে শকতি নাই দেবতাৰ ক্লেশ॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
ঈশ্বৰৰ লীলা ইতো জানিবা নিশ্চয়॥
অজ্ঞান জনক শিক্ষা দিবাৰ কাৰণ।
কৰিলা ইসব লীলা প্ৰভু নাৰায়ণ॥
ঈশ্বৰ বিশ্বাস নাই যাহাৰ মনত।
নাহিকন্ত হৰি তাৰ তিনিয়ো লোকত॥

[ ৬৯ ]

একান্ত বিশ্বাস ঈশ্বৰত যাৰ হয়।
সৰ্ব্বত্ৰে তাহাক দেখা দেই দয়াময়।
বিচাৰি নপান্ত দৈত্যেশ্বৰে জগতত।
প্ৰহলাদে দেখয় কিন্তু সাক্ষাতে স্তম্ভত।
বুঝি দেখা জন্মেজয় লীলাৰ কাৰণ।
কিমতে লোকক শিক্ষা দেই নাৰায়ণ॥
হৰি ভিন্ন তৰু তৃণ আদি কিছো নাই।
দেখাইলা প্ৰমাণ স্তম্ভ হন্তে বাহিৰাই॥
শকতি নাহিকে বিনাশিবে ভকতক।
দেখাইলা লোকত হৰি ৰাখি প্ৰহলাদক॥
হৰি ভকতক হিংসি হয় কেন মত।
হিৰণ্যক বধি হৰি কৰিলা বেকত॥
কশিপুক ব্ৰহ্মাই দিলেক এক বৰ।
প্ৰকাৰে কৰিলা তাক অজেয় অমৰ॥
ঈশ্বৰৰ অসাধ্য নাহিকে ত্ৰিভুবন।
দেখাইলা লোকত কৰি তাহাক নিধন॥
ব্ৰহ্মাৰ সৃজিত ৰূপে জন্তু আছে যত।
নুহিকন্ত নৰসিংহ তাসম্বাৰ মত॥
নহে নখ অস্ত্ৰ উৰু নহে জল স্থল।
দিবা ৰাত্ৰি নুহিকন্ত জানা সন্ধ্যাকাল॥
ঈশ্বৰৰ উপায় বাধিবে শক্তি কাৰ।
কিমতে দৈত্যক দেখা করিলা সংহাৰ॥
ই সব দেখিয়ো তবু মন্দ মতি নৰে।
নভজি হৰিক নৰকত পড়ি মৰে॥
বজ্ৰাঙ্গে ভক্তিৰ বলে পাইলা শিবলোক।
মাতৃক ভেটিলা নিয়া বান্ধিয়া দেবক॥
ভকতিৰ মহিমা দেখিয়ো জন্মেজয়।
শিক্ষা দেই লোকক লীলায়ে দয়াময়॥

[ ৭০ ]

ভকতক হিংসা কৰি দুষ্ট দেবৰাজ।
তাৰকাৰ হাতত পাইলেক ইতো লাজ॥
বৰাঙ্গী বজ্ৰাঙ্গ হৰি ভকত প্ৰধান।
অন্যায়ে বাসবে তাক দিলা অপমান॥
নসহিলা ভকতৰ দুঃখ ভগবান।
লীলায়ে কৰিলা বাসবক এত মান॥
কুকৰ্ম্ম কৰিলে দুঃখ নাহিকে এড়ান।
বাসবতে দেখাইলা ঈশ্বৰে প্ৰমাণ॥
কৌশলে লোকক উপদেশ দিলা দান।
দেখিয়ো নেদেখে তবুঁ‌ মানব অজ্ঞান॥
হৰিৰ একান্ত ভক্ত যোগীৰ ঈশ্বৰ।
কৈলাসৰ নাথ প্ৰভু দেব দিগম্বৰ॥
তাহাৰ মহিমা বঢ়াইবাক মনে হৰি।
আপুনি হাৰিলা তাৰকাক যুদ্ধ কৰি॥
অপাৰ মহিমা দেখা হৰি ভকতৰ।
তথাপি নোপজে জ্ঞান কিয়ো মানবৰ॥
ভকতিক বলে মাধবক দেবগণ।
শুনা জন্মেজয় কৰি ৰাখিছে ৰন্ধন॥
এই হেতু দেবৰ লগত নাৰায়ণ।
ভকতিত বশ্য হুয়া কৰি ফুৰে ৰণ॥
চিদানন্দৰূপী হৰি জগত কাৰণ।
যত বিশ্ব চৰাচৰ তাহাৰ সৃজন॥
নাহি গুণ ৰূপ জন্ম দেহা মাধবৰ।
কাৰণে সে অবতাৰ জানা ঈশ্বৰৰ॥
ঈশ্বৰৰ কোনো কৰ্ম্মে নাই প্ৰয়োজন।
কৰে কৰ্ম্ম তবু লোক শিক্ষাৰ কাৰণ॥
জানিবাহা ইসব কেবল মাত্ৰ লীলা।
বাজিকৰ সবৰ যিমত যাদু খেলা॥

[ ৭১ ]

বুজিয়ো নুবুজে পাই হাততে প্ৰমাণ।
দেখিয়ো নেদেখে কিনু মানব অজ্ঞান॥
অজ্ঞানে জীবক বেঢ়ি থাকে যত কাল।
হৰি ভকতিক মনে নলাগয় ভাল॥
তথাপি যতন যদি নেড়ে মাধবত।
পাছে অল্পে অল্পে সুখ লভয় মনত॥
দীৰ্ঘকাল অভ্যাস কৰিলে ভকতিক।
লভয় পৰমানন্দ অনন্ত প্ৰীতিক॥
অভ্যাস একান্ত চিত্ত ভকতি বিশ্বাস।
মুকুতি মাধব দুয়ো চাৰিয়োৰ দাস॥
জানি নৰে অভ্যাসে কৰিয়ো শুদ্ধমন।
এক চিত্তে চিন্তিয়োক মাধব চৰণ॥
দুৰ্লভ মানব জন্ম নকৰা বিফল।
হৰিক আৰাধি সাধিয়োক মোক্ষ ফল॥
মুকুতিক বাঞ্চা যদি এড়া আন কাম।
ভজিয়ো হৰিৰ পদে বোলা ৰাম ৰাম॥

⸻৹⸻

সমাপ্ত।

Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)