অলিপ্ত অনাদি অন্তহীন শূন্যাকাৰ।
সবাৰ কাৰণ সৰ্ব্বাব্যাপী সৰ্ব্বাধাৰ॥
বাৰে বাৰে সঙ্কটে ৰাখিছা নাৰায়ণ।
ইবাৰ কৰিয়ো প্ৰভু দেবক ৰক্ষণ॥
নাই তযু জন্ম কৰ্ম্ম দেহা গুণময়।
লীলায়ে তথাপি দেহ ধৰি দয়াময়॥
বাৰে বাৰে সাধি আছা দেবৰ কল্যাণ।
ইবাৰ সঙ্কটে নাথ কৰা পৰিত্ৰাণ॥
এহি মতে তুতি কৰি যত দেবচয়।
প্ৰেমভাবে দগুবতে পড়িয়া আছয়॥
ধাৰাসাৰে দেবৰ নয়নে বহে জল।
মহা স্নেহে দেখা দিলা ভকত বৎসল॥
দেখি দেবে কৰিলেক কাকুতি অপাৰ।
কৃতাঞ্জলি হুয়া বলিলেক পুৰন্দৰ॥
হিৰণ্যক বধি প্ৰভু ৰাখিলা আমাক।
তাৰকা অগ্নিতত পুড়ি মৰোঁ দেব ঝাক॥
চৰণত পড়ি দেব সকলে অপাৰ।
নিবেদন কৰিলা দুৰ্গতি আপনাৰ॥
মেঘৰ গম্ভীৰ ধ্বনি কমল লোচন।
বুলিবে লাগিলা পাছে দেবক বচন॥
শুনা সবে দেবগণ বচন আমাৰ।
নেদেখেছোঁ ভাবিয়া ইয়াৰ প্ৰতিকাৰ॥
নাভাবিয়া আগ পাছ ভোলা দিগম্বৰ।
ধুথুৰাৰ ঝালে ভুলি দিয়া আছে বৰ॥
শঙ্কৰৰ পুত্ৰ বিনে তিনিয়ো লোকত।
নাহি তাৰকাৰ মৃত্যু কাহাৰো হাত॥
তথাপিতো সৰে গৈয়া সুঝঁ একবাৰ।
কি জানি কৰিবে পাৰোঁ নগৰ উদ্ধাৰ॥
৮