পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
তাৰকাসুৰৰ যুদ্ধ।

ধৰি মহা গদা গোট গজৰাজ গতি।
খেদি গৈলা দৈত্যৰাজ অগনিক প্ৰতি॥
ছাগলৰ কন্ধে চড়ি আছে বৈশ্বানৰ।
গদা হাতে ওচৰ চাপিলা দৈত্যেশ্বৰ॥
সুবৰ্ণৰ গদা গোট উপৰক তুলি।
অগ্নিৰ মুণ্ডত কোব দিলা হুঁ‌হ বুলি॥
মূৰ্চ্ছা হুয়া পড়িলা সিথানে হুতাশন।
দেখি ভঙ্গ দিবাক লাগিলা দেবগণ॥
দেবৰ সেনাত লাগিলেক মহা ৰোল।
লৱৰিয়া পলাই নুশুনে কাৰো বোল॥
পাছে পাছে খেদি প্ৰহাৰয দৈত্যগণে।
ধৰ ধৰ বুলি চেঞ্চাৱয় ৰঙ্গ মনে॥
হেন দেখি দেব ৰাজা ক্ৰোধে গৈলা ধাই।
দেবতাক বুলিলন্ত বচন বুঝাই॥
নপলাবা দেবগণ যুদ্ধ দেখা মোৰ।
বজ্ৰাঘাটে মুণ্ড আজি ভাঙ্গ তাৰকৰ॥
ঐৰাবত কন্ধ চডিলা দেবৰাই।
দেখি সবে দেবগণ ফিৰিলা দুনাই॥
আপুনি পশিলা মহাৰাজা সমৰত।
মিলিলা উৎসাহ সবে দেবৰ মনত॥
আপনাৰ অস্ত্ৰ শস্ত্ৰ হাতে হাতে লৈলা।
ইন্দ্ৰৰ পাছত সবে দেৱ চলি গৈলা॥
মূৰ্চ্ছা গৈয়া আছিলা যতেক দেবগণ।
সুস্থ হুয়া সবেও ধাইলেক তেতিক্ষণ॥
মৃগত পবন ছাগলত হুতাশন।
মহিষত যম অশ্ব পৃষ্ঠত বৰুণ॥
শশকৰ ৰথত চলিলা শশধৰ।
সপ্ত তুৰঙ্গৰে ৰপে দেব দিবাকৰ॥