বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
বহুতৰ যুদ্ধে সিতো ৰাত্ৰি ভৈলা ক্ষয়॥
ঘোৰ প্ৰহাৰত ভাগৰিলা দৈত্যেশ্বৰ।
হীন হুয়া শকতি ভৈলেক জড়সৰ॥
সেহি বেলা ছিদ্ৰ পাছে নৃসিংহে লভিলা।
দিন নহে ৰাত্ৰি নহে কাল সন্ধ্যা ভৈলা॥
জল স্থল নহে সিতো পানি পোতেনীয়া।
ঘৰ নহে বাঝ নহে ঊৰুত তুলিয়া॥
অস্ত্ৰ নহে শস্ত্ৰ নহে দুই কৰে ধৰি।
বধিলা নৃসিংহে হৰি নখে হিয়া ছিডি॥
যেতিক্ষণে নৰসিংহে হিৰণ্যঁ বধিলা।
শত হস্ত বসুমতী উপৰে উঠিলা॥
হৃদয় বিদাৰি উদৰৰ অন্তে টানি।
শিৰৰ উপৰে জটা বান্ধে টানি টানি॥
হিৰণ্যক বধি হৰি দশদিশে চাইলা।
ব্ৰহ্মা আদি দেবে দেখি মহা ভয় ভৈলা॥
লক্ষীৰ আগক যাই কাউ বাউ কৰে।
ৰক্ষা কৰা আই মৰু নৃসিংহক ডৰে॥
দেবতাৰ বাক্যে মাতা শান্তাইবাক গৈলা।
নৃসিংহক দেখি আই ভীৰি লৰ দিলা॥
হেন দেখি দেবগণে ত্যজিলা নিশ্বাস।
ব্ৰহ্মা বোলে আসা যাওঁ প্ৰহ্লাদৰ পাশ॥
প্ৰহ্লাদৰ আগ হুয়া ব্ৰহ্মা বোলে বাণী।
নৃসিংহৰ ক্ৰোধ শান্ত কৰা মহা মানী॥
হেন শুনি প্ৰহ্লাদে উঠিলা শীঘ্ৰ কৰি।
কান্দিবে লাগিলা নৃসিংহৰ পাৱে পড়ি॥
বোলন্ত প্ৰহ্লাদে চৰণত দিয়া মাথ॥
তুমি সৰ্ব্ব আত্মা দেব দেব জগন্নাথ॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/১১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাৰকাসুৰৰ যুদ্ধ।