পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
তাৰকাসুৰৰ যুদ্ধ।

তুমি বিনে উপায় নাহিকে দেবতাৰ।
সঙ্কট সাগৰে নাথ কৰিয়োক পাৰ॥
কি কৰিবুঁ‌ আজ্ঞা কৰা পতিত পাবন।
ভাৰষা কেবল মাত্ৰ তোমাৰ চৰণ॥
মাধব বোলন্ত শুনা যত দেব গণ।
উপায় কেবলে মাত্ৰ দেব ত্ৰিলোচন॥
সতীৰ মৰণে মনে কৰিছে নিশ্চয়।
নকৰিবুঁ‌ বিবাহ বুলিয়া মৃত্যুঞ্জয়॥
সবে মিলি পশিয়োক তাহাত শৰণ।
তেবে তোমাসাত তুষ্ট হৈব ত্ৰিলোচন॥
দয়া ভৈলে সবে দেবে কৰিয়া গোচৰ।
পুনৰপি বিবাহ কৰন্ত যেন হৰ॥
জন্মিলে সন্তান হৈব তাৰকা নিধন।
এহি বুলি বৈকুণ্ঠে চলিলা নাৰায়ণ॥
পৃথিবী পাতাল স্বৰ্গ তিনিয়ো লোকৰ।
একছত্ৰী ৰাজা ভৈলা দানব ঈশ্বৰ॥
থাকিবাৰ স্থান নপাৱয় দেবগণ।
বহু ক্ষুদ্ৰ দেবে তাত পশিলা শৰণ॥
অনেক দেবতা ভিক্ষুকৰ বেশ ধৰি।
নানা স্থানে ফুৰিবে লাগিলা ভিক্ষা কৰি॥
বনে বনে ফুৰে ধৰি কিৰাতৰ বেশ।
কহিবে শকতি নাই দেবতাৰ ক্লেশ॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
ঈশ্বৰৰ লীলা ইতো জানিবা নিশ্চয়॥
অজ্ঞান জনক শিক্ষা দিবাৰ কাৰণ।
কৰিলা ইসব লীলা প্ৰভু নাৰায়ণ॥
ঈশ্বৰ বিশ্বাস নাই যাহাৰ মনত।
নাহিকন্ত হৰি তাৰ তিনিয়ো লোকত॥