পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
তাৰকাসুৰৰ যুদ্ধ।

শৰে হানি অগনিক কৰিলা বিকল।
ধাৰাসাৰে মহা মেঘে বৰষিলা জল॥
অসুৰৰ সেনাত মিলিলা জয় জয়।
দেবৰ মাঝত সবে গণিলা প্ৰলয়॥
বোলন্ত পবনে মহা বিপদ মিলিলা।
কালনেমি সমে আগ বাঢ়ি যুদ্ধ দিলা॥
মহা বায়ু বলে মেঘ নিলা উড়ুৱাই।
দুনাই মিলিলা অসুৰৰ মহাভয়॥
দেখি শুম্ভ নিশুম্ভ প্ৰধান বীৰ দুই।
নিবাবিলা বায়ুক পৰ্ব্বত যেন হুই॥
দেখি ক্ৰোধে বজ্ৰ প্ৰহাৰিলা পুৰন্দৰ।
বজ্ৰাঘাতে দুয়ো ভাই গৈলা যমঘৰ॥
মৰিলা অসুৰ তাৰ মাযা ভৈলা ঠাই।
বাতাসে মেঘক পাছে নিলা উড়ৱাই॥
পুনৰপি অগনি দৈত্যক দিলা ধাৰ।
অসুৰৰ মাঝত মিলিলা হাহাকাৰ॥
একোই প্ৰকাৰে জুই নুমান নযাই।
ৰাখা দৈত্যেশ্বৰ বুলি অসুৰে চেঞ্চাই॥
লণ্ড ভণ্ড কৰিয়া মাৰ মোৰ প্ৰজা।
এহি বুলি ধাইল তাৰকা মহাৰাজা॥
সাৰথিক বুলিলন্ত শুনা মোৰ বাক।
অগনিৰ সম্মুখক চাপায়ো আমাক॥
বায়ু বেগে সাৰথি ডাকিয়া ৰথ খান।
ৰাখিলেক আনি অগনিৰ বিদ্যমান॥
অগনি তাৰকে যুদ্ধ ভৈলা ঘোৰতৰ।
দহিলেক বহ্নি ৰথখান তাৰকাৰ॥
দুই শৰে সাৰথিৰ নিকলিলা প্ৰাণ।
ভৈলা ভূমি পাৱ ৰাজা দানব প্ৰধান॥