পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
তাৰকাসুৰৰ যুদ্ধ।

ইন্দ্ৰ হয় মোহোৰ পিতাৰ জ্যেষ্ঠ ভাই।
সি কাৰণে সিবেলি ৰাখিছোঁ প্ৰাণ মই॥
মোৰ মাতৃ ভ্ৰাতৃবধু হবয় তাহাৰ।
তথাপিতো হেন কৰ্ম্ম কৰে দুৰাচাৰ॥
ইন্দ্ৰৰ সমান নাই জগতে নিলাজ।
নজানিয়া তাহাক পাতিছে দেবৰাজ॥
মহা জ্ঞানী পণ্ডিত বুলিয়া জগতত।
তুমি সে দেখিলা বহু গুণ বাসবত॥
নহে জিতেন্দ্ৰিয় সিতো কামুক প্ৰধান।
অন্যায়ে শত্ৰুক যুঝে পৰম অজ্ঞান॥
নাহি সত্য শৌচ ক্ষমা দয়া শৰীৰত।
ৰাজাৰ লক্ষণ নাই কিঞ্চিতো গাৱত॥
তথাপিতে দিলোঁ ক্ষমা পিতৃৰ বচনে।
ভালে প্ৰাণ ৰাখি পলায়োক এতিক্ষণে॥
মাধবে বোলন্ত তুমি বয়সে কোমল।
নুবুজি বুলিলা বহু বচন নিষ্ফল॥
বিনা ৰক্ত পাতে বাসবৰ ৰাজ্য খান।
দিবা কি নেদিবা তাৰে দিয়া সমিধান॥
প্ৰীতিত নেদিলে বান্ধিবেক ঘোৰ ৰণ।
নিশ্চয় দানব কুল হৈবেক নিধন॥
অকাৰণে আমি সবে নিফিৰিবুঁ আসি।
শুনিয়া তাৰকা ৰাজা বুলিলেক হাসি॥
তুমিযো ঈশ্বৰ বুলি ফুৰা পূজা খাই।
ঈশ্বৰৰ লক্ষণ কিঞ্চিতো দেখোঁ নাই॥
আমাসাৰ গুৰু দেখা সদাশিব দেৱ।
বহুগুণ আছে দেখি সবে কৰে সেৱ॥
মান্য জ্ঞান তোমাৰ কিঞ্চিতো বোধ নাই।
হাটে বাটে যুদ্ধ কৰি ফুৰা কিল খাই॥