এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
তাৰকাসুৰৰ যুদ্ধ।
তাৰ প্ৰতিকাৰে তোমাসাক ধৰি
অবশ্যে বান্ধিয়া নিবুঁ।
মোহোৰ হাতত কাৰো মৃত্যু নাই
মাৱৰ আগত দিবুঁ॥
হেন জানি দদা ত্ৰিদশে সহিতে
মোক চিন্তা এড়া ৰণ।
মাতৃৰ বচন কৰিয়া পালন
বান্ধ লৈয়ে দেবগণ॥
বাসবে বোলন্ত যদি ধৰ্ম্মে চাহা
মোত তেবে দোষ নাই।
নাৰায়ণে আসি নৰসিংহ ৰূপে
মাৰি আছে তযু ভাই॥
হাসিয়া বজ্ৰাঙ্গে ইন্দ্ৰক বোলন্ত
কিয়ো দদা কৰা ছল।
তোমাৰে সে বোলে মাৰিলা ঈশ্বৰে
মিছা দিয়া তাঙ্ক খল॥
বাসবে বোলন্ত ষাঁড়ে ধান খাই
কাটা তুমি তান্তি বাতি।
গৃহস্থেনী জানে হাঁড়িশালে খাই
বান্দী মাৰা চুলি কাটি॥
ধৰ্ম্মিষ্ঠ বজ্ৰাঙ্গে ইন্দ্ৰক বোলয়
শুনা পটন্তৰ মোৰ।
সিদ্ধিৰ মুখত যাক লগ পাই
তাকেসে বোলয় চোৰ॥
দদায়ে সহিতে বিৰোধ তোমাৰ
আই জানে পূৰ্ব্বাপৰ।
হাজাৰ হৰিয়ে হাতে হানি মাৰে
তথাপি নাম তোমাৰ॥