পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
তাৰকাসুৰৰ যুদ্ধ।

দেখি লাজে মাধবৰ দহয় পৰাণ।
গলে লক্ষ কৰিয়া হানিলা চক্ৰখান।
চক্ৰাকাৰ কৰি চক্ৰ ঘুৰি ঘুৰি গৈলা।
তাৰকাৰ গলে পড়ি হেম হাৰ ভৈলা।
বিস্ময় মানিয়া গুণি চাইলা নাৰায়ণ।
তাৰকা সহিতে আৰ নকৰিলা ৰণ॥
দেখি সবে দেবতাৰ মিলিলা সংশয়।
পলাইবাক লাগি মনে কৰিলা নিশ্চয়॥
দেবৰ মধ্যত প্ৰথমতে পুৰন্দৰ।
সবাক এড়িয়া ভীৰি দিলন্ত লৱৰ॥
লৱাৰবে লৈলা আনো আনো দেব যত।
সিংহৰ ভয়ত যেন শৃগালৰ মত॥
তাৰকে মাতন্ত মাধবৰ মুখ চাই।
দিলুহুঁ‌ বিদায় হৰি যাযোক আটাই॥
তোমাক একলে এডি সবে ভঙ্গ দিলা।
কি হেতু ই সব সঙ্গে যুদ্ধে আসিছিলা॥
আৰু মই কহুঁ‌ শুনা প্ৰবোধ বচন।
এনুৱা সঙ্গত নুফুৰিবা কদাচন॥
বিমুখ শত্ৰুক আমি নকৰোঁ‌ প্ৰহাৰ।
ভয় নাই গৃহক চলিয়ো আপনাৰ॥
সি থানৰ পৰা পাছে দেব নাৰায়ণ।
গৰুডৰ কন্ধে চডি কৰিলা গমন॥
দেবগণ সমে গৈয়া ভৈলা এক ঠাই।
কান্দিবে লাগিলা দেবে মাধবক পাই॥
পাছে দেব সবে এক নিৰ্জ্জন স্থানত।
বসি আলোচিবে লৈলা উপায় মনত॥
হুয়া কৃতাঞ্জলি মাধবত দেবৰাজ।
পুছন্ত উপায় এবে কৰোঁ‌ কোন কায॥