পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
তাৰকাসুৰৰ যুদ্ধ।

ভকতক হিংসা কৰি দুষ্ট দেবৰাজ।
তাৰকাৰ হাতত পাইলেক ইতো লাজ॥
বৰাঙ্গী বজ্ৰাঙ্গ হৰি ভকত প্ৰধান।
অন্যায়ে বাসবে তাক দিলা অপমান॥
নসহিলা ভকতৰ দুঃখ ভগবান।
লীলায়ে কৰিলা বাসবক এত মান॥
কুকৰ্ম্ম কৰিলে দুঃখ নাহিকে এড়ান।
বাসবতে দেখাইলা ঈশ্বৰে প্ৰমাণ॥
কৌশলে লোকক উপদেশ দিলা দান।
দেখিয়ো নেদেখে তবুঁ‌ মানব অজ্ঞান॥
হৰিৰ একান্ত ভক্ত যোগীৰ ঈশ্বৰ।
কৈলাসৰ নাথ প্ৰভু দেব দিগম্বৰ॥
তাহাৰ মহিমা বঢ়াইবাক মনে হৰি।
আপুনি হাৰিলা তাৰকাক যুদ্ধ কৰি॥
অপাৰ মহিমা দেখা হৰি ভকতৰ।
তথাপি নোপজে জ্ঞান কিয়ো মানবৰ॥
ভকতিক বলে মাধবক দেবগণ।
শুনা জন্মেজয় কৰি ৰাখিছে ৰন্ধন॥
এই হেতু দেবৰ লগত নাৰায়ণ।
ভকতিত বশ্য হুয়া কৰি ফুৰে ৰণ॥
চিদানন্দৰূপী হৰি জগত কাৰণ।
যত বিশ্ব চৰাচৰ তাহাৰ সৃজন॥
নাহি গুণ ৰূপ জন্ম দেহা মাধবৰ।
কাৰণে সে অবতাৰ জানা ঈশ্বৰৰ॥
ঈশ্বৰৰ কোনো কৰ্ম্মে নাই প্ৰয়োজন।
কৰে কৰ্ম্ম তবু লোক শিক্ষাৰ কাৰণ॥
জানিবাহা ইসব কেবল মাত্ৰ লীলা।
বাজিকৰ সবৰ যিমত যাদু খেলা॥