পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাৰকাসুৰৰ যুদ্ধ

জিনি প্ৰলয়ৰ ভীম সাগৰ কল্লোল।
সবাৰ কৰ্ণত তাল দিলা ঘোৰ বোল ॥
বোলে বৈশম্পায়নে শুনিয়ো নৰেশ্বৰ।
হিৰণ্যকশিপু বোলে হৰি বীৰ বড় ॥
ইহাৰ আটাসে মোৰ কৰ্ণে তাল মাৰে।
এহি বুলি ধনু খান ধৰি বাম কৰে ॥
ভুশুণ্ডী পট্টিশ ভল্ল আৰু ভিন্দিপাল।
সুচিমুখ শিলীমুখ অস্ত্ৰ ভাল ভাল ॥
চক্ৰাকাৰ কৰি ধনু খান ফুৰাই পাক।
নৃসিংহৰ গাৱত দিলেক শৰ ঝাক ॥
দুয়ো হাতে শৰ বীৰে অথাকে হানিলা।
পৰ্ব্বতক ধাকি যেন মেঘে বৰষিলা ॥
সূৰ্য্যৰ ৰশ্মিক আবৰিলা শৰ চয়।
কাকো কেৱে নিচিনে দিনতে তমোময় ॥
জটাৰ আচাৰে নৰসিংহ ৰূপী হৰি।
যত অস্ত্ৰ মানে ফেলাইল ব্যৰ্থ কৰি ॥
দেখি বড় বিস্ময় মানিলা দৈত্যেশ্বৰ।
ভাবিলন্ত অকাৰ্য্য মিলিলা ভয়ঙ্কৰ ॥
যতেক হানিলা অস্ত্ৰ দৈত্য মহাবল।
নৃসিংহৰ গাৱে যেন চন্দন শীতল ॥
নগণে নৃসিংহে দুঃখ দানৱৰ শৰে।
দেখি ক্ৰোধে দানবে শকতি লৈলা কৰে ॥
শৰীৰৰ বলে হানিলেক হুঁহ বুলি।
বিম্বাদ শবদে শক্তি গোটা যাই চলি ॥
নৃসিংহে ধৰিলা শক্তি বাম হাত পাতি।
কড়কড়ি চোবাইলেক দশন প্ৰকটি ॥
অসুৰৰ শক্তি গোটা ব্যৰ্থ হুয়া গৈলা।
নৃসিংহক চাই কোপে গৰ্জ্জিবাক লৈলা ॥