হয় হস্তী ৰথে ভূমি পাৱে আন দেৱে।
চলয় পাছক ফিৰি নাহি চান্ত কেৱে॥
সবে মিলি তাৰকাক ধাই দিলা ৰণ।
ঝাকে ঝাকে প্ৰহাৰিবে লৈলা শৰগণ॥
শঙ্কৰৰ বৰে তাৰ অভেদ্য শৰীৰ।
হাৰিবে লাগিলা দেবতাৰ যত বীৰ॥
মহা ক্ৰোধে বজ্ৰ প্ৰহাৰিলা সুৰপতি।
তাৰকে ধৰিলা তাক দুয়ো হাত পাতি॥
তাৰকাৰ হাতে পদ্ম পুষ্প প্ৰায় ভৈলা।
হেন দেখি বাসবৰ বিস্ময় মিলিলা॥
তাত পাছে যম ৰাজা যম দণ্ড ধৰি।
তাৰকাৰ শিৰত হানিলা টান কৰি॥
তিল মাত্ৰ দুঃখ নগণিলা দৈত্যেশ্বৰ।
যম দণ্ড ভৈলা যেন কুণ্ডল কৰ্ণৰ॥
অগনিয়ো অগ্নিবাণ কৰিলা প্ৰহাৰ।
তাৰকা ৰাজাৰ যেন সিয়ো হেম হাৰ॥
তাত পাছে বৰুণে হানিলা নাগ পাশ।
তাৰকা ৰাজাৰ গলে ভৈলা পীতবাস॥
আনো দেবগণে শৰ হানিলা অপাৰ।
তাৰকে গণিলা সিসবক অলঙ্কাৰ॥
দেখি মহা বিস্ময় মিলিলা দেবতাৰ।
মহাভয়ে বোলে সবে ৰক্ষা নাহি আৰ॥
ৰণ ৰঙ্গে দানব সকলে আগ বাঢ়ি।
মাৰিবে লাগিলা দেবতাক বেঢ়ি বেঢ়ি॥
ভঙ্গ দিবে লাগিলা দেবৰ সৈন্যগণ।
নুশুনে ইন্দ্ৰৰ কেবে প্ৰবোধ বচন॥
সিবেলা তাৰকে ভূমি পাৱে মহা বেগে।
আসিয়া দিলেক ঠিৱ বাসৱৰ আগে॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
তাৰকাসুৰৰ যুদ্ধ।