বীৰগণে ঘৃণা কৰি সিতো মৰণক।
পৰম সাধনা ভাবি বাঞ্চয় ৰণক॥
হয় হস্তী ৰথ ৰথী পদাতিৰ মাঝে।
প্ৰচণ্ড প্ৰতাপে শত্ৰু নাশি বীৰ সাজে॥
মৰিলে অনন্ত সুখ পুণ্যধাম পাই।
জিনিলে ৰাজ্যৰ ভোগ হাততে আছয়॥
বিশেষতঃ অতি হীনমতি দেব চয়।
আমাসাৰ আগে সবে পশুৰ পৰাই॥
হুয়োক সমৰে সাজ যত বীৰগণ।
জানিয়ো পতঙ্গ প্ৰায় যত দেবগণ॥
পাছে ৰাজা সাৰথিক বুলিলা বচন।
শীঘ্ৰে সাজ কৰিয়া আনিয়ে ৰথখান॥
ৰাজাৰ বচনে ৰথ সাজিয়া তেখনে।
ৰাখিলা সাৰথি নৃপতিৰ বিদ্যমানে॥
হাজাৰেক ঘোড়া আনি ৰথত যুড়িলা।
হাজাৰেক হাথী আনি ৰথত বান্ধিলা॥
ছয় গোটা সিংহ আনি সাজিলা ৰথত।
ৰথখান দিলা আনি ৰাজাৰ আগত॥
দেখি তাৰকাৰ ভৈলা আনন্দ অন্তৰ।
যুদ্ধ সাজ পিন্ধি ৰথে উঠিলা সত্বৰ॥
প্ৰথমে লড়িলা অন্ধাসুৰ সেনাপতি।
শতেক সহস্ৰ সেনা তাহাৰ সংহতি॥
শেষাসুৰ চলি যাই তাহাৰ পাছত।
কুড়ি লক্ষ সৈন্য চলে তাহাৰ লগত॥
অসুৰ পঁচিশ কোটি আৰু এক শত।
সাজিয়া চলয় জন্তাসুৰৰ লগত॥
তাহাৰ পাছত কালনেমি চলি যাই।
তাৰ লগে যত সেনা লেখা জোখা নাই॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৪৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
তাৰকাসুৰৰ যুদ্ধ।