পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
তাৰকাসুৰৰ যুদ্ধ।

শোকে দুঃখে অপমানে বৰাঙ্গী ৰহিলা।
তথাপিতো বজ্ৰাঙ্গৰ তপ নভাঙ্গিলা॥
বজাঙ্গৰ তপ তিনি জগতে প্ৰখ্যাত।
কতো দিনে সদাশিব ভৈলন্ত সাক্ষাত॥
শিৰে হাত দিয়া স্নেহে বুলিলা বচন।
তোৰ তপে বাপু মোৰ তুষ্ট ভৈলা মন॥
তুষ্ট মনে তোক হেন বৰ দিলোঁ‌ মই।
মোহোৰ সমান হৈবে যোগ্য হোৱা তঁ‌ই॥
এহি বৰ তাক যদি দিলা ত্ৰিলোচন।
শঙ্কৰৰ সদৃশ ভৈলেক তেতিক্ষণ॥
বজ্ৰাঙ্গক সম্বোধি বোলন্ত ত্ৰিলোচন।
ময়ো এক কন্যা দেওঁ‌ পাৰ্ব্বতী সমান॥
আৰু সহস্ৰেক দাসী দিলোঁ‌ তাৰ সঙ্গে।
ভূঞ্জি ভোগ থাকা নগৰত মহা ৰঙ্গে॥
সবাৰ উপৰে মুখ্যা বৰাঙ্গীক কৰ।
তোহোৰ লগত দুঃখ পায়াছে বিস্তৰ॥
যাবতেক কৈলাসত থাকোঁ‌ মানে মই।
তাবতেক তোহোৰ মৃত্যুৰ শঙ্কা নাই॥
চাৰিশত যুগান্তে ব্ৰহ্মাৰ মৃত্যু হয়।
তথাপিতো তোৰ মৰিবাক নাহি ভয়॥
মৰিয়ো নমৰে লোক কীৰ্ত্তি থাকে যেবে।
জীবন্তেয়ো মৰা যাক নসুমৰে কেৱে॥
এহি বুলি অন্তধান ভৈলন্ত শঙ্কৰ।
বৰাঙ্গী স্বামীত পাছে দিলন্ত গোচৰ॥
কান্দিয়া বৰাঙ্গী বোলে শুনা প্ৰাণেশ্বৰ।
সৰ্পৰূপে দুখ মোক দিলা পুৰন্দৰ॥
সমন্ধত বাসব তোমাৰ জ্যেষ্ঠ ভাই।
ভ্ৰাতৃবধু বুলি মোক চাহিবে নাপাই॥