পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰকাসুৰৰ যুদ্ধ।

 

শ্ৰীকৃষ্ণায় নমঃ

 

পদ।

জন্মেজয় বদতি শুনিয়ো মহামতি।
শুনিছোঁ তাৰকা নামে আছিলা ভূপতি॥
ঘোৰ যুদ্ধে পৰাজয় কৰিয়া ইন্দ্ৰক।
নিৰ্ভয়ে অনেক কাল শাসিলা স্বৰ্গক॥
কাৰ বৰে হেন শক্তি পাইলেক সিজন।
কাহাৰ বংশত কোন স্থানে উতপন॥
কিহেতু দেবৰ সঙ্গে বান্ধিলেক ৰণ।
ই সকল কথা শুনিবে ভৈলা মন॥
বোলে বৈশম্পায়নে নৃপতি জন্মেজয়।
বামন পুৰাণ কথা শুনা কহুঁ ময়॥
ব্ৰহ্মশাপে বিষ্ণুৰ পাৰ্ষদ দুই জন।
বৈকুণ্ঠৰ পৰা যেবে ভৈলেক পতন॥
বৈৰী ভাবে চিন্তা কৰি জগত ঈশ্বৰে।
তিনি জন্মে মুকুতি সাধিবে লৈলা বৰে॥