পুত্ৰ নাতি ভৃত্য বংশ যত আছে তাৰ।
সেই সমে দেবক দিবাক পাৰে ধাৰ॥
অঘাসুৰ মেঘাসুৰ যত পাত্ৰগণ।
শত লক্ষ সেনা লগে চলে সৰ্ব্বজন॥
একো একো দৈত্যক দেখন্তে লাগে ভয়।
সেনাৰ সহিত চলে যেন যম প্ৰায়॥
তাৰকা চলিযা যাই তাহাৰ পাছত।
কিছুমান লেখা দেওঁ তাৰ সৈন্য যত॥
দুই কাখে চলে সেনা অৰ্ব্বুদ অৰ্ব্বুদ।
আগত হাজাৰ পাছে চলয় নিৰ্ব্বুদ।।
অক্ষৌহিণী সেনা চলে ৰথৰ উপৰে।
পদাতিক সেনা কোনে লেখিবাক পাৰে॥
হাথী ঘোড়া ৰথ ৰথী চলে তাৰ পাছে।
শকট চলয় তাত ভক্ষ্য বস্তু আছে॥
পাছত সতেক সেনা কোনে লেখে তাক।
বৎসৰ দিনৰ বাট জড়িলা কটক॥
শুভক্ষণে স্বৰ্গক দিবাক গৈলা ধাৰ।
বীৰগণে সিংহনাদ কৰিলা অপাৰ॥
দশদিশে পুৰিলেক কটকৰ ধ্বনি।
খাওঁ খাওঁ কৰি যাই উপৰক ছানি॥
কতো বেলি পাইলা যাই অমৰাৰতীক।
আচম্বিতে বেটিবা ফেনাইলা নগৰীক॥
তাৰকে বেঢ়িলা দেশ শুনি দেবৰাজ।
মনত গুণন্ত এবে কৰোঁ কোন কাৰ্য্য॥
বিদশ দেবক মাতি বাসবে বোলয়।
নজানু ইবাৰ আমাসাৰ কিবা হয়॥
বজ্ৰাঙ্গৰ তনয় তাৰকা দৈত্যেশ্বৰ।
অজেয় অমৰ তাক হৰে দিছে বৰ॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
তাৰকাসুৰৰ যুদ্ধ।