বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
নৃসিংহে সহিতে দৈত্য যুঝন্তে আছয়॥
উদয় বেলাৰ যুদ্ধ এহি মানে গৈলা।
শেষ বেলা দুহান্তৰে ঘোৰ যুদ্ধ ভৈলা॥
দৈত্যেশ্বৰে মাতে নৃসিংহৰ মুখ চাই।
পলৰীয়া হৰি তোৰ এতেক বৰাই॥
মোৰ ভাই বধি তঁই পলাই ফুৰিলি।
বুঢ়াৰ হাতত অজি চেঙ্গেলি পড়িলি॥
মাৰবাৰ কাল তোৰ নিকট চাপিছে।
মুণ্ডৰ উপৰে তোৰ যম কাল নাচে॥
নৃসিংহে বোলয় তোৰ কথা গহ গহ।
মোহৰ আগত কতো চুপুটি কৰহ॥
যিতো জন বীৰ তাৰ স্বভাব গম্ভীৰ।
নাহি লাজ ইতৰৰ বাক্য নহে স্থিৰ॥
এত গৰ্ব্ব কৰা তঁই পায়া কোন যশ।
যত বল আছে আজি কৰহ প্ৰকাশ॥
আজি যদি জীয়হ নিন্দিবি পাছে মোক।
আজি মোৰ হাতত দেখিবি যমলোক॥
ই চক্ষুয়ে আৰ নেদেখিবি বাপ মাৱ।
সন্তাপ লভিবে বুকে তোৰ দিতি মাৱ॥
হেন শুনি দৈত্যেন্দ্ৰৰ ক্ৰোধ জ্বলি গৈলা।
দুয়ো হাতে মুষ্টি নৃসিংহক প্ৰহাৰিলা॥
অসুৰক ধৰি হৰি উৰ্দ্ধক ক্ষেপিলা।
বালকে মাৰিলা দলি যেন কৰি খেলা॥
অনেক উৰ্দ্ধৰ পৰা অসুৰ দুৰ্জ্জয়।
হাত ভৰি মুখ মেলি গৰ্জ্জন্তে আসয়॥
অসুৰ আসয় দেখি হৰি দেৱ দিলা।
মধ্য আকাশত দুয়ো এক থান ভৈলা॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে