ঘোৰ যাতনাত ঘৰে কৰে আৰ্ত্তৰাৱ।
এড়ি দিয়া বুলি কতো কৰে কাউ বাউ॥
ৰাখা কোনে পাৰা বুলি দেই কতো গেৰি।
স্বামীক সুমৰি কতো কান্দে ৰাৱ পাড়ি॥
ৰাখা ৰাখা প্ৰভু মোক সৰ্পে লৈযা যাই।
মোৰ হেন দুঃখ তুমি আগে আছা চাই॥
গোডত বুড়য নৌকা আগে বসি বাৱা।
মই প্ৰাণে মৰোঁ তুমি তপোক ধিযাৱা॥
এহি মতে বৰাঙ্গী যে কান্দে আৰ্ত্তৰাৱে।
টানি টানি তথাপিযো লৈ যান্ত বাসবে॥
বৰাঙ্গীক সাগৰৰ জলে জোবৰান্ত।
পঞ্চ বিকৰ্থনা ইন্দ্ৰে তাক কৰিলন্ত॥
তথাপিতো তপোভঙ্গ নহে ব্ৰজাঙ্গৰ।
মিছাতে বৰাঙ্গী দুঃখ পাইলক বিস্তৰ॥
মনে মনে গুণে ইন্দ্ৰে কৰিলোঁ অকাৰ্য্য।
ইতো কথা শুনি লোকে দিবে মোক লাজ॥
অনন্তৰে ইন্দ্ৰে নিজ ৰূপক ধৰিলা।
দুঃখ তাপ চিন্তা কৰি নিজ স্থানে গৈলা॥
বৰাঙ্গী কন্যায়ো জানিলেক তেতিক্ষণে।
সৰ্পৰূপে ঘোষাইলেক সহস্ৰলোচনে॥
যত মন্দ কৰ্ম্মে মানে দেবতাক পাই।
ভাই বহাৰীক হেন কৰা কি যাই।
চক্ষু ফুট বৰ্ণে শুনিবাক যোগ্য নাই॥
তথাপিতো কুখ্যাতি ৰাখি দেবৰাই।
কোন লাজে শাশু শশুৰক দেখা দিবুঁ।
এত লজ্জা অপমান কমন সতিবুঁ॥
আৰ কিছু প্ৰতিফল যদি দিনে পাসি।
তেবেসে বুলিবো মোক ব্ৰহ্মাৰ ঝিয়াৰা॥
পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/২৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
তাৰকাসুৰৰ যুদ্ধ।