পৃষ্ঠা:তাৰকাসুৰৰ যুদ্ধ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
তাৰকাসুৰৰ যুদ্ধ।

মোৰ তপ দেখি ইন্দ্ৰে মনে ভয় পাই।
ৰক্ষাৰ নিমিত্তে বহু চিন্তিলা উপায়॥
আপদ কালত জানা বুদ্ধি নষ্ট হয়।
ধৰ্ম্মাধৰ্ম্ম সকলক কিছো ন থাকয়॥
মনে গুণি দেখিলে দদাত দোষ নাই।
মোৰ তপ দেখি ভয়ে চিন্তিলা উপায়॥
আপনাৰ কুশলক চিন্তি মনে মনে।
আপদত অযুগুত কৰে কতো জনে॥
হেন জানি তান দোষ ক্ষমা কৰা মনে।
ক্ষমাৰ সমান ধৰ্ম্ম নাহি ত্ৰিভুবনে॥
সন্ধত ইন্দ্ৰ মোৰ হোৱে জ্যেষ্ঠ ভাই।
হেন জানি তান দোয ক্ষমিবে লাগয়॥
আপনাৰ মাঝত বিবাদ ভাল নয়।
যুদ্ধত উভয় দলে হোৱে বল ক্ষয়॥
যি জনে অধৰ্ম্ম কৰে হোৱে তাৰ পাপ।
কুকৰ্ম্ম কৰিলে ইন্দ্ৰে নিজে পাবে তাপ॥
অধমে পৰৰ ভাগ্য দেখি পাৱে দুঃখ।
নৰক ভুঞ্জয় যেন মনে নাহি সুখ॥
মোৰ তপে দদাৰ যাতনা ভৈলা চিত্তে।
দুঃখৰ উপৰে দুঃখ দিয়া অনুচিতে॥
মহেশৰ বৰে অহা নৰক যাওঁ‌।
তাতে যাই সুখ ভোগ ভূঞ্জিবৰ পাওঁ‌॥
জ্যেষ্ঠ ভাই পিতৃতুল্য তান দোষে আতি।
জগতক জুড়ি মোৰ ৰহিবে কুখ্যাতি॥
বিশেষত হিংসা আদি তমো গুণ কৰ্ম্ম।
সাত্বিক সকলে তাক বোলয় অধৰ্ম্ম॥
অতি হীন ঘৃণনীয় তামসিক কাৰ্য্য।
তোমাৰ লগত আচৰিলা দেবৰাজ॥