সেউজীয়াৰ দৰে
SEUJIYAR DORE: A collection of assamese poems composed by Guna Ram Saikia & Published by Khanin Medhi on behalf of Kasturi Printers & Publishers, Bhaskar Nagar Road, Near Guwahati Commerce College, House No.-25/26, Ghy-21.
সেউজীয়াৰ দৰে
গুণাৰাম শইকীয়া
প্ৰকাশক : খনীন মেধী
কস্তুৰী প্ৰকাশন
গুৱাহাটী-২১
গ্ৰন্থস্বত্ব : লেখক
প্ৰথম প্ৰকাশ : নৱেম্বৰ, ২০১৬
মূল্য : ৫৫.০০ টকা
বেটুপাত আৰু স্কেচ : হোমেন শইকীয়া
ISBN- 978-93-5105-265-4
মুদ্ৰণ : কস্তুৰী প্ৰিন্টাৰ্চ এণ্ড পাব্লিচাৰ্ছ
২৫/২৬ ভাস্কৰ নগৰ ৰোড, গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত, গুৱাহাটী-২১
ফোনঃ ৭৬৬৪০১৩০০০
উচৰ্গা
যাৰ বাবে এই জগত দেখিলো
সেই পৰম আৰাধ্যা
মোৰ মাতৃ
স্বৰ্গীয়া পখিলা শইকীয়াৰ
চৰণত মোৰ এই ক্ষুদ্ৰ
অঞ্জলি।
ব্যক্তিগত
যোৱা পঁচিছ-ত্ৰিশ বছৰে শব্দৰ স’তে মোৰ যি সম্পৰ্ক, যি লিখিছো তাৰ তুলনাত প্ৰকাশিত গ্ৰন্থ মোৰ তেনেই নগণ্য। ‘সেউজীয়াৰ দৰে’ মোৰ দ্বিতীয় কবিতা সংকলন। ইয়াত মোৰ চাৰি-পাঁচ বছৰৰ কবিতা সন্নিৱিষ্ট হৈছে। কিছু সংখ্যক কবিতা ইতিপূৰ্বে কাকত-আলোচনীত প্ৰকাশিত।
সংকলনটিৰ পাণ্ডুলিপি প্ৰস্তুতিৰ ক্ষণত শ্ৰদ্ধাৰ কবি নীলমণি ফুকন চাৰৰ আশিষপুষ্ট হৈ ধন্য হ’লো। চাৰে নীৰৱে বহু কেইটা কবিতা শুনি ভুল-ত্ৰুতি আঙুলিয়াই দিছে, সেয়া মোৰ দৰে বাওনাৰ সৰগ প্ৰাপ্তি। শ্ৰদ্ধাৰ কবি আনিছ-উজ্ জামান চাৰে গোটেই পাণ্ডুলিপিটো চকু ফুৰাই পাতনি লিখি দি মোক আজীৱন ঋণী কৰি থ’লে।
কবিতা মোৰ হৃদয় তলিত অহৰ্নিশে বাজি থকা শব্দৰ কল্লোল। চিন্তা-ভাবনা আৰু অনুভৱবোৰ শব্দৰ বাটেৰে ওলাই আহি সুষমাৰে ব্যঞ্জিত হয়, ধূলি-মাটি আৰু ফুলৰ ৰেণুৰে অনুৰঞ্জিত হৈ চৰাইৰ পাখিৰ সমীৰত বা-বলাই উৰি ফুৰে সেয়াই মোৰ কবিতা।
কবিতাৰ সাৰ্থকতা তেতিয়াহে যেতিয়া কবিতাই পাঠকৰ হৃদয়ত থিতাপি ল’ব পাৰে। সেই বিশ্বাসেৰে অজানিত ভুল-ত্ৰুতিৰ বাবে ক্ষমাৰ প্ৰাৰ্থী হৈ ৰ’লো।
গুণাৰাম শইকীয়া
জোনাকী বন
মাজবাট
কৃতজ্ঞতা
নীলমণি ফুকন, আনিছ-উজ্ জামান, দেৱপ্ৰসাদ তালুকদাৰ, অতনু ভট্টাচাৰ্য, গীতালি বৰুৱা, অজিৎ গগৈ, খনীন মেধী, ধৰিত্ৰী গোস্বামী, দীপ্তি দেৱী, প্ৰাঞ্জল বৰা, নিকুঞ্জ নাথ, বিশাল অনুৰাগ, ময়ূৰী দত্ত, কৌস্তভমণি শইকীয়া দত্ত, দীপাঞ্জলি দাস পাঠক, গীতা চহৰীয়া, মেঘালী দিহিঙ্গীয়া, মৃণাল পি. জ্যোতি, মুনিন্দ্ৰ কলিতা, দ্বীপৰাজ, হোমেন শইকীয়া, নিতু তালুকদাৰ, নীলমণি শৰ্মা, মিন্টু দাস, পাপৰি কলিতা আৰু বেদিতা শইকীয়ালৈ।
কৰাপাট
কবিতাৰ লগত সম্পৰ্ক থকাৰ বাবেই হয়তো কোনোবা কোনোবাই কবিতাবোৰ চুই চাবলৈ দিয়ে। সেয়েহে চাই তেওঁলোকে বিচাৰি থকা কথাবোৰকে বিচাৰোঁ। মই সমালোচক নহয়। কবিতা কেইটা কি ভাল লাগিছে, ক’ত ভাল লাগিছে, বাহিৰত নে ভিতৰত, নেজানো। তথাপিও গুণাৰাম শইকীয়াৰ শব্দৰ বান্ধোন ভাল, ভাবনা মসৃন, অনুভূতিবোৰক চুই চোৱাৰ মানসিকতা প্ৰবল। তেওঁৰ ভাল হ’ব। কবিতা লিখাই নহয়, আনৰ কবিতাৰ মাজত তেওঁৰ ধ্বনি শুনিছোঁ। তেওঁৰ ভাল, নিশ্চিত।
শুভেচ্ছাৰে⸺
২ অক্টোবৰ ২০১৬, দেওবাৰ
সূচী
পৰমাৰ্থ/ ১১
সৰাপাত / ১২
ঈৰ্ষা/ ১৩
শীতৰ স্তৱক/ ১৪
পূৰ্ণিমাৰ ৰাতি/ ১৫
অভিযাত্ৰা / ১৬
অচিন শোকত নৈ/ ১৭
পত্ৰ / ১৮
স্মৃতি/ ১৯
আহিনৰ স্তৱক / ২০
আশা / ২১
ছহিদ / ২২
চকুলো / ২৩
এজাক বৰষুণতে / ২৪
এখন চিঠি / ২৫
গছ / ২৬
তপস্বী / ২৭
শেষ চিঠিখনৰ প্ৰেম / ২৮
এন্ধাৰ বিষাদ গাঁথা / ২৯
মেঘ-চকুলো / ৩০
চিত্ৰপট / ৩১
যন্ত্ৰণা / ৩২
ফুটপাথ / ৩৩
ফাগুন / ৩৪
বিলাপ / ৩৫
বান্ধৱ / ৩৬
বসন্ত যাপন / ৩৭
দুখৰ বিনিময়ত সুখ দি যাওঁ / ৩৮
চৰাই / ৩৯
নৈ / ৪০
শিল্পী / ৪১
সৰাপাত / ৪২
কবিতাই বিচাৰি ফুৰে মানুহ / ৪৩
কলাজ / ৪৪
মাটি/ ৪৫
মেজি / ৪৬
কিতাপ / ৪৭
নৈ খন মৰি আহিছে / ৪৮
উভতি যোৱা বাটেৰে / ৪৯
পানী / ৫০
গা-ধন / ৫১
চাংঘৰ / ৫২
চেনেহ / ৫৩
চিঠি / ৫৪
শৈশৱৰ এবুকু মিঠা / ৫৫
সুখৰ প্ৰস্তাৱ / ৫৬
ভনী / ৫৭
পথাৰ / ৫৮
ওৰণি / ৫৯
উৎসৱ / ৬০
জোৰোণ / ৬১
অনৰ্থ / ৬২
চোলা / ৬৩
[ ১০ ]
পৰমাৰ্থ
অনিত্য সুখেৰে সজা তেওঁৰ ঘৰ
মূধচত চৰাই এটাই গায় সান্ধিয়াৰ গান
সেই গানৰ চিৰিৰে নামি অহা সৰগী সুৰত
আমি অল্পমতি হৈয়ো হাত মেলি ঢুকি পাওঁ
সুখৰ বৰষুণ আচ্ছাদিত আকাশ
হেৰাই যোৱা হেঙুলীয়াত বেলিটো বিচাৰি
নাও মেলি দিওঁ
সেই নাওত বিৰ দি ধৰে শতিকা জুৰি আস্ফালিত
অনেক নিৰ্বোধ প্ৰশ্ন
কাৰ মুখলৈ চাই থকা
আমি একোটা শিশু
আকুল-অবোধতা
ওঁঠ চেপি দিলে ওলাই আহে মাটিৰ ৰসৰ সৰলতা
চৌদিশে অনিত্যতাৰ গুণগুণনি
চকু ৰৈ যায়
হৃদয়ে লিখি থৈ যায় ভালপোৱাৰ অলিখিত গান
সৰাপাত
সৰাপাতৰ ভাঁজত হেৰাই যায়
নখে মাটি লেখা
অনিৰুদ্ধৰ চিত্ৰ
চিত্ৰলেখাইহে চিনি পাই সৰাপাতৰ ভাঁজ
নিমিষতে আঁৰি দিয়ে
ঊশাৰ চকুৰ পতাত – স্বপ্নাতুৰ আলোকময় প্ৰেমিকৰ ছবি
সৰাপাতনো কি
এটা বুৰ যোৱা সপোনৰ ভগ্নাংশ
চিঙি যোৱা এডাল এনাজৰীৰ
টুকুৰা-টুকুৰ বিশ্বাস-প্ৰেম
আমি যোৰা দি দি যি সাঁকো গঢ়ো
খহি পৰে সাঁকো এদিন
সৰাপাতৰ দৰেই সকলোৰে এক নিৰুদ্বিগ্ন যাত্ৰা.......
ঈৰ্ষা
ঈৰ্ষাত ছাই হৈ যোৱাকৈ
তেওঁ মোক জ্বলাইছে।
এঙেৰুৱা হাত দুখন
কোৰ খনলৈ পোন কৰি মেলি দিছো
বনুৱাৰ জীৱন
সিপাৰলৈ হাত মেলিলেও নাপাও ঢুকি
পিছল নদী
হাত দুখন মাথো জ্বলে-ঈৰ্ষাত জ্বলাই দিয়ে বেলিয়ে
কাৰণ উন্মুক্ত হাত আৰু শৰীৰ মেলি
পথাৰত চুই থাকো সেউজীয়া মাটি
শীতৰ স্তৱক
কুঁৱলীৰ জখলাৰে নামি আহিছে শীত
হেঁপাহৰ জুপুৰীটোত
উখল-মাখল ধোঁৱাৰ কুণ্ডলী
আখলৰ উত্তাপেৰে এঙেৰুৱা কলিজাটো তপতাই আকাশলৈ
চাই ৰমলা বাই
বালিত পোত গৈ থকা পথাৰ খনে
ৰিঙিয়াই মাতে
কৰবাৰ পৰা উৰি আহে চিঞৰ এটা
তাইৰ বুকুৰ পৰা যে
খহি পৰিছিল আঁচলৰ ধন
শীতৰ ছন্দত নাচি উঠা ৰাতিটোৱে
ৰমলা বাইৰ বুকু খনিক
বৰকৈ কঁপায়
শীৰ্ণ হৈ পৰা কলিজাৰ ভিতৰলৈ সোমাই যায়
লাহে লাহে শীতৰ অতনু স্তৱক
পূৰ্ণিমাৰ ৰাতি
ডাকোৱাল জোনটো আহি
কদম জোপাত উঠিছে
ফেৰেঙনিৰ ফাঁকেৰে জুমি জুমি
এখনি ভৰুণ মুখ
নৈৰ পাৰৰ ঝাওনিৰ ঢৌৱে ঢৌৱাই থকা
আলোকিত হৃদয়
এনে পূৰ্ণিমাৰ ৰাতিতেই বিচাৰি পোৱা যায়
প্ৰাণময় বাঁহীৰ সনাতন
য’ত জীৱনটোক টিয়াই ল’ব পাৰি
খন্তেকৰ বাবে
খুলি থ’ব পাৰি দুখ নামৰ আৱৰণখনিক
এখন খিৰিকীৰ পৰ্দাৰ দৰে
অভিযাত্ৰা
সময়ৰ সেন্দুৰীয়া আলিটোৰ মূৰত মোৰ খোজ
সেই ঠাইলৈ অৰিন্দম অভিযাত্ৰা মোৰ
য’ত পূৰ্বজৰ হেৰাই যোৱা অমাতৰ মাতটো
এতিয়াও বাজি আছে বতাহৰ ৰেণুত
সেই বতাহতেই শুনা পাওঁ ৰিণি ৰিণি
মাটি আৰু জীৱনৰ সুৰ
সংসাৰৰ বোজাত হালিপৰা পিতাইৰ কঁকালৰ কঁপনিবোৰ
উৰি ফুৰে সময়ৰ চাকনৈয়াৰ মাজেৰে
গছে-বনে, সীৰলুৱে-সীৰলুৱে
দুঃসময়ৰ পছোৱাত অন্ধ হৈ পৰা চকুযোৰ
মেলি লৈছোঁ এতিয়া
সন্মুখত ফৰকাল আকাশ-সহস্ৰ নীলিমাৰ
কূজন........
অচিন শোকত নৈ
অচিন শোকত নৈ খনে আৰু ঢৌ-ফুল নুগুঁঠে
বালিচৰত বহি
উভতি নাচায় নিজৰ খোজ
তিৰ্বিৰ্ আইনাত
জল্-ম্ল মুখ খনিৰ চিটিকি পৰা প্ৰভা
শৰালি জনীয়ে সাঁচতীয়া কৰি ৰাখিছে বুকুত এই নৈৰ দুখ
জাৰে-জহে মমতাৰ ঘৰ
ইয়াতে মেলি দিয়ে পোনাহঁতৰ সপোন-নাও
কিছুদিন হ’ল নৈৰ বুকুত
ৰুই দিছে কোনোবাই বিহ্ মেটেকাৰ পুলি
ৰক্ত ছুৰিকাঘাতত
দুফাল হৈ পৰিছে- মায়াময় নৈৰ গৰ্ভ
পত্ৰ
সেউজীয়া পত্ৰৰ তলৰ ভৰা জোনটোৱে
ভূমুকিয়াই চায়
চেঁচা শিল হৈ পৰা মোৰ আঙুলি কেইটালৈ
তাহানিতে লিখা ধোঁৱা বৰণীয়া পত্ৰখনৰ লেফাফাত
প্ৰেয়সীৰ ভুল ঠিকনা
যাৰ বাবে ৰৈ গ’ল মোৰ বুকুৰ ডাকত
নিঃসঙ্গতাকে সাৰথি কৰি
বতাহত পত্ৰখন কঁপি থাকে
ঘন সেউজীয়া হৈ পৰে বৰষুণ নিগৰিলে
ভৰা জোনটোৰ জেউতিৰে তিৰবিৰাই উঠে
অকলশৰীয়া আকাশ খন
স্মৃতি
বুকুৰ কোনোবা খিনিত
দ-কৈ কোৰ মাৰি
পুলি এটা ৰুই
গুচি গ'ল
সি.....
আহিনৰ স্তৱক
পুৱাই আহি বালিমাহী জনীয়ে কলে
হাত পাতি লোৱা
সমগ্ৰ আহিন
হাত নহয় বুকু পাতি ললো
ফৰকাল আকাশৰ নীলিমাত
মুখ গুজি
সুগন্ধিত হ’লো
নৈৰ নিৰ্মলতাত চুলি মেলি কঁহুৱাৰ সুহুৰি
সন্তৰ্পনে হৃদয়ৰ খিৰিকী খুলি
সুমুৱাই লৈছো শুভ্ৰতাৰ গান
আস্ অ’ মোৰ শৈশৱৰে পথাৰ
চুই চাওঁ বুলি চুব নোৱাৰো
তোমাৰ ওঁঠৰ
কেঁচা আহিন......
আশা
বৰষুণ জাক কেনি গুচি গ’ল
কিছু সময়ৰ বাবে
ফুল-চৰাইৰ সতে নিৰ্বাক ৰং-ধেমালি
শুনিছোঁ
ক’ৰবাত চিনাকি নৈৰ উজান
বুকুৰ ভিতৰেদি
বসন্ত তৰঙ্গ.......
ছহিদ
চিঞৰ এটা আছিল
তেওঁৰ
বুকুত
চিঞৰটোক
ফালি
চিৰি
ওলমাই
থলে
নিয়ন লাইটৰ
পোষ্টত
চকুলো
দুঃখবোৰ পকি পকি
চকুলো হয়
সেই অনুতপ্ত চকুলো বিষাদ
ভৰপূৰ
পলে পলে বাজি থাকে তাত
যন্ত্ৰণাৰ নূপুৰ
এজাক বৰষুণতে
এজাক বৰষুণতে অভিমান ভাঙি তেওঁ প্ৰেমৰ
দেবতা হ’ল
নিঃস্বতাৰ আৰু বহু তলত
তেওঁৰ চপৰা-চপৰে
খহি পৰা জীৱন
তেওঁ হাত পাতি সাৱটি ধৰা বুকুখনৰ
কামিহাড়ত
শীতৰ লহৰ, গম নোপোৱা কৈ তেওঁৰ খোজৰ তলেৰে বৈ
যায় এখন অৰ্বাচীন নৈ
এজাক বৰষুণতে অভিমান ভাঙি
তেওঁ দি যাব খোজে
এবুকু সেউজীয়া আৰু এজাক চৰাইৰ কোৰ্হাল
এখন চিঠি
সদায় ভাবি থাকো কবিজনে নিলিখে
ভাত নাখায়
খোজ নাকাঢ়ে-কবি হেনো ঠিকনা বিহীন
দুখৰ সমীৰত মুখ গুজি
সুখৰ সপোন কঢ়িয়াই ফুৰে কবিয়ে
কলম কামূৰি আকাশ খনত
খেপিয়াই খেপিয়াই বিচাৰি আনে মেঘ-ভৈৰৱী
এদিনৰ কথা
শেষত মাথো কবিৰ বেগটো অছিল
বেগত আছিল শুই কবিৰ হেজাৰ দিনৰ টোপনি
এশবাৰ কাটি কুটি লিখা
এখন প্ৰেমৰ চিঠি......
গছ
পিতায়ে কৈছিল
গছেই ঈশ্বৰ
সেউজীয়াৰ ভিতৰৰ বতাহ জাকত
দুলি থাকে আমাৰ জীৱন
গছে বিয়পাই দিয়ে আকাশত
ফুলৰ জোন
মেঘৰ চকুপানী
মাটিৰ সততাক চুমা খাই গছে
আজীৱন মাটিক সাৱটি
নৈৰ পাৰত ৰৈ থাকে অকলশৰে
তপস্বী
অৱক্ষয়ৰ তোৰণ খনেৰে বগুৱাবাই যাওঁ মই
সততাৰ দাপোন খন লৈ
মানুহৰ বুকুত
সযতনে স্থাপন কৰো স্খলিত দিনৰ পাণ্ডুলিপি
হেৰাই যোৱা বিনিদ্ৰ ৰজনীৰ সেঁজে সেঁজে
মই ৰুই দিওঁ সেউজীয়া বীজ-আৰু বিশ্বাসৰ শিপা
গজি উঠক বুকুৱে বুকুৱে সনাতন পৃথিৱী
বুভুক্ষাৰ চিঞৰবোৰ গান হ’ব এদিন
প্ৰস্তৰ দেৱাল খহি নৈ ব’ব এদিন
যি নৈৰে উজাই আহে পুৰাতন সভ্যতা আৰু
দেৱালৰ তলেৰে ভটিয়াই যায়
কালিন্দ্ৰী এন্ধাৰ
বিজ্ঞাপন সৰ্বস্ব হৈ পৰা দিনান্তৰৰ সমগ্ৰতাক
মই তুলি লওঁ ওঁঠত
নীলকণ্ঠ হৈ পান কৰোঁ আবাল বৃদ্ধ বণিতাৰ আৰ্তনাদ
কোলাহলৰ চিৰিৰে নামি অহা
ধূলিয়ৰি বতাহ জাকত লিখি দিওঁ মই মোৰ নাম
তপস্বী মই বোধিদ্ৰুমৰ ছাঁত শুই থাকে
মোৰ জীৱন্ত কংকাল
শেষ চিঠিখনৰ প্ৰেম
শেষ চিঠিখন বতাহৰ ফাঁকেৰে
সোমাই আহিল
অনন্ত প্ৰতীক্ষিত
চিঠি
চিঠিৰ ভাজত এখন ছুৰীৰ
চিক্ মিকনি
কালিদাসৰ কলিজাত
ছুৰীৰ চিটিকনি
শুই পৰে কালিদাস
মৃতুঞ্জয় কালিদাস....
এন্ধাৰ বিষাদ গাঁথা
এন্ধাৰ বিষাদ গাঁথাৰে সাজি থোৱা এই তোৰণৰ তলেৰে
তাই সামৰি আনে ৰাতিৰ সমাধি -
কেতিয়াবা নিঃসঙ্গতা আৰু কেতিয়াবা উদৰৰ চিন্তাই
ঢৌৱাই যায় তাইৰ এই নিচেই সৰু
হাৰিকেনৰ শেষ আলোকে উজ্জ্বলাই ৰখা ঘৰটোক
বদনামী এন্ধাৰে উদ্যাপিত কৰে তাইৰ কোঠাত
ওৰেতো ৰাতি কামনাৰ উৎসৱ
কেইটামান মুদ্ৰাৰ বিনিময়ত সলনি হয়
জীৱন নামৰ কঁপি থকা এই বাখৰুৱা পৰ্দাখন
ভাল মানুহবোৰে ৰাতিৰ এই এন্ধাৰবোৰক
কূটি কূটি খাই বদনামী কৰে
সেইবাবেই হাৰিকেনৰ শেষ আলোকত জ্বলি থকা
তাইৰ চকুহালে এতিয়া ভয় কৰে ৰাতিটোক
এন্ধাৰ বিষাদ গাঁথাৰে সাজি থোৱা তোৰণটোৰ তলেৰে
তাই গুচি যাব বিচাৰে
ৰাতিৰ উৎসৱ সামৰি সমাধিলৈ
সেয়ে
তাই আজি খিৰিকীখনো বন্ধ কৰি ৰাখিছে।
মেঘ-চকুলো
ৰৌদ্ৰ কামনাত দগ্ধ গা- ভাৰি মেঘবোৰে
চকুলো টুকিছে দিনে-ৰাতি
অবুজ বেদনাত কেতিয়াবা শিলহৈ পৰে
চকুলো
আবি বাইৰ ঘৰৰ উৰুখা চালত গিজ গিজাই নামে
কলহৰ কাণ বাগৰি
বুকুৰ মেঠনি তিতে
পাৰ ভাঙি নিগৰা চকুলোই
শোক ঘন হৃদয় ধুই নিয়াৰ দৰে
বৰষুণ পৰি পৰি পাতলি যায় মেঘৰ আচ্ছাদন
ফৰকাল আকাশত আকৌ ৰ’দ
আকৌ মেঘৰ দামামা
এনেকৈয়ে নিগৰি নিগৰি জুম বান্ধে বুকুত
চকুলোৰ সৰোবৰ.........
চিত্ৰপট
তোমাৰ নীলা পালতৰা চকু হালিৰ উৰ্মিমালা বোৰ
আঁকিব নোৱাৰো
পাৰলৈ ঠেলি আনে মোৰ সমগ্ৰতাক
জোৱাৰ বোৰক
টুকিব নোৱাৰো তোমাৰ বুকুৰ পৰা
আকুলতাৰ উশাহে মোক
বুৰাই ৰাখে
মৌনতাৰে পুণৰ চিত্ৰপট খনি উলিয়াওঁ
বিৰিঙি থকা তোমাৰ
ৰং বোৰে
আঙুলিৰ পৰা কলিজালৈকে মেৰিয়াই ধৰে
উকা হৈ থাকে চিত্ৰলেখাৰ
চিত্ৰপট...............
যন্ত্ৰণা
আঙুলিয়াই আছিলোঁ গোটেই ৰাতি
জোনটিলৈ
পুৱাৰাতি
নিয়ৰ এটোপাল হৈ গোপনে সৰিল
তেতিয়ালৈ
শিল হৈ পৰিছিল
মোৰ নিমাখিত আঙুলি
ফুটপাথ
ফুটপাথত সদায় জন্ম পাওঁ
আৰু ফুটপাথৰ যন্ত্ৰণাবোৰ কঢ়িয়াই লৈ ফুৰো
বুকুত এটা পেচমেকাৰ
সুমুৱাই লৈ ফুৰাদি
তোমালোকৰ পদূলিৰে ধূলি উৰুৱাই গুচি যাওঁ
ধূলিবোৰত ফুটপাথৰ কেঁচা গোন্ধ উৰি ফুৰে
তোমাৰ পঢ়া কোঠাৰ আইনাবোৰত
ডাঠ চামনি বান্ধি
সেউজীয়া হৈ পৰে ফুটপাথৰ ধূলি
কোলাহলৰ মাজৰ পৰা নিৰ্জনতাৰ গভীৰলৈ
লৈ যাব বিচাৰো
ফুটপাথত আঁৰি থ’ব বিচাৰো
এটা যন্ত্ৰণাৰ কবিতা
ফাগুন
গোপনে আহি
চুই দিলে
ৰূপহী কুঁৱৰীৰ গালত
লাজতে নে
অনুৰাগতে
হেঁপাহৰ ৰঙীণ চৰাইবোৰ উৰিছে আকাশত
বিলাপ
নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি
উজাই নে ভটিয়াই
কঁকালৰ বান্ধ
বান্ধ সুলকি যেন ৰক্ত ক্ষৰণ
লেবেজান শোকাকুল
উপত্যকা
ক’তোৱেই নাই গৰখীয়া-মাছমৰীয়া
সুহৃদ বান্ধৱ বৈকুণ্ঠগামী
নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি
বান্ধৱ
বহু শতিকা জুৰি আহি আহি যেন তেওঁ
মোৰ পদূলি মুখত
তেওঁৰ হাতত ভগ্ন ফুলদানি
চিটিকি পৰা ফুলৰ তেজ
মৃত্যুৰ কিৰিলিৰে ভৰা এখন দস্তাবেজ
ভয় আৰু শংকাৰ নিঠৰ দিনলিপি
কাণ উনাই দূৰণিলৈ আৰু দূৰণিলৈ
প্ৰসাৰিত কৰিছিলো মোক
জানোচা তেওঁৰ পদধূলাৰ কৃপাঞ্জলিয়ে
পাৰ কৰায়
এই ভৱ সাগৰ
গোপনে-সংগোপনে আহি
তেওঁ মোৰ পদূলি মুখত যেন বহু শতিকাৰ শেষত
এমুঠি তেজাল প্ৰতিশ্ৰুতি
বসন্ত যাপন
আহুধানৰ পথাৰত মোৰ আশাৰ চপৰা
ভাঙি চিঙি গুৰি কৰো
কৃষ্টিৰ বীজ সিঁচি ঐনিতম এফাকি গাওঁ
দূৰৈৰ পাহাৰৰ ধোঁৱাত
ঝুম খেতিৰ গোন্ধ
ল'ৰালিটোক ম'হৰ পিঠিৰে বোৱাই অনা সমীৰত
একেটাই গোন্ধ
কোনো ব্যাকৰণ নমনা তোমাৰ ৰূপৰ জুৰিত মই নতজানু
আছিলো
নাহৰে তৰা সিঁচি দিয়া বাটটোৰে মই বিচাৰি যাওঁ
তুমি য’ত থাকা মাটিৰে একাত্ম হৈ
তাতেই মই যাপন কৰো বসন্তৰ ৰাতি
দুখৰ বিনিময়ত সুখ দি যাওঁ
গোটেই ৰাতি ভোজৰ পটুৱা বোৰ কান্ধত তুলি নি
নৰ্দমাত পেলালো
গোটেই ৰাতি গোটেই দিন
পিয়াহৰ পানী বিলালো
তোমালোকৰ বাটটো ৰং-অভিমানৰ দৌল
মোৰ পিঠিৰ ওপৰেৰে
পাৰ কৰিলোঁ
নিমখ-দাইল, লাগেজ-ছোফাছেট্
কি নকৰো তোমালোকৰ সুখৰ বাবে
কি দিয়া মোক তাৰ বিনিময়ত
দুখৰ বাহিৰে
চৰাই
শুকান পাত এটি হৈ
পৰি থাকিম
ওপৰেৰে ফাগুনৰ প্ৰগাঢ়তা আৰু
তোমৰ চঞ্চলতা
হেৰাই যোৱা দিনবোৰৰ
সোঁৱৰণিত
ফুলেৰে সজাবা মোৰ বাটৰুৱা পদূলি
অ' মোৰ চিকুণ চৰাইটি
মাজৰাতিৰ তোমাৰ প্ৰেমৰ গানত
ফুল কোঁৱৰ হৈ
উৰি যাম-উৰি গৈ গৈ ন সাজ পিন্ধাম
তোমাৰ চুবুৰিৰ
অৰুন্ধতী ফুল কুঁৱৰীক.......
নৈ
ভাল পোৱা নৈখন
দেশ-কাল জুৰি বৈ বৈ
সোঁৱৰণিৰ পাত খিলা বুকুত সাৱটি
কৰবাত হেৰাই যায়
আৰু এখন নৈ গজি উঠে
আঁহফলা বুকুৰ পানী গছাত
সন্তৰ্পনে টুকি আনো
নৈখনৰ না
পূৰ্বপুৰুষৰ আত্মজ ঠিকনাৰ লানি নিচিগা টৌ
বিচাৰি ফুৰিছোঁ চিনাকি সুঁতিটো
ক'ত আছিল - ক’ত আছিল ভাল পোৱাৰ
প্ৰাচীন মুদ্ৰাবোৰ........
শিল্পী
নাঙলেৰে দুফাল কৰি মাটি বোৰক
নাৰীৰ ৰূপ দিয়া
সেইবাবেই তুমি শিল্পী
কাঁচি-দা-কোৰ-কলম-তুলিকা-হাতুৰী
তোমাৰ জীৱনৰ অন্তৰঙ্গ সাক্ষী
তুলিকাৰে তুমি মানুহৰ আকাশ খনক নীলাৰ পৰা
ঘন সেউজীয়া কৰা
কলমেৰে তুমি জীৱনৰ তোৰণ সাজা
সাগৰৰ উৰ্মিমালাৰ সতে তোমাৰ কবিতাই
ফেৰ মাৰি
মুকুতা তুলি আনে শব্দৰ চামুচেৰে
সেইবাবেই শিল্পী তুমি অনন্য
তোমাৰ গানৰ উষ্মতাত ভৰপক দিয়ে
আমাৰ চেঁচা যৌৱন
সৰাপাত
সৰাপাতৰ ভাঁজত হেৰাই যায়
নখে মাটি লেখা
অনিৰুদ্ধৰ চিত্ৰ
চিত্ৰলেখাইহে চিনি পাই সৰাপাতৰ ভাঁজ
নিমিষতে আঁৰি দিয়ে
ঊশাৰ চকুৰ পতাত - স্বপ্নাতুৰ আলোকময় প্ৰেমিকৰ ছবি
সৰাপাতনো কি
এটা বুৰ যোৱা সপোনৰ ভগ্নাংশ
চিঙি যোৱা এডাল এনাজৰীৰ
টুকুৰা-টুকুৰ বিশ্বাস-প্ৰেম
আমি যোৰা দি দি যি সাঁকো গঢ়ো
খহি পৰে সাঁকো এদিন
সৰাপাতৰ দৰেই সকলোৰে এক নিৰুদ্বিগ্ন যাত্ৰা.........
কবিতাই বিচাৰি ফুৰে মানুহ
কবিতাই বিচাৰি ফুৰে মানুহ
মানুহৰ ঐশ্বৰ্যৰ অনুৰাগত উদ্বেলিত প্ৰেম লতিকা এডাল
বুকুত মেৰিয়াই
কবিতাই গোপন কৰে প্ৰেমিক জীৱন
অন্যথা কবিতাই আপোন কৰি ল'লে হেতেন শিলক
মুক হৈ দুটা মুৰ্তিয়ে আলিঙ্গবদ্ধ হোৱাৰ সময়ত
নামি আহিল হেতেন কবিৰ জোন
নিৰ্জনতাৰ বীণখন বাই বাই
কবিতাই বগাই ফুৰে
পাহাৰ-অৰণ্য’ তেনেকৈ বগুৱা বাই ফুৰোতেই
বাল্মিকীৰ ওঁঠত এদিন
কবিতাৰ চুমা স্পৰ্শ
কবিতাই বিচাৰি ফুৰে মানুহৰ সত্য-সনাতন
আৰু পুৰাতন বিশ্বাস
কলাজ
ঈশ্বৰ ধুনীয়া বাবেই
সোমাই থাকে
ভিতৰত
আগলতি পাতৰ
নিয়ৰত
প্ৰেমৰ মুদ্ৰা এটা দি
পুণৰ ভিতৰলে
সোমাই যায়
ঈশ্বৰ
ঈশ্বৰ লাজকুৰীয়া বাবেই
নিৰাকাৰ................
ঈশ্বৰৰ কোনো ঠিকনা নাই
সেইবাবেই
ঈশ্বৰে বাস কৰে
প্ৰত্যেকৰে
হৃদয়ত
ঈশ্বৰ ধুনীয়া বাবেই
সোমাই থাকে
সকলোৰে হৃদয়ত
মাটি
এই মাটিয়েই মোৰ আই
চিকুণাই লওঁ দীঘল উপত্যকা
লৃগাং পাতো
হুৰুম বান্ধি পথাৰলৈ যাওঁ
হুৰাই দিয়া কলিজাৰ গানবোৰ আহি
আখৈ ফুটে মোৰ বুকুত
অগা-দেৱা কৰে পানচৈ ঘাটেৰে
তোমাৰ -মোৰ পলসুৱা সময়
সেৱা এটি কৰা আইক
ৰণলৈ বুলি যাওঁ
নাঙলৰ সীৰলুতহে যদি গজি উঠে জীৱন
মেজি
আকালৰ মেজিটোৰ সুৰুঙাৰে নিতৌ জুমি চাওঁ
ক্ষয়িষ্ণু গাঁৱৰ ছবি
জিভা মেলি চাই থাকে – কি যে চাতুৰ্যতা
অবিশ্বাসৰ পদাঘাত মানুহৰ
ভাগি-চিগি তাত এখন সাঁকোৰ আৰম্ভণি
সাঁকোৰে গুচি যায়
গাঁৱৰ লখিমী
পুঁজিপতিৰ নজৰ লাগি
বোবা হয় পুৰাতন পথাৰ
কৃষকৰ সপোনে বাট হেৰুৱাই
ঐৰাৱতী খোজেৰে আগবাঢ়ে মৰুভূমিৰ বাটেৰে
কিমান দূৰ-কিমান দূৰ পানীৰ সেউজীয়ালৈ
বুকুৰ মেজি জ্বলি ছাই হ’ল
কাহানিও আৰু পূৰ নহয় সোন গুটিৰে
সুখৰ আলয়
কিতাপ
কিতাপে শুব নোৱাৰে ৰাতি ৰাতি
সপোন ঘুমটি............
কবিৰ প্ৰেমৰ সুগন্ধি নৈত নামি
কিতাপ কুঁৱৰী হয়
আকাশৰ সাজ পিন্ধি উকিয়াই-উকিয়াই
কেতেকীৰ মাতে মাতে
বনগীত এটাৰে গৰখীয়া হৈ
গধূলি গোপাল চিঙে
কিতাপে শুব নোৱাৰে
চুব নাপায়
চাউল
পানী-জুই
বৰ্ণমালাৰ পথাৰ এখনহৈ কিতাপে জন্ম দিয়ে
নতুন এটা প্ৰজন্মৰ
নৈ খন মৰি আহিছে
ভৰা মুখৰ নৈখন শুকাই আহিছে
দুখৰ বালিবোৰে পুতি পেলাইছে
জোনে গা ধোৱা
ৰূপালী ঘাট
নৈ খনিৰ মাজেৰে বাট এটা আছিল
সেই বাটেৰে এদিন কবি আহিছিল পানী কাটি কাটি
মুদৈ আহিছিল
কবিজনে চকুলো টুকিছিল
নৈ খনে এদিন শুকাই যোৱাৰ শোক চটিয়াই দিছিল
কবিৰ চকুৱে-মুখে
প্ৰেমৰ মৰিশালি এখন উখহি উঠিছে
নৈৰ বুকুত
শতৰুৱে বান্ধি পেলাৱা নৈ খন শুকাই আহিছে
মৰি আহিছে ক্ৰমশঃ নৈ খনিৰ পিছল যৌৱন
উভতি যোৱা বাটেৰে
উভতি যোৱা বাটেৰে তেওঁ বেলিটো সাঁচি নিয়ে
ৰাতি জোনৰ সতে
সলনি কৰি
এগাল নিমখ ভাতেৰে নিশ্বাস উৰুৱাই
পাঠ কৰে জীৱনৰ এখিলা-দুখিলা
বাঢ়ি অহা তাৰ
একেটি ল’ৰা-তাৰেই হাতত এছাৰিডাল
গুজি দি
দীঘল হুমুনিয়াহ এটা কাঢ়ি সি কয়
বোপা নেৰিবি নেৰিবি এইডালেই
পিতায়েৰৰ শেষ সম্বল
পানী
ভুল কৰিছো কিজানি-পানীৰ বাটত
পাতিছো গাঁও
গঢ়িছো চহৰ
পিতায়ে কৈছিল হাতীৰ বাটত নুৰুবি ধান
শিয়ালৰ বাটত নাপাতিবি
গঁৰাল
পানীয়ে বিচাৰি ফুৰে পানীৰ প্ৰেম
সেই বাবেই পানী বৈ যায়
পানীলৈ
আৰু মৃত্যু বৈ যায় মৃত্যুলৈ
প্ৰবচনে কয় জুইক ৰাখিব নোৱাৰি ঢাকি
নদীক ৰাখিব নোৱাৰি বান্ধি
বৃহৎ বান্ধবোৰৰ অপৰাধে এদিন পানীৰে পুতি পেলাব মানুহ
কেৱল পানীয়ে উটুৱাই নিব তোমাৰ মোৰ
শেষ নিশ্বাস কণো
গা-ধন
এইবেলি সি হাল মেলা কথা
দুবিঘা শালি
এবিঘা আহু
পোনাৰ মাকৰ গাত হেনো নতুন লেঠা
আঘোনতে গা পাতলিলে
সি সজা কথা
বাঁহনি জোপাৰ সমান মেজি
মাঘৰ দিনত সি নিজৰ এহালি কিনিব
অহাবেলি
তাৰ ডাঙৰ পোনাই হেনো ন-কৈ নাঙল পোনাব শিকিব
এইবোৰ ৰামধন কাইৰ কথা
তাক দুপইচাৰে হাত উজান দিওঁ-গজি উঠা তাৰ পোনা দুটিৰ
পাখিত তেল-পানী ছটিয়াওঁ
চৰাই ধুনীয়া পোনা দুটি হেনো
তাৰ গা-ধন
ফুলমনিয়ে পলাই আহোতে ল’গতে আনিছিল
বাপতি-সাহোন
চাংঘৰ
প্ৰেমেৰে নুৰিয়াই নুৰিয়াই গুঠিছা তোমাৰ চাংঘৰ
বিশ্বাসৰ পীৰাখনত বহুৱাই
এচলু এচলুকৈ ঢালি দিছা তোমাৰ কৃষ্টি
আত্মহাৰাত পাৰ ভাঙি যাওঁ যাওঁ
হৃদয়ৰ অলেখ ডঁৰিক-দিকচৌ
অসীম দিগ্বলয়ত হেৰাই যোৱা
জীৱন হেঙুলীয়া ডাৱৰবোৰ-তোমাৰ চাংঘৰত
সংগোপনে লিপিট খাই শুই আছে
তাৰেই পৰা বুটলি লওঁ
চিক্ মিকাই থকা বালিৰ মাজৰ ৰূপালী জোন
পাহৰি যোৱা খিনিৰ পৰাই আৰম্ভ কৰো কবিতা
অনুৰাগ প্ৰবল তোমাৰ এই চাংঘৰৰ বতাহ
সাঁচতীয়া টোমৰ মাগুৰি শালি যেন
তোমাৰ বুকুৰ
এই ভৈৰৱী স্পন্দন
চেনেহ
কিবা এটা বিচাৰি ফুৰিছে
পথাৰতো নাই
নৈ খনিতো নাই
বহুদিন বহুদিন আগতে
তোৰ কাপোৰ জাপৰ উমেৰে যে মোক টোপনিয়াই থৈছিলি
আই........
চিঠি
মেঘৰ সুৰুঙাৰে
ৰ’দৰ চিঠি
আহু ধান পকিছে হুৰাই দিওঁগৈ আহ
মমতাৰ চৰাই
প্ৰেমৰ হাতেৰে লালন কৰা
মোৰ ধান
নাখাবি নাখাবি-নিচিঙিবি কলিজাৰ ফুল
চৰাই জাকে জানে
চিঠিৰ খবৰ
সেই বাবেই উৰি উৰি জাননী বিলাই
সিহঁতৰ
চাং ঘৰ বান্ধিবৰ হ’ল.........
শৈশৱৰ এবুকু মিঠা
শৈশৱৰ এবুকু মিঠাৰে আমৰঙা বেলি এটা হৈ
টগ্ বগাই ফুৰো পথাৰে-নৈয়ে
গধূলিৰ বতাহ জাকত জী উঠা
বাঁহ জোপাৰ চৰ্ চৰণিটোৱে বোৱাই লৈ যায়
সেই দিনলৈ
সেই যে
বৰলৰ টোপ দিয়া কণমানি বৰশীৰ চিপ ডালেৰে
কাহানিও উঠি অহা নাছিল এটা সপোন
ৰৈ ৰৈ বাজি থকা বাঁহীৰ মাতত
বাবাজীয়ে নচুৱা সাপটোৰ দৰেই নাচিছিল
মাতাল দূপৰীয়াটো
সেই যে কানি মুনি এন্ধাৰত কল জোপোহাৰ মাজৰ পৰা বাজ
হোৱা ভূতটো
ভূত নাছিল,
মহহো খেদা ভালুকটোৰ জালিত ধৰি
পাক ঘূৰণি খাইছিল আতুৰ প্ৰাণটোৱে
সোঁৱৰণি মাথো সোঁৱৰণী
এবুকু মিঠা আমৰঙা
সুখৰ প্ৰস্তাৱ
সুখৰ প্ৰস্তাৱ লৈ এদিন তেওঁৰ ঘৰ পালোগৈ
হাতত মোৰ একো নাছিল
মাথো এহাতত এচলু প্ৰেম
আৰু বৰ্ণহীন পুৰণা কলিজাটো
বুকুৰ ভিতৰৰ উষ্ম স্তৱক এটা উলিয়াই
তেওঁৰ বুকুত
সুমুৱাই দিলোঁ
সম্ভাষণ যাচিবলৈ তেওঁৰ চাগে আছিল মাথো এটা হুমুনিয়াহ
পীৰাখন পাৰি তাতেই দিলে
কেঁচা তামোল
ৰঙা চাহ এবাতি
মাটিত ফুঁ-মাৰি বহি খবৰ ললে চৌধ পুৰুষৰ
নিদ্ৰাহীন ৰাতিৰ শোক গাঁথাৰ কথাৰে
শীৰ্ণতাই চেপি ধৰা
কপাল খনৰ ফাঁকেৰে তেওঁ দেখুৱালে মোক বিধ্বস্ত দিনৰ
ভূগোল
অন্য এক সুখৰ প্ৰস্তাৱলৈ উভতি আহিলোঁ
নিজৰ মাজতে - নিজৰ ভিতৰতে
ভনী
আতৰলৈ নাযাবি ভনী
বিমঙ্গলৰ চিন
আকাশৰ চিলনীৰ
তোলৈকেহে
চকু
তৰা ঘুমটি যাবি ৰাতি পৰে পৰে -
কাণ উনাই
ভাওনাৰ বচন শুন
সীতাৰ সৌন্দৰ্যত শাওপাত লাগিল
মুঠি মুঠি জোনাক তোৰ
চুটিকৈ নিচিলাবি কাপোৰ
ভাল খা
ভাল শুন
গোঁসাই ঘৰৰ চাকিটোৰ দৰে
জিলিকি থাক তই ভনী
পথাৰ
উত্তাপৰ প্ৰখৰতাত
ফাঁট মেলা ঘাঁ দোখৰ দেখিও নামি নাহে
মেঘ ৰঞ্জনী
আস্ মোৰ নাঙলৰ সীৰলুৰ
নিঃশব্দতাত
পিয়াহৰ যন্ত্ৰণা
হেঁপাহৰ শালি গোছাত জুই ফিৰিঙতিৰ গোন্ধ
কেনেকৈ যাওঁ
তোমাৰ কাষলৈ-বতাহত যে উৰি ফুৰিছে এতিয়া
খঙাল বতৰ
ওৰণি
ওৰণিখন গুচাই নলবা মল্লিকা
সীতাহৈ নাথাকিবা
ওৰণিখনে আৱৰি আছিল বাবেই
ছাঁটোহে দেখিছিল
তথাপি মাটিত অঁকা দহোটা পৰচৰ্চাই
সীতাক জাপি দিছিল
নৰক যন্ত্ৰণা
ওৰণিখন গুচাই নলবা
ওৰণি তলৰ কেঁচা জোনটোক
বেলিক চাবলৈ নিদিবা
ৰাধিকাৰ ওৰণিখন গুচাই নলবা মল্লিকা
প্ৰেমৰ শান্তি জান বান্ধোতে যে
তোমাৰ হাতৰ সুৰুঙাৰে
পাৰ হ’ব পানী
পাৰ হ’ব সময়
উৎসৱ
পথাৰত বৰষুণৰ বকুল
ল’ৰালিতে পিতায়ে জগাই দিছিল
উঠ পানীয়ে কাণ বাগৰিছে
সৰু কোৰখন ল’
পিতাইৰ পাছে পাছে নাঙলৰ সীৰলু বিচাৰি
চলাথ কৰিছিলো বসুমতী,
সপোনৰ সোন গুটিয়ে উজান দিছিল বুকুত
পিতাইৰ কপালত জিলিকি উঠিছিল
ক্ৰমে পকি অহা পুৱাৰ বেলিটো
আজি বৰষুণে হৃদয় উজাৰি চটিয়াইছে
তৰা ফুল
বাপুকণৰ আজি ন-গছাৰ দিন।
আলিৰ মূৰত শলিতা এগছি আৰু এটা হৰি ধ্বনি
পথাৰত আজি বকুল সৰিছে
উঠ সৰু পোণা আজি যে ন-গছাৰ দিন.........
জোৰোণ
উৰুলিৰ তলেৰে পাৰ হ’লো
আয়তীয়ে চটিওৱা সুৰৰ লেছেৰী গাঁথাত
আবেগৰ এক অচিন ঢৌ
ঢৌৰ সিপাৰে সাগৰ, ন-জীৱনৰ সাঁথৰ
কৃষ্ণ গোঁসাই আহিছে
ৰুক্মিণীৰ লাজত ৰাধা চূড়া ফুলিছে
গুণ-গুণণি, হৃদয়ৰ কথা বতৰা
গোপন প্ৰেম বোৰ আজি বা-মাৰলী হৈ উঠিছে
উৰুলিৰ তলেৰে পাৰ হ’লো
দীঘল সাঁকো এখনত উঠি
হৰি ধ্বনি এটা জুৰিলোঁ
অনৰ্থ
ভাল নলগা হৈ পৰে কেতিয়াবা
সুখ-দুখ
যুঁজি যুঁজি
ভাগৰি পৰে জীৱন
চিঞৰি চিঞৰি মাতিবলৈ মন যায়
অথচ চিঞৰো নাথাকে
বুকুত
ভগাই দিয়া হৃদয়খন কেতিয়াবা
নিজলৈকে নাথাকে
সৰি থকা চকুলোবোৰ কেতিয়াবা
জোকাৰিলেও নসৰে
শূন্যতাই ঘেৰি থাকে মাথো
আকালৰ ঘৰ
চোলা
মোহন কাইটিয়ে চোলাটো পিন্ধে
নহ'লে যে
কেট্-কেট্ কৈ কামিহাড় কেইডালে
ডিঙি মেলি চাই থাকে আকাশ
কাহানিবাই একুৰি টকাত ঘটা নিলামী চোলাটো
দিনক-দিনে
মলঙিছে, তথাপি পিন্ধে-শাওঁনৰ ৰ’দত
চিৰাল ফাট দিয়া মাটিৰ দৰে চিৰা-চিৰ হৈ পৰা চোলাটো
পিন্ধি
গোটেই ৰাতি ফুঁৱাই থাকে শীতৰ একুৰা জুই
অলেখ ফাগুণ ধুমুহা হৈ উৰি যায়
কামিহাড়ৰ ফাঁকেৰে সজীৱ হৈ উঠে নতুন সপোন
নতুন চোলা এটাৰ প্ৰস্তুতিত
নামি পৰে পথাৰ-নদী-অৰণ্যৰ কুণ্ডত
মোহন কাইটিৰ এখন চালি, ধোঁৱাই থকা এটা চৌকা
আৰু জ্বলো–নজ্বলো চাকিৰ পোহৰত
ক্ৰমশঃ তাৰ বিৱৰ্তনৰ চাকনৈয়া
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।